পাকিস্তানৰ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ আৰু নিযুক্তি কেন্দ্ৰ মুৰিডকেৰ মাৰ্কাজ তৈবাৰ ধ্বংসাৱশেষ
আতিৰ খান
যি সময়ত ছৌদি আৰবকে ধৰি সমগ্ৰ বিশ্বতে ৱাহাবী মতাদৰ্শৰ ওপৰত ভিত্তি কৰি সন্ত্ৰাসবাদী নেটৱৰ্ক বন্ধ হৈ আছে, সেই সময়ত পাকিস্তানৰ তিনিটা ডাঙৰ সন্ত্ৰাসবাদী কেন্দ্ৰই এতিয়াও মুকলিকৈ কাম কৰি আছিল। এই কেন্দ্ৰসমূহ হ’ল-বাহাৱালপুৰ, মুৰিডকে আৰু শিয়ালকোট। এই স্থানসমূহ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ আৰু নিযুক্তিৰ বাবে জনাজাত। শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তানৰ এই সন্ত্ৰাসবাদী শিবিৰসমূহ ভাৰতৰ প্ৰত্যাক্ৰমণৰ পোনপটীয়া লক্ষ্য হৈ পৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূৰ্বে ব্যাখ্যা কৰা স্পষ্ট কৌশল অনুসৰণ কৰি ভাৰতে দ্ৰুত আৰু সতৰ্কতাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এই কৌশলৰ তিনিটা মূল দিশে হৈছেঃ ভাৰতত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি শক্তিশালী আৰু ক্ষীপ্ৰ সঁহাৰি। ভাৰতৰ পদক্ষেপৰ পৰা হাত সাৰিবলৈ পাকিস্তানে ব্যৱহাৰ কৰা পাৰমাণৱিক ভাবুকিৰ অন্ত। সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকৰ মাজত কোনো পাৰ্থক্য নাই—সীমান্তৰ সিপাৰ থাকিলেও তেওঁলোকক লক্ষ্য কৰি লোৱা হ’ব।
দেশবাসীক সম্বোধন কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এয়া যুদ্ধৰ সময় নহয়, কিন্তু এয়া সন্ত্ৰাসবাদৰো সময় হ’ব নোৱাৰে। তেওঁ লগতে কয়, “তেজ আৰু পানী একেলগে বৈ থাকিব নোৱাৰে।” অৰ্থাৎ ভাৰতে সীমান্তৰ সীপাৰৰ পৰা হৈ থকা সন্ত্ৰাসক আৰু আওকাণ নকৰে।
ভাৰতৰ আক্ৰমণত তচনচ পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰ
বাহাৱালপুৰ, মুৰিডকে, আৰু ছিয়ালকোটত আঘাত কৰাৰ ভাৰতৰ সিদ্ধান্ত সামৰিক আৰু কূটনৈতিক দুয়োটা দিশতে সফল আছিল। বহু দেশেই ভাৰতৰ এই কাৰ্যক বুজি পাইছিল আৰু সমৰ্থন কৰিছিল কাৰণ তেওঁলোকেও সন্ত্ৰাসবাদৰ সন্মুখীন হৈছে। ইয়াৰ ভিতৰত অন্যতম পদক্ষেপসমূহ হৈছেঃ পাকিস্তানৰ ভিতৰত সন্ত্ৰাসবাদী ভাবুকিৰ বিৰুদ্ধে ইৰাণৰ কাৰ্য্য, হাউথীৰ ওপৰত ছৌদি আৰবে আক্ৰমণ, পাকিস্তানত ওছামা বিন লাডেনক হত্যা কৰা আমেৰিকাৰ মিছন।
পাকিস্তানৰ ভিতৰৰ গভীৰতম ঠাইবোৰত আক্ৰমণ কৰি ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী নিৰাপদ বুলি প্ৰচলিত ধাৰণাটো ভাঙি পেলালে। এই সফলতা সম্ভৱ হৈছিল ভাৰতৰ শক্তিশালী নেতৃত্বৰ বাবেই। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে এই ৰণনীতি যুগুত কৰে। ইয়াক চূড়ান্ত অনুমোদন দি প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদী ঘাটিসমূহক “সন্ত্ৰাসবাদৰ বিশ্বব্যাপী বিশ্ববিদ্যালয়” বুলি অভিহিত কৰে।
সীমান্তত স্বাভাৱিক সামৰিক যুদ্ধৰ আশা কৰিছিল পাকিস্তানে। কিন্তু ভাৰতে স্মাৰ্ট প্লেনিং ব্যৱহাৰ কৰি ২০২৫ চনৰ ৬ মে’ৰ নিশা বিমান আক্ৰমণ চলাইছিল। এই নিখুঁত আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতে অসামৰিক অঞ্চল বা নিয়মীয়া সামৰিক ঘাটিত আঘাত কৰা নাছিল, কেৱল ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সন্ত্ৰাসবাদী শিবিৰতহে আঘাত কৰিছিল।
সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা কাশ্মীৰক সুৰক্ষা দিছে ভাৰতীয় সেনাই
বাহাৱালপুৰ, মুৰিডকে, আৰু শিয়ালকোটক ভাৰতে আক্ৰমণৰ লক্ষ্য কৰি লয়, যিবোৰ লস্কৰ-ই-তৈবা, জৈছ-ই-মহম্মদ, হিজবুল মুজাহিদিনৰ আৱাসস্থান আৰু প্ৰশিক্ষণ শিবিৰৰ বাবে জনাজাত। এই সন্ত্ৰাসবাদী গোটসমূহক ৰাষ্ট্ৰসংঘই নিষিদ্ধ কৰিছে।
উদাহৰণস্বৰূপে, লস্কৰ-ই-তৈবাৰ মুখ্য কাৰ্যালয়, মুৰিডকে কমপ্লেক্সটো ৮২ একৰ মাটিত বিস্তৃত। ইয়াৰ ভিতৰত আছে: এখন ধৰ্মীয় বিদ্যালয় (মাদ্ৰাছা), গৃহ আৰু বজাৰ, প্ৰশিক্ষণ ক্ষেত্ৰ, এখন মীন পাম। এই সকলোবোৰ উগ্ৰবাদ আৰু সন্ত্ৰাসবাদী প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে।
ভাৰতত সংঘটিত বহু সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত এই স্থানসমূহৰ সৈতে সম্পৰ্ক থকা দেখা গৈছে। ভাৰতৰ এই শক্তিশালী প্ৰত্যুত্তৰৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ড্ৰোন ব্যৱহাৰ কৰি শ্ৰীনগৰৰ পৰা ভুজলৈকে ভাৰতীয় অসামৰিক অঞ্চল—যেনে স্কুল, ধৰ্মীয় স্থান, ৰাজহুৱা স্থানত আক্ৰমণ কৰে।
ইয়াৰদ্বাৰা ভাৰতে তিনিটা পৰ্যায়ত নিজৰ শক্তি প্ৰমাণ কৰিবলৈ সক্ষম হয়। সেয়া হৈছেঃ সন্ত্ৰাসবাদী কেন্দ্ৰ ধ্বংস কৰা, লাহোৰৰ দৰে চহৰত আঘাত কৰা, গুৰুত্বপূৰ্ণ বিমানঘাটিসমূহক লক্ষ্য কৰি লোৱা। ভাৰতৰ এই নিখুঁত আক্ৰমণৰ ফলত পাকিস্তানত উদ্বিগ্নতা আৰু সামৰিক ক্ষতি দুয়োটাৰ সৃষ্টি হয়।
লস্কৰ-ই-তৈবাৰ কেডাৰক প্ৰশিক্ষণ দিয়া মাৰ্কাজ তৈবা কেন্দ্ৰ
উত্তেজনা অধিক হ’লেও ভাৰতে শান্ত হৈ থাকি পূৰ্ণাংগ যুদ্ধৰ পৰা হাত সাৰিলে। পিছত যুদ্ধবিৰতি সম্পন্ন কৰা হয়। কিন্তু তেতিয়ালৈকে ভাৰতে নিজৰ মূল লক্ষ্যত উপনীত হৈছিল। ভাৰতৰ হাতত এতিয়াও পাকিস্তানৰ ওপৰত হেঁচা ৰখাৰ উপায় আছে, যেনে: সিন্ধু জল সন্ধি, আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ চুক্তি আদি।
এই সমগ্ৰ অভিযানে দেখুৱাইছে যে ভাৰতে এতিয়া পৰিপক্ক আৰু স্মাৰ্ট নিৰাপত্তা নীতি মানি চলিছে। ই সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ় পদক্ষেপ গ্ৰহণ কৰে। লগতে শান্তি, বিশ্ব সন্মান, আৰু অৰ্থনৈতিক শক্তিকো ৰক্ষা কৰে। ভাৰতৰ বাৰ্তা একেবাৰে স্পষ্ট যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজিব, কিন্তু বৈধতা, নিখুঁততা, আৰু আত্মবিশ্বাসেৰে তেওঁলোকে এই যুঁজ চলাব।