২৬ নৱেম্বৰৰপৰা ১৩দিনীয়া কাৰ্যসূচীৰে নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
১৩দিনীয়া কাৰ্যসূচীৰে অহা ২৬ নৱেম্বৰৰপৰা নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। সমন্বয়, ঐতিহ্য আৰু কৃষ্ণ সংস্কৃতিৰ পুণ্যতীর্থ শ্ৰীশ্ৰী হৰিমন্দিৰৰ উদ্যোগত ১৯৩৩ চনৰপৰা নিৰৱচ্ছিনভাৱে উদযাপিত হৈ আহিছে নলবাৰী ৰাস মহোৎসৱ। আধ্যাত্মিক আৰু সামাজিক সাংস্কৃতিক প্রেক্ষাপটত সু-সংহতভাৱে উদযাপন কৰি অহা উত্তৰ- পূৰ্বাঞ্চলৰ সনাতনী সংস্কৃতিৰ অন্যতম ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ ৰাস মহোৎসৱ ২৬ নৱেম্বৰৰপৰা ৮ ডিচেম্বৰলৈ উদ্‌যাপন কৰা হ'ব। 
 
এইবেলি ৯০ সংখ্যক ৰাস মহোৎসৱত বিভিন্ন ষ্টলত ভগৱান শ্ৰীকৃষ্ণ জন্মৰপৰা মহাপ্রয়াণলৈ মৃণ্ময় মূর্তিসমূহ ক্রমশঃ উপস্থাপন কৰা হ'ব। এইবাৰৰ ৰাস মহোৎসৱত প্ৰথমবাৰৰ বাবে নলবাৰীৰ লোক শিল্প পুতলা নাচৰদ্বাৰা ৰাস প্ৰদৰ্শন কৰা হ'ব। ৰাস উদযাপন সমিতিয়ে প্ৰকাশ কৰা কাৰ্যসূচী অনুসৰি ২৬ নৱেম্বৰত পুৱা ৯ বজাত শ্ৰীশ্ৰী হৰিমন্দিৰৰ পতাকা উত্তোলন কৰিব নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি জয়ন্তমল্ল বৰুৱাই।
 
ৰাস মহোৎসৱৰ শুভ উদ্বোধন কৰিব জগতগুৰু শংকৰাচাৰ্য স্বামী শ্রীঅধোক্ষজানন্দ দেৱ তীৰ্থ মহাৰাজে। উদ্বোধনী সভা সঞ্চালনা কৰিব ৰাস মহোৎসৱৰ সভাপতি জয়ন্তমল্ল বৰুৱাই। মুখ্য অতিথি হিচাপে থাকিব জনপ্রিয় ধাৰাবাহিক মহাভাৰতৰ শ্রীকৃষ্ণখ্যাত বিশিষ্ট অভিনেতা, প্রাক্তন সাংসদ নীতীশ ভৰদ্বাজে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিত্তমন্ত্রী অজন্তা নেওগ, বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ দিলীপ শইকীয়া, সাংসদ কুইন ওজা, গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা৷ 
 
ৰাস মহোৎসৱৰ দ্বিতীয় দিনা পুৱা দিহানাম আৰু লোকগীত প্রতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া ‘নলবেৰীয়া হাট' উদ্বোধন কৰিব মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে। বাণিজ্য মেলা উদ্বোধন কৰিব মন্ত্রী বিমল বৰাই। সন্ধিয়া অখণ্ড ভাৰত পৰিক্ৰমা আৰু ভাৰতীয় উজ্জ্বল জ্ঞান পৰম্পৰা প্ৰদৰ্শনী উদ্বোধন কৰিব বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে। পুতলা নাচৰ ৰাস উদ্বোধন কৰিব বিশিষ্ট সাংবাদিক অতনু ভূঞাই। সন্ধিয়া ৭ বজাত হৰিমন্দিৰ প্ৰাংগনত ‘অসম গ্ৰন্থমেলা' নলবাৰী উদ্বোধন কৰিব অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাংবাদিক প্রশান্ত ৰাজগুৰুই। নিশা সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই। 
 
২৮ নৱেম্বৰত ৰচনা প্ৰতিযোগিতা আৰু দিহানাম প্ৰতিযোগিতা। বিয়লি কৃষ্ণ প্রতিযোগিতা। সন্ধিয়া নলবেইৰা কবি সন্মিলন অনুষ্ঠিত হ'ব। ২৯ নৱেম্বৰত আবেলি আলোচনা সত্ৰৰ বিষয় 'কুমাৰ ভাস্কৰ বৰ্মা গৌৰৱগাথা আৰু সমকালীন ভাৰতবৰ্ষ’ উদ্বোধন কৰিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ক্ষেত্র সংঘ চালক ডাঃ উমেশ চক্ৰৱৰ্তীয়ে। সন্ধিয়া নাগাৰা নাম প্রতিযোগিতা অনুষ্ঠিত হ'ব। নিশা দৰঙী কলা কৃষ্টি প্ৰদৰ্শন কৰা হ'ব। 
 
৩০ নৱেম্বৰৰ পুৱা চিত্রাংকন প্রতিযোগিতা। দুপৰীয়া ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত আলোচনা সত্র ‘লোক কথা আৰু লোক সাহিত্যত শ্ৰীকৃষ্ণ' অনুষ্ঠিত হ'ব। উদ্বোধন কৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ডঃ বিৰিঞ্চি কুমাৰ দাসে। সঞ্চালনা কৰিব সহযোগী অধ্যাপক ডঃ বিনীতা বৰা দেৱ চৌধুৰীয়ে। বিয়লি প্ৰৱাসী নলবৰীয়াৰ অন্তৰংগ আলাপ। সন্ধিয়া দিহানামৰ চূড়ান্ত প্রতিযোগিতা অনুষ্ঠিত হ'ব। 
 
১ ডিচেম্বৰত আবেলি গ্রন্থমেলাত লেখক আৰু প্ৰকাশকৰ আলাপ অনুষ্ঠিত হ'ব। সন্ধিয়া ৰাস মধুম ‘জীৱন্ত ৰাস' উদ্বোধন কৰিব বিশিষ্ট অভিনেত্রী আইমী বৰুৱাই। নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। দুই ডিচেম্বৰৰ সন্ধিয়া ৰাস মধুম ‘জীৱন্ত ৰাস' উদ্বোধন কৰিব বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে। ৩ ডিচেম্বৰত মহিলা শিল্পীৰদ্বাৰা পৰিবেশিত ভাওনা ‘শকুনিৰ প্ৰতিশোধ' উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদর্শন ঠাকুৰে। ৰাস মহোৎসৱৰ সামৰণিৰ দিনা ৮ ডিচেম্বৰত সন্ধিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ বঁটা ঘোষণা অনুষ্ঠান। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰিব অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকা আৰু নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই।