অঞ্জু শাণ্ডিল্য
শেষবাৰৰ বাবে মানুহগৰাকীক দেখিছিলো, ২০২২ চনৰ ১ মে'ত, 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে 'দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা' প্রদান কৰা অনুষ্ঠানত। ২০২১ চনত কৰ্কট ৰোগত আক্ৰান্ত হোৱা মানুহগৰাকীক সেইদিনাৰ অনুষ্ঠানত খীণ দেখিছিলো। আগৰ আটিল শৰীৰটো ভাগিছিল। 'দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা'টোৱেই জীৱনৰ শেষ বঁটা হ'ব বুলি কোনোৱেই ভাবিব পৰা নাছিল।
সেইদিনা বঁটা গ্ৰহণ কৰাৰ পাচত মানুহগৰাকীয়ে দিয়া ভাষণ শুনি মুগ্ধ হৈছিলো। সহজ-সৰল জনজাতীয় ঠাঁচত কৈছিল কথাবোৰ। 'সাদিন-প্রতিদিন' গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাদেৱক ধন্যবাদ-কৃতজ্ঞতাৰে ওপচাই দিছিল। এয়া তোষামোদ নাছিল। সহজ-সৰল মহিলাগৰাকীৰ কণ্ঠৰে নিগৰিত হৈছিল কৃতজ্ঞতাৰ বাণী। ইয়াৰ আগতেও 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে ২০১৩ চনত 'এচিভাৰ এৱাৰ্ডেৰে' সন্মানিত কৰিছিল। তেতিয়া অৱশ্যে মানুহগৰাকীৰ সু-স্বাস্থ্য আছিল।
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণ কৰা মুহূৰ্তত বিৰুবালা ৰাভা
২০২১ চনৰ পৰা মানুহগৰাকীক বহুত টকাৰ প্রয়োজন হৈছিল, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে। 'সাদিন-প্রতিদিন' গোষ্ঠীয়ে প্রদান কৰা 'দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা'ৰ এক লাখ টকা মানুহগৰাকীৰ কিমান যে কামত আহিব! ২০০০ চনৰ পৰা ডাইনী হত্যাৰ বিৰুদ্ধে সংগ্রাম চলোৱা এই মানুহগৰাকীয়ে নিজৰ বাবে খৰচ নিজেই উপাৰ্জন কৰিছিল; কিন্তু দেহত কৰ্কট ৰোগে বাহ লোৱাত, চিকিৎসাৰ বাবেই খৰচ বাঢ়ি গৈছিল।
ইফালে জীৱন নিৰ্বাহৰ বাবে গৰু-ছাগলী পোহা, কাপোৰ বৈ বিক্ৰী কৰা, ঘৰৰ বলধ গৰুহাল আনক হাল বাবলৈ দি, যি পায় সেয়াই আছিল তেওঁৰ অৱলম্বন। অহৰহ ডাইনী হত্যাৰ বিৰুদ্ধে অভিযান চলাই তেওঁ প্রায় ৩৪ গৰাকী লোকৰ প্ৰাণ ৰক্ষা কৰিছিল। ডাইনী হত্যাৰ বিৰুদ্ধে 'মিছন বিৰুবালা' আৰম্ভকৰে গোৱালপাৰাত। 'মিছন বিৰুবালা'ৰ বাবে গোৱালপাৰাৰ মাটিয়াত উপায়ুক্ত প্রিতম শইকীয়াই মাটি অলপ আবণ্টন দিছিল। ৰাভা স্বায়ত্ত পৰিষদে ঘৰ এটাও নিৰ্মাণ কৰি দিছিল। হাতত পর্যাপ্ত টকা নথকাত মানুহগৰাকীৰ বহু সপোন মৰহি গৈছিল। ভাবিছিল 'মিছন বিৰুবালা'ৰ নামত দিয়া মাটিত খেতি কৰাৰ, পুখুৰী খান্দি মৎস্য পালন কৰাৰ, মহিলাসকলৰ বাবে হস্তশিল্পৰ উদ্যোগ স্থাপন কৰিব; কিন্তু বাস্তৱত সপোনবোৰ নফলিয়ালে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিৰুবালা ৰাভা
বহুতেই চৰকাৰক আবেদন-নিবেদন কৰিছিল, মানুহগৰাকী চলিব পৰাকৈ এটা মাহেকীয়া পেন্সন দিয়াৰ বাবে। আবেদন, আবেদন হৈয়েই ৰ'ল। আজীৱন অভাৱ-অনাটনত ভোগা মানুহগৰাকীৰ শেষ বয়সত (২০২১ ৰ পৰা ২০২৪ ৰ মে' মাহলৈকে) চিকিৎসাৰ বাবেই বহু টকাৰ প্ৰয়োজন হৈছিল। যোৱা বৰ্ষৰ ২২ এপ্ৰিলৰ পৰা ১৩ মে'লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কর্কট প্ৰতিষ্ঠানৰ খৰচ চৰকাৰে বহন কৰে। ২০০৫ চনত শান্তিৰ নোবেল বঁটাৰ বাবে গুৱাহাটীৰ এক সংগঠন 'নর্থ-ইষ্ট নেটৱৰ্ক'-এ বিৰুবালা ৰাভাৰ নাম প্ৰেৰণ কৰিছিল। অসমতে নহয়, ভাৰতৰ বিভিন্ন ৰাজ্যত অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে অভিযান চলাইছিল। বহু ঠাইত সফলো হৈছিল।
২০১৭ চনৰ ৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ অধিৱেশন জেনেভাত অনুষ্ঠিত হৈছিল। তালৈও আমন্ত্রিত হৈছিল; কিন্তু ভিছা নোহোৱাৰ বাবে যাব নোৱাৰিলে। লাভ কৰিলে বহু সন্মান-বঁটা- ২০০৮ চনত 'ৰিয়েল হিৰো', ২০১১ চনত 'উর্মিলা দাস সোঁৱৰণী বঁটা', ২০১৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্রী, একে বৰ্ষতে আছুৱে 'সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা', 'টেলিগ্রাফ দ্য লিজেন্ড এৱাৰ্ড', ২০১৬ চনত 'অ' এন ই ইণ্ডিয়া বঁটা', ২০১৭ চনত 'সতী সাধনী বঁটা', ২০২১ চনত 'পদ্মশ্রী' সন্মান, ২০১২ চনত 'সতী জয়মতী বঁটা', 'শুচিব্রতা ৰায়চৌধুৰী স্মাৰক বঁটা', ২০১৩ চনত 'বীৰাংগনা মূলাগাভৰু বঁটা', 'ইংখং' বঁটা, ২০১৯ চনত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা, ২০১৫ চনত 'উপেন্দ্র নাথ ব্রহ্ম সৈনিক হিউমেনিটি বঁটা', ২০১১ চনত 'সমাজপ্রাণ সর্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা' আৰু অলেখ সম্বর্ধনা।
মৃত্যুৰ পিছত জাতীয় পতাকাৰে শ্ৰদ্ধাঞ্জলি দিয়া মুহূৰ্তত
সাংবাদিক-ঔপন্যাসিক-বোলছবিৰ কাহিনীকাৰ-আবৃত্তিকাৰ গোবিন কুমাৰ খাউণ্ডে মানুহগৰাকীৰ জীৱনভিত্তিক উপন্যাস 'বগী' ৰচনা কৰি এক যাউতিযুগীয়া কীর্তি ৰাখিলে। 'বগী'ৰ বাবে লাভ কৰিলে ২০২১ চনৰ 'অসম সাহিত্য বঁটা'। বিৰুবালা ৰাভাৰ মৃত্যুত গোবিন কুমাৰ খাউণ্ডে কৈছিল-'বিদায় বর্গী'। আপোনাৰ বাবে আমি একো কৰিব নোৱাৰিলো। আপুনি দেখুৱাই থৈ গ'ল অকলেও আন্ধাৰৰ বিপৰীতে যুঁজিব পাৰি। আপুনি মোৰ বুকুৰ এখন তেজ-মঙহৰ জীয়া ছবি হৈ থাকিব জীৱন জুৰি।'
এইগৰাকী মানুহে সাধাৰণ তৰ্জাৰ বেৰ দিয়া ঘৰত বাস কৰিছিল। জীৱনত লাভকৰা বঁটা-সন্মানবোৰ থ'বলৈ তাত ঠায়েই নাছিল। ঠাকুৰ ভিলাৰ সেই ঘৰটো চৰকাৰে সংৰক্ষণ কৰি থ'ব নোৱাৰেনে?
(প্ৰথম মৃত্যুবাৰ্ষিকী উপলক্ষে এই লেখা প্ৰকাশ কৰা হৈছে)