চৰাইদেউ
আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ। চৰাইদেউবাসীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অনুষ্ঠিত হৈছে চৰাইদেউ মহোৎসৱ। পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে ২০১৫ চনৰ পৰা চৰাইদেউ মহোৎসৱ অনুষ্ঠিত কৰি অহা হৈছে।
দশম বছৰৰ বাবে আয়োজিত চৰাইদেউ মহোৎসৱৰ অন্যান্য দিশৰ লগতে এইবাৰ আয়োজক সমিতিয়ে ব্যৱস্থা কৰিছে এখন বৃহৎ আকাৰৰ কেনভাছৰ। উক্ত কেনভাছত শিল্পীৰ তুলিকাত প্ৰাণৱন্ত হৈ উঠিছে চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুংৰ পৰা সুদূৰ পাটকাই পৰ্বত (ডই-কাউ-ৰংগ) অতিক্ৰমী অহা চ্যুকাফাৰ অসম আগমনৰ ঐতিহাসিক ক্ষণৰ অপূৰ্ব চিত্ৰায়ন।
এইবছৰৰ মহোৎসৱৰ থলিৰ মূল প্ৰৱেশদ্বাৰৰ সমূখত আয়োজক সমিতিয়ে ব্যৱস্থা কৰা ৫০ফুট দৈৰ্ঘ আৰু ৭ ফুট প্ৰস্তৰ বৃহৎ আকাৰৰ কেনভাছত মূৰ্ত হৈ উঠিছে আহোমৰ স্বৰ্ণিল ইতিহাসৰ কেতবোৰ স্মৰণীয় দৃশ্যাৱলী। অসম আগমনৰ পাছত সৌমাৰত ভৰি থৈ ৰাজধানী পাতি চ্যুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠাৰ পৰা আহু খেতি কৰা, ৰংঘৰত উঠি ৰজাই খেল চোৱা, ল'ৰা ৰজাৰ অতপালিত জয়াৰ আত্মবলিদান লৈকে কেইবাটাও ইতিহাসৰ কাহিনীক প্ৰতীকি ৰূপত সুন্দৰকৈ চিত্ৰিত কৰি দৰ্শনাৰ্থীৰ বাবে সজাই তোলা হৈছে।