ৰঙালী বিহু আৰু জাতীয় সমন্বয়

Story by  atv | Posted by  Munni Begum • 14 d ago
অসমীয়াৰ হিয়াৰ উৎসৱ ৰঙালী বিহুৰ গছতলৰ বিহু
অসমীয়াৰ হিয়াৰ উৎসৱ ৰঙালী বিহুৰ গছতলৰ বিহু
 
ইছমাইল হোছেইন
 
বিহু অসমৰ জাতীয় উত্‍সৱ। জাতি বুলি ক'লে ভাষা, সংস্কৃতি, ভৌগোলিক অৱস্থান, অৰ্থনীতি আদিক কেন্দ্ৰ কৰি এক বৃহত্‍ জনসমষ্টিক বুজায়। অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত তেনে জনসমষ্টিৰ অনেক ক্ষুদ্ৰ ক্ষুদ্ৰ গোট আছে, যিবোৰ গোট নৃগোষ্ঠীয়, ধৰ্মীয় আৰু ভাষাগতভাৱে বিভক্ত;কিন্তু অসমীয়া ভাষা আৰু সংস্কৃতিকেন্দ্ৰিক উমৈহতীয়া প্ৰশ্নত একত্ৰ। এই একত্ৰ গোট-যিসকল বিভিন্ন ধৰ্ম বা বৰ্ণত বিভক্ত হ'লেও জাতি বা জাতীয়তাৰ প্ৰশ্নত এক, তেওঁলোকৰ বাবেই বিহু হ'ল জাতীয় উত্‍সৱ।
 
ৰঙালী বিহু বা বহাগ বিহু, ভোগালী বিহু বা মাঘ বিহু, কঙালী বিহু বা কাতি বিহু-এই তিনিওটা জাতীয় উত্‍সৱৰ মাজৰ ৰঙালী বিহুৱেই হ'ল সবাতোকৈ গুৰুত্বপূৰ্ণ আৰু জাতীয় ঐতিহ্য প্ৰকাশক জাতীয় উত্‍সৱ-য'ত সৰ্বস্তৰৰ অসমবাসী একেলগ হয়, একেলগে বিহুৰ আয়োজন কৰে, বিহুৰ মাজেৰে নতুনক আদৰে। 
 
ৰঙালী বিহুৰ পৰম্পৰাগত আৰু পৰিৱেশনগত দুটা দিশ আছে যদিও সৰ্বস্তৰৰ লোকক আকোঁৱালি ল'ব পৰা দিশটো হৈছে বিহুৰ পৰিৱেশন। অৰ্থাত্‍ বিহুতলীৰ মুকলি বিহু, মঞ্চ বিহুৰ বিহুনাচ, বিভিন্ন ধৰণৰ বসন্তকেন্দ্ৰিক লোক-সংস্কৃতিক প্ৰদৰ্শন আদিৰ মাজেৰে সৰ্বস্তৰৰ লোকে এক মানসিক আৰু সামাজিক সম্পৰ্ক বিচাৰি পায়, যাক আমি জাতীয় সমন্বয়ৰ আধাৰ হিচাপে গ্ৰহণ কৰিব পাৰোঁ।
 
বিহু হুঁচৰি
 
মুকলি বিহু, মঞ্চবিহু আদিৰ মাজেৰে পৰিৱেশ্য কলা প্ৰকাশ কৰা হয় যদিও তাত মূলতঃ সৌন্দৰ্য আৰু বৈচিত্ৰতাৰ প্ৰতিফলন ঘটা দেখা যায়। এইবোৰ পৰিৱেশন কৰিবলৈ যাওঁতে বিহুনাম গোৱাটো অপৰিহাৰ্য। সেয়ে, ৰঙালী বিহুৰ মূল উদ্দেশ্যৰ কথা নাচ আৰু বাদ্যৰ সৈতে পৰিৱেশন কৰা বিহুনামৰ মাজত বিচাৰি পোৱা যায়, যিবোৰে জাতীয় সমন্বয়ৰ সুঁতিটোক গতিশীল কৰি তোলে।
 
বিহুনামৰ বিভিন্ন ভাগ আছে, যেনে-হুঁচৰি নাম, জাতনাম, গোতি নাম, জোঙলা নাম, জোৰানাম আদি। এই নামবোৰ মূলতঃ প্ৰকৃতি, পথাৰ, নদী, গছ-গছনি, ফল-ফুল, নাৰী-সৌন্দৰ্য, ঠাই-ঐতিহ্য আদিকেন্দ্ৰিক। তাৰে মাজতে বিহুনামে কয় সমন্বয়ৰ কথা, জাত-পাত বিৰোধী কথা, ঐতিহ্য আৰু সংস্কৃতিৰ কথা। এই কামৰ আৰম্ভণি ঘটে মুকলি বিহু বা মঞ্চবিহুৰ যোজনাৰ মাজেৰে। যেনেঃ-
 
"লুইতৰ চাপৰিত বাহিয়ে জুৰিলে
ফুলিলে বাবৰি ফুল,
আই অসমীয়ে সবাকো আদৰে
নিবিচাৰে জাতি-কূল।"
 
ফাট বিহু
 
বিহুৱে পাহাৰ আৰু ভৈয়ামৰ মিলন সেঁতু গঢ়ে। বৰলুইত অৰ্থাত্‍ ব্ৰহ্মপুত্ৰই এই সেঁতুৰ ভূমিকা পালন কৰে। বিহু নামৰ যোজনাই সেই কথা সোঁৱৰাই দি বিহুৱাই যোজনাৰ সুৰত গায়-

"পাহাৰো আমাৰে ভৈয়ামো আমাৰে
বৰলুইত মিলনৰ সাঁকো,
অতিকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকোঁ।"
 
জাত-পাতত বিভক্ত যিকোনো সমাজৰ বাবে বিহু এক প্ৰত্যাহান। কাৰণ, ৰঙালী বিহুৱে জাত-পাতৰ বিচাৰত গুৰুত্ব নিদি মনৰ মিলন, সামাজিক সদ্ভাৱনা আৰু ঐক্য-সংহতিত গুৰুত্ব দিয়ে। সেইবাবেই বিহুৱা-বিহুৱতীৰ কণ্ঠত জাত-পাত বিৰোধী বিহুনামৰ সুৰ বাদি উঠে। যেনেঃ-

চ'তে গৈয়ে গৈয়ে বহাগে পালেহি
ফুলিলে বাবৰি ফুল,
তোমাৰে লগতে মৰো যদি মৰিম মই
এৰি যাম নিজৰে কুল।
ধনশিৰি দলংখন বান্ধিলে চেনাইকণ
লোহাৰে শলখা মাৰি,
আমাকে ভেটিলে সমাজৰ বান্ধোনে
দুটি দেহা দুফাল কৰি। 
জাজী নৈক ভেটিলে জেঙে ঐ জাবৰে
লুইতক ভেটিছে কোনে,
আমাক ভেটিছে সমাজৰ বান্ধোনে
মনকনো ভেটিব কোনে। 
তোমালৈ চাওঁতে জপনা ডেওতে
বিন্ধিলে অঘৈয়া শূলে,
তোমাৰ মনে গ'লে মোৰো মনে গ'লে
কি কৰিব কলিতা কুলে।
 
জেং বিহু
 
এইদৰেই বিহুতলীত বিহুনামেৰে প্ৰত্যাহ্বান জনাই বিহুৱা-বিহুৱতীসকলে জাত-পাত আৰু ধৰ্মীয় বিভাজন নেওচি মিলিত হয়, সুখৰ সংসাৰ গঢ়াৰ সপোন দেখে। অসমৰ বিহুতলীসমূহত এনেদৰে বিহুৱা-বিহুৱতীয়ে বা ঢুলীয়া আৰু নাচনীয়ে বিহুনাম গাই, ঢোল বজাই, নাচি নাচি আপোন পাহৰা হৈ পলাই গুছি গৈ সংসাৰ পতাৰ অনেক নিদৰ্শন আছে। 
 
এনে নিদৰ্শনে বিহুৰ মাজেৰে সামাজিক সংহতিৰ বাট চিকূণ কৰাত সহায় কৰে। 
জাত-পাতৰ বিভাজন নেওচি বিহুৱা-বিহুৱতীয়ে জনোৱা আহ্বানে ভিন্ন কুলক এটা কুলত পৰিণত কৰে। বিহুৱাই বিহুৱতীক উদ্দেশ্য কৰি গায়-

"তোমাৰ কটা তামোল নেখাওঁ মই লাহৰী
আমাৰনো মাৰিব কুল,
অজাতি নহ'লো বিজাতি নহ'লো
তোমাৰ আমাৰ একেটি কুল।" 
"তুমিও আমাৰে আমিও তোমাৰে
একেটা শৰীৰৰ কায়,
কিনো ঐ বিধাতাই তোমাক মোক সাজিলে
আমাৰ যে ভিন-পৰ নাই।"
 
মৰাণ বিহু
 
ৰঙালী বিহুৰ দুই-চাৰিটা বিহুনামত সৰস্বতী, পাৰ্বতী, ৰাম, কৃষ্ণ আদি ধৰ্মীয় নামৰ কথা পোৱা যায় যদিও এইবোৰ মূলতঃ প্ৰক্ষেপিত বা আশীৰ্বাদসূচক পৰ্বসমূহত পৰিৱেশিত। পিছে দুই-চাৰিটাই বিহুনাম বাদ দিলে শতকৰা ৯৯ ভাগ বিহুনামেই সামূহিক ভাৱনাক প্ৰতিনিধিত্ব কৰে। যেনেঃ-

"তগৰো ফুলিলে নাহৰো ফুলিলে
বিৰিখে সলালে পাত,
আমাৰনো দেশতে ন-ফুল ফুলিলে
মানুহৰ একেটি জাত।"
 
'মানুহৰ একেটি জাত'-এনেধৰণৰ ভাৱনাই যুগ যুগ ধৰি ৰঙালী বিহুক সমন্বয়ৰ উত্‍সৱৰ চৰিত্ৰ প্ৰদান কৰি আহিছে। সেইবাবে অসমৰ প্ৰতিটো স্থায়ী বাসিন্দাৰ নাগৰিকসকলৰ বাবে ৰঙালী বিহু জাতীয় সমন্বয়ৰ উত্‍সৱ। এই উত্‍সৱত কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, কোন বৌদ্ধ, কোন জনজাতি, কোন অজনজাতি-এনেবোৰ পৰিচয় মূল্যহীন হৈ পৰে;সকলোৰে পৰিচয় সামূহিক হৈ পৰে আৰু সেই সামূহিক পৰিচয়ৰ নামেই হ'ল অসমীয়া, য'ত বিহু হৈছে তাৰ মূল ভিত্তি। 
 
(লেখক যোৰহাটৰ প্ৰিন্স অৱ ৱেলছ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন'ল'জীৰ জেষ্ঠ প্ৰবক্তা)