প্ৰধানমন্ত্ৰী মোদীয়ে ২৮ মে'ত নতুন সংসদ ভৱন উদ্বোধন কৰিব

Story by  atv | Posted by   Imtiaz Ahmed • 11 Months ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদৰ আসন ব্যৱস্থা পৰিদৰ্শন কৰিছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদৰ আসন ব্যৱস্থা পৰিদৰ্শন কৰিছে
নতুন দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে’ত নতুনকৈ নিৰ্মিত সংসদ ভৱন উদ্বোধন কৰিব বুলি আজি লোকসভা সচিবালয়ে এক বিবৃতিত প্ৰকাশ কৰে। নতুন লোকসভা ভৱনত ৮৮৮ জন সদস্য বহিব পৰা যাব বুলি জানিবলৈ দিয়ে। বৰ্তমানৰ লোকসভা ভৱনত প্ৰায় ৫৪৩ জন সদস্য আৰু ৰাজ্যসভা ভৱনত ২৫০ জন সদস্য বহিব পাৰে।
 

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰি নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনায়। অট্টালিকাটোৰ নিৰ্মাণ এতিয়া সম্পূৰ্ণ হৈছে আৰু ই স্বাৱলম্বী ভাৰত বা "আতমনিৰ্ভৰ ভাৰত"ৰ মনোভাৱৰ প্ৰতীক।

বৰ্তমানৰ সংসদ ভৱনটো ১৯২৭ চনত নিৰ্মাণ কৰা হৈছিল, যিটো এতিয়া প্ৰায় ১০০ বছৰ পুৰণি হ’বলৈ গৈ আছে। বৰ্তমানৰ প্ৰয়োজনীয়তা অনুসৰি ঠাইৰ অভাৱ অনুভৱ কৰা হৈছে বুলি লোকসভা সচিবালয়ে প্ৰকাশ কৰে।

দুয়োটা সদনত সাংসদ বহিবলৈ সুবিধাজনক ব্যৱস্থাৰ অভাৱো দেখা যায়, যাৰ ফলত তেওঁলোকৰ কাম-কাজ প্ৰভাৱিত হয়।

২০২০ চনৰ ডিচেম্বৰ মাহত প্ৰধানমন্ত্ৰী মোদীয়ে নতুন ভৱনটোৰ ভেটি স্থাপন কৰিছিল। নৱ নিৰ্মিত সংসদ ভৱনটো গুণগত মানৰ সৈতে অভিলেখ সময়ত নিৰ্মাণ কৰা হৈছে বুলি লোকসভা সচিবালয়ৰ বিবৃতিটোত উল্লেখ কৰা হৈছে।

নতুন সংসদ ভৱনটো অত্যাধুনিক সা-সুবিধাৰে সজ্জিত কৰা হৈছে, যাৰ ফলত সদস্যসকলে নিজৰ কৰ্তব্যসমূহ উন্নত পদ্ধতিৰে পালন কৰাত সহায় হ'ব বুলি লোকসভা সচিবালয়ে জানিবলৈ দিয়ে।

নতুন ভৱনত ৩০০ সদস্য ৰাজ্যসভাত বহিব পাৰিব। ১২৮০ জন সাংসদ বহিব পৰা লোকসভা চেম্বাৰত অনুষ্ঠিত হ’ব সংসদৰ যুটীয়া অধিৱেশন।

টাটা প্ৰজেক্টছ লিমিটেডৰ দ্বাৰা নিৰ্মাণ কৰা নতুন সংসদ ভৱনটোত ভাৰতৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে এক বিশাল সংবিধান গৃহ, সংসদৰ সদস্যসকলৰ বাবে এটা লাউঞ্জ, এটা পুথিভঁৰাল, একাধিক সমিতিৰ কোঠা, খোৱা ঠাই আৰু পৰ্যাপ্ত পাৰ্কিং স্থান আছে। নতুন সংসদত, লোকসভা আৰু ৰাজ্যসভা দুয়োটাৰ মাৰ্শ্বেলসকলৰ এটা নতুন পোছাক বিধি থাকিব।

আগতে খবৰ পোৱা গৈছিল যে নতুন ভৱনটো উদ্বোধন কৰিবলৈ মোডী চৰকাৰৰ নৱম বাৰ্ষিকীত এক বিশাল অনুষ্ঠানৰ পৰিকল্পনা কৰা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ন বছৰ পূৰ্বে ২৬ মে, ২০১৪ তাৰিখে শপত গ্ৰহণ কৰিছিল।