স্বর্গদেউ চুকাফাই সকলো জাতি-জনগোষ্ঠীৰ পৰা সমল সংগ্ৰহ কৰি অসমীয়া জাতিটোক নিৰ্মাণ কৰিছিল: মুখ্যমন্ত্রী

Story by  atv | Posted by   Imtiaz Ahmed • 7 Months ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিংখোঙত চুকাফা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিংখোঙত চুকাফা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে
গুৱাহাটী

"অসমীয়া জাতিৰ প্ৰাণ প্রতিষ্ঠা কৰি চাওলুং চুকাফাই যি পথ দেখুৱাই গ'ল সেই পথত অসমীয়া জাতিয়ে আজি আঠ শতিকা অতিক্রম কৰিছে। খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি মৰ্যাদা, সংস্কৃতিৰ প্রতি অনুৰাগী স্বৰ্গদেউ চুকাফাই সকলো জাতি-জনগোষ্ঠীৰ পৰা সমল সংগ্ৰহ কৰি এক মহৎ আদৰ্শৰে অসমীয়া জাতি নিৰ্মাণ কৰি গ'ল। বিভিন্ন সময়ত অহা প্রত্যাহ্বান অতি বিচক্ষণতাৰে মোকাবিলা কৰি প্ৰশাসনিক, ৰাজনৈতিক, অর্থনৈতিক দিশত তেওঁ দি যোৱা বৰঙণিয়ে আজি জাতিটোক প্রত্যয়দীপ্তভাবে আগুৱাই যাবলৈ সাহস আৰু প্ৰেৰণা যোগাইছে। আজি জাতিটোৰ প্রতি বিভিন্ন ভাবুকি আহিছে। কিন্তু আঠ শতিকা অতিক্রম কৰা, এক শক্তিশালী সংস্কৃতি আয়ত্ব কৰা, এটা শক্তিশালী ভাষাৰ অধিকাৰী প্ৰায় তিনি কোটি জনসংখ্যাৰ অসমীয়া জাতিৰ মৃত্যু নাই। এনে এটা জাতি হিচাপে যুগমীয়া হৈ জীয়াই থকাৰ আজি আমি সংকল্প ল'ব লাগিব।" শনিবাৰে ডিব্ৰুগড় জিলাৰ টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্রুগড় জিলা প্রশাসনৰ সহযোগত আৰু বৃহত্তৰ টিংখাংবাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত অসম দিৱস (চু-কা-ফা দিৱস)ত মুখ্য অতিথি হিচাপে ভাষণ প্রদান কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এইদৰে কয়।

মুখ্যমন্ত্রীয়ে কয় যে, ত্ৰয়োদশ শতিকাৰ আৰম্ভণিতে স্বৰ্গদেউ চাওলুং চুকাফাৰ নেতৃত্বত টাই আহোমসকলৰ অসম আগমনে এই ভূখণ্ডৰ সামাজিক-সাংস্কৃতিক-ৰাজনৈতিক-আধ্যাত্মিক-অর্থনৈতিক আৰু বৌদ্ধিক আদি সকলো দিশতে এক বৈপ্লবিক পৰিৱৰ্তনৰ সূচনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে লগতে কয় নৃগোষ্ঠীসমূহক আস্থাত লৈ ৰাজকীয় শাসন ব্যৱস্থাৰ সূচনা কৰি চুকাফাই শাসন প্রণালী, ৰাজনৈতিক দর্শন আৰু জাতিগঠন প্রক্রিয়াক এক বিশাল পৰিসৰৰে সামৰি লোৱাৰ ফলত এই ভূখণ্ডৰ ভিন্ন জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ বাতাৱৰণ গঢ়ি উঠিছিল। কৃষি ক্ষেত্ৰলৈ চুকাফাৰ মহান অৱদান আছিল বুলি মন্তব্য কৰি তেওঁ কয় যে স্থায়ী কৃষি কাৰ্য আৰু বসবাসৰ বাবে ভূমি নির্বাচন কৰোতে কেনেবোৰ দিশৰ ওপৰত গুৰুত্ব দিব লাগিব সেই সম্পর্কে স্বৰ্গদেউ চুকাফা গভীৰ জ্ঞানেৰে চহকী আছিল। ছু্যুকাফাই পূব অসমৰ গ্ৰাম্য জীৱনৰ স্বৰূপ সলনি কৰি পেলালে আৰু জনসাধাৰণক এনে এক সৰল জীৱিকাৰ পদ্ধতি প্রদান কৰিলে যি এক সমৃদ্ধিশালী অসমৰ বাট মোকলাই দিলে বুলিও মুখ্যমন্ত্রীয়ে কয়। তেওঁ কয় যে কৃষিৰ উপৰি চুকাফাৰ আন এক অৱদান আছিল ৰেচম শিল্পত। চুকাফাৰ দিনৰ পৰাই অসমীয়া ৰেচম মুগা আৰু পাট প্রস্তুত কৰাৰ এটা সমৃদ্ধিশালী পৰিবেশ অসমত গঢ় লৈ উঠিল আৰু ই এনেদৰে গঢ় লৈ উঠিল যে আহোম ৰাজত্বৰ কালছোৱাত অসমীয়া মানুহে বাহিৰৰ পৰা সাজ-পোছাক আমদানি কৰাৰ প্ৰয়োজন হোৱা নাছিল বুলি তেওঁ কয়।

মুখ্যমন্ত্রীয়ে কয় যে বিভিন্ন জাতি-জনগোষ্ঠীক লৈ মহামিলনৰ এক পৰিৱেশ গঢ়াৰ বাবে চুকাফাই দি যোৱা অৱদানেৰে আজি অসমীয়া জাতি সমৃদ্ধ হৈ উঠিছে। আহোমসকলৰ পৰাই এই ৰাজ্যৰ অধিবাসী, তেওঁলোকৰ ভাষা আৰু সংস্কৃতি এই সকলোবোৰ অসমীয়া নামেৰে পৰিচিত হ'ল। ৰাজনৈতিক পৰিপক্কতাৰে নিজৰ শাসনৰ সীমা কৰতোৱা গঙ্গালৈকে বঢ়াই লোবা আহোম স্বৰ্গদেউসকলৰ শাসনে অসমীয়া মানুহৰ ইতিহাস ৰচনাত বৰ্মন বংশৰ পিছতে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি গৈছে। আহোম স্বৰ্গদেউসকলৰ দুৰদর্শী চিন্তাধাৰা আৰু প্রজাবৎসল চেতনাই এই ভূখণ্ডত এক নতুন প্রশাসনিক ধাৰণাৰ উন্মেষ ঘটাইছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে আহোম শাসন ব্যৱস্থাটোৰ মর্ম মূলত আছিল প্রজা আৰু তাৰ মাজত উন্মেষ হৈছিল গণতান্ত্রিক ব্যবস্থাৰ। তেওঁ লগতে কয় যে মোমাই তামুলী বৰবৰুৱাই গ্রহণ কৰা নীতিয়ে কেবল শাসন ব্যৱস্থাকেই নহয়, তৃণমূল পর্যায়ত অর্থনীতিৰ এক নতুন ভেঁটি নির্মাণ কৰে।

মুখ্যমন্ত্রীয়ে কয় যে ছশ বছৰীয়া আহোম বাজত্বৰ শেষৰ দুশ বছৰত স্থাপত্য কলাৰ জৰিয়তে অসমৰ সমাজ জীবনে এক আয়তন লাভ কৰিছিল। মুখ্যমন্ত্রীয়ে লগতে কয় যে মহান স্বর্গদেউসকলে শক্তিশালী কৰা বৃহত্তৰ অসমীয়া জাতিব সংস্কৃতি আৰু ঐতিহ্যক বিশ্ব মানচিত্রত সবলভাবে প্রতিষ্ঠা কৰিবলৈ বর্তমানৰ ৰাজ্য চৰকাৰে নিৰন্তৰ প্রয়াস অব্যাহত ৰাখিছে। তেওঁ লগতে কয় যে ইউনেস্কৰ বিশ্ব ঐতিহ্যক্ষেত্রৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্র মনোনয়ন লাভ কৰা চৰাইদেউ মৈদামে ইউনেস্ক সচিবালয়ৰ সকলো কাৰিকৰী প্রয়োজনীয়তা পূৰ কৰিছে। ইতিমধ্যে ইউনেস্কৰ প্রতিনিধিয়ে চৰাইদেউ মৈডাম পৰিদৰ্শন কৰিছে। যাৰ লগে লগে অসমৰ ঐতিহ্য আৰু সংস্কৃতিক এক উচ্চ স্তৰত প্রতিষ্ঠা কৰাৰ দিশত ৰাজ্য চৰকাৰৰ প্রচেষ্টাই এক সার্থক ৰূপ লাভ কৰিছে বুলিও তেওঁ কয়। ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে বিহুৱে গীনিজ বর্ল্ড ৰেকর্ড প্রতিষ্ঠা কৰাৰ কথাও উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয় যে আহোম স্থাপত্য কলাৰ অপূর্ব চানেকি ৰংঘৰৰ সৌন্দর্যবর্ধনৰ বাবে ৰাজ্য চৰকাৰে ₹১২৪ কোটি ব্যয়েৰে এক প্রকল্প ৰূপায়ণৰ পদক্ষেপ লৈছে। এই প্রকল্পত আহোম ৰাজত্বৰ ইতিহাস প্রদর্শনৰ বাবে এক বিশাল জলাশয়ৰ চাৰিওফালে নির্মাণ কৰা ফাউন্টেইন-শ', দুঃসাহসিক নৌকা বিহাৰ, স্থানীয় হস্তশিল্পৰ প্রচাবৰ বাবে বিপনী, খাদ্যপ্রেমীসকলৰ বাবে বিভিন্ন জনজাতীয় খাদ্যসম্ভাৰ সন্নিবিষ্ট থাকিব।

আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়া, ৰাজহ আৰু দূর্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্রী যোগেন মহন, শ্রম আৰু নিয়োগ, পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়কসকল ক্রমে প্রশান্ত ফুকন, তৰংগ গগৈ, চক্ৰধৰ গগৈ, তেৰছ গোৱালা, বিনোদ হাজৰিকা, ধৰ্মেশ্বৰ কোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল প্রমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।