প্ৰথমবাৰৰ বাবে আগ্ৰা ফ'ৰ্টত উদযাপন হ’ব শিৱাজীৰ জন্মদিন

Story by  atv | Posted by  [email protected] • 1 Years ago
আগ্ৰা ফ'ৰ্ট
আগ্ৰা ফ'ৰ্ট
 
মুম্বাই

প্ৰথমবাৰৰ বাবে ছাত্ৰপতি শিৱাজী মহাৰাজৰ ৩৯৩ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰা হ'ব আগ্ৰা ফ'ৰ্টৰ 'দিৱান-এ-আম'ত।
 
মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে কেইবাটাও সামাজিক সংগঠনে বছৰ বছৰ ধৰি কৰা প্ৰচেষ্টাৰ পিছত উত্তৰ প্ৰদেশ চৰকাৰে আগ্ৰা ফ'ৰ্টত শিৱ জয়ন্তী উদযাপনৰ অনুমতি প্ৰদান কৰিছে।
 
বহু সামাজিক গোষ্ঠীয়ে আগ্ৰা ফ'ৰ্টৰ ‘দিৱান-এ-আম’ত এই অনুষ্ঠানটোৰ কথা উল্লেখ  কৰি উদযাপন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও ঐতিহ্যমণ্ডিত স্মৃতিসৌধ চোৱাচিতা কৰা ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ সংস্থাই এই আহ্বান নাকচ কৰে।
 
পিছত তেওঁলোকে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰস্তাৱ আগবঢ়ায়, য’ত মহাৰাষ্ট্ৰ চৰকাৰ সহ-আয়োজক হিচাপে জড়িত হ’লে উদযাপনৰ অনুমতি দিবলৈ এ এছ আইক নিৰ্দেশ দিয়ে।
 
সেই অনুসৰি মুখ্যমন্ত্রী একনাথ শিন্দে, উপ-মুখ্যমন্ত্রী দেৱেন্দ্র ফডনৱীছে এ এছ আই আৰু অন্যান্য কর্তৃপক্ষলৈ লিখিছে যে ৰাজ্য চৰকাৰেও একাংশ সামাজিক গোষ্ঠীৰ সৈতে এই অনুষ্ঠানৰ সৈতে জড়িত হ’ব৷
 
২০২০ চনৰ ছেপ্টেম্বৰ মাহত ইউ পিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ফ'ৰ্টটোত থকা মোগল সংগ্ৰহালয়ৰ নাম সলনি কৰি ‘ছাত্ৰপতি শিৱাজী মহাৰাজ সংগ্ৰহালয়’ ৰখাৰ সিদ্ধান্ত লৈছিল।
 
দীৰ্ঘদিন ধৰি সংঘৰ্ষ হৈ থকা মোগল আৰু মাৰাঠা সাম্ৰাজ্যৰ ইতিহাসত আগ্ৰা দুৰ্গৰ বিশেষ তাৎপৰ্য আছে।
 
১৬৬৬ চনৰ গ্ৰীষ্মকালতেই মাৰাঠা ৰজা শিৱাজীক আগ্ৰাৰ ৰাজদৰবাৰত ৫০ বছৰীয়া জন্মদিন উদযাপনত অংশগ্ৰহণ কৰিবলৈ মোগল সম্ৰাট ঔৰংজেবে আমন্ত্ৰণ জনাইছিল।
 
১৬৬৬ চনৰ ১২ মে’ত পুত্ৰ ৰাজকুমাৰ সম্ভাজীৰ সৈতে শিৱাজীয়ে জন্মদিনৰ উপলক্ষে আগ্ৰাত উপস্থিত হয় আৰু প্ৰতাৰণামূলক কাৰ্য্যত এই যুটিটোক সম্ৰাট ঔৰংজেবৰ সৈন্যই বন্দী কৰি ৰাখে।
 
তেওঁৰ নিষ্ঠাবান সৈনিকৰ দলটোৰ সৈতে শিৱাজী আৰু সম্ভাজীয়ে প্ৰায় তিনিমাহ ধৰি বন্দী হৈ থকাৰ পিছত ১৬৬৬ চনৰ ১৭ আগষ্টত মিঠাইৰ বাকচত সুমাই সাহসেৰে পলায়ন কৰে।
 
সেই বিখ্যাত পলায়ন কাৰ্য্যটো আছিল কিংবদন্তি আৰু লোককথাৰ বস্তু যিটো আজিও সতেজ হৈ আছে, আনহাতে বীৰ মাৰাঠা নেতাজনক ১৬৭৪ চনত, ৰায়গদত ছাত্ৰপতি শিৱাজী মহাৰাজ হিচাপে মুকুট পিন্ধোৱা হৈছিল।