শান্তিনিকেতনে স্বীকৃতি পালে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
শান্তিনিকেতনে স্বীকৃতি পালে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ
শান্তিনিকেতনে স্বীকৃতি পালে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ
 
নতুন দিল্লী
 
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৃষ্টিৰাজিৰ থল তথা তেওঁৰ সপোনৰ ‘বিশ্বভাৰতী’ক আৱৰি ৰখা শান্তিনিকেতনে লাভ কৰিলে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি।
 
 
ইউনেস্ক’ৱে ছ’চিয়েল মিডিয়া ‘এক্স’ত আজি আনুষ্ঠানিকভাৱে এই স্বীকৃতিৰ কথা প্ৰকাশ কৰিছে। পশ্চিমবংগৰ বীৰভূম জিলাত থকা এই সাংস্কৃতিক ভূমিলৈ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ বাবে ২০০৯ চনৰ পৰাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহা হৈছিল যদিও কাৰ্যতঃ এয়া সম্ভৱ হৈ উঠা নাছিল ৷ 
 
ছৌদি আৰবত অনুষ্ঠিত বিশ্ব ঐতিহ্য কমিটীৰ ৪৫ সংখ্যক অধিৱেশনত শান্তি নিকেতনলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। শান্তিনিকেতনে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ সম্ভাৱনাৰ কথা কেন্দ্রীয় সাংস্কৃতিক মন্ত্রী জি কিষাণ ৰেড্ডীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তীত প্ৰকাশ কৰিছিল । 
 
আন্তঃৰাষ্ট্ৰীয় পৰামৰ্শদাতা সংস্থা “ ইকোমছ’-এ কেইমাহমান পূর্বে শান্তি নিকেতনক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে অনুমোদন জনাইছিল। উল্লেখযোগ্য যে বিশ্ববিদ্যালয় নগৰ শান্তিনিকেতন কলকাতাৰপৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰৈত অৱস্থিত। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ মহর্ষি হিচাপে খ্যাত দেৱেন্দ্ৰ নাথ ঠাকুৰে শান্তি নিকেতনক আশ্রম হিচাপে গঢ়ি তুলিছিল । ইয়াতেই জীৱনৰ অধিক সময় অতিবাহিত কৰি কবিগুৰুৱে তেওঁৰ সৃষ্টিৰ ভঁৰাল টনকিয়াল কৰিছিল। শান্তি নিকেতনতেই দেশৰ সন্মানীয় বিশ্ববিদ্যালয় বিশ্বভাৰতী গঢ়ি তুলিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে। 
 
১৯৫১ চনত এই বিশ্ববিদ্যালয়খনক কেন্দ্রীয় বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি দিয়া হৈছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই স্বীকৃতি প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি মন্তব্য কৰিছে।