ৰমজান আৰু সম্পৰ্কৰ মধুৰতাঃ নেহা ভাৰতীৰ পদক্ষেপে জিনিছে হৃদয়

Story by  atv | Posted by  Munni Begum • 1 h ago
নেহা ভাৰতী
নেহা ভাৰতী
 
আৱাজ - দ্য ভইচ / নতুন দিল্লী
 
ৰমজানৰ আগমনৰ লগে লগেই পুৰণি দিল্লীৰ অলি-গলিবোৰত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। বেলি লহিওৱাৰ লগে লগে ইফটাৰৰ প্ৰস্তুতি আৰম্ভ হয় আৰু ঐতিহাসিক জামা মছজিদৰ চৌপাশে ৰোজাদাৰ (ৰোজা ৰখা লোক) সকলৰ ভিৰ হ'বলৈ ধৰে। এই ভিৰৰ মাজতে এনে এখন মুখ আছে, যিয়ে বিগত চাৰি বছৰ ধৰি ক্ৰমাগতভাৱে মানুহৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে।
 
এই মুখখন হৈছে পুৰণি দিল্লীৰ বাসিন্দা নেহা ভাৰতীৰ, যি প্ৰতি বছৰে ৰমজানৰ সময়ত ৰোজাদাৰসকলৰ বাবে নিজৰ ঘৰৰ পৰা ইফটাৰ প্ৰস্তুত কৰি মছজিদৰ ৩ নম্বৰ গেটত উপস্থিত হয়। তেওঁ কয়, "মাত্ৰ কেইজনমান লোকেহে ঘৃণা বিয়পায়, সাধাৰণ ভাৰতীয় লোক শান্তিপ্ৰিয়।" এই বিশ্বাসেই তেওঁক প্ৰতি বছৰে এই সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। 
 
 
নেহাৰ এই পদক্ষেপৰ আৰম্ভণি হৈছিল চাৰি বছৰ আগতে। সেই সময়ত সমাজত বৃদ্ধি পোৱা তিক্ততা আৰু অবিশ্বাসৰ খবৰবোৰে তেওঁক আমনি কৰি আছিল। তেওঁ অনুভৱ কৰিছিল যে যদি সাধাৰণ মানুহে সৰু সৰু পদক্ষেপ গ্ৰহণ কৰে, তেন্তে পৰিৱেশ সলনি হ’ব পাৰে। এই চিন্তাৰেই তেওঁ সিদ্ধান্ত লৈছিল যে ৰমজানৰ পৱিত্ৰ মাহত তেওঁ ৰোজাদাৰসকলৰ বাবে ইফটাৰ প্ৰস্তুত কৰিব। আৰম্ভণিতে এয়া এক সৰু প্ৰয়াস আছিল— কেইটামান পেকেট, সীমিত সম্পদ আৰু সীমিত সংখ্যক লোক। কিন্তু তেওঁৰ মনোভাৱ পৰিষ্কাৰ আছিল আৰু ইচ্ছা আছিল দৃঢ়। লাহে লাহে এই প্ৰয়াস এক পৰম্পৰালৈ ৰূপান্তৰিত হ'ল।
 
প্ৰতিদিনে দুপৰীয়াৰ পৰাই তেওঁৰ ঘৰৰ পাকঘৰত ব্যস্ততা আৰম্ভ হয়। ফল-মূল কটা হয়, খেজুৰ সজোৱা হয়, পকৰি ভজা হয় আৰু মিঠাই প্ৰস্তুত কৰা হয়। নেহাই জনায় যে তেওঁ ইফটাৰৰ খাদ্য সন্তুলিত আৰু সতেজ হোৱাটো বিচাৰে, যাতে ৰোজা ভঙা লোকসকলে শান্তি আৰু শক্তি লাভ কৰে। তেওঁৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলেও এই কামত সমানে হাত উজান দিয়ে। কোনোৱে পাচলি কাটে, কোনোৱে পেকেট বনায় আৰু কোনোৱে বস্তু কঢ়িওৱাত সহায় কৰে। এয়া কেৱল ইফটাৰ বিতৰণেই নহয়, সমগ্ৰ পৰিয়ালটোৰ বাবে এক উমৈহতীয়া সেৱা-যজ্ঞত পৰিণত হৈছে।
 
সন্ধিয়া হোৱাৰ লগে লগে নেহাই প্ৰস্তুত কৰা পেকেটবোৰ লৈ জামা মছজিদৰ দিশে ওলাই যায়। মছজিদৰ বাহিৰত ৰোজাদাৰসকলে শাৰী পাতি বহে আৰু আজানলৈ অপেক্ষা কৰে। নেহা আৰু তেওঁৰ লগত অহা লোকসকলে হাঁহি হাঁহি ইফটাৰৰ পেকেট বিতৰণ কৰে। বহু লোকে তেওঁক দোৱা (আশীৰ্বাদ) দিয়ে, আন বহুত লোকে আকৌ আচৰিত হৈ সোধে যে তেওঁ এই কাম কিয় কৰে। নেহাৰ উত্তৰ সদায় একেটাই হয়— উৎসৱ কেৱল কোনো এটা সম্প্ৰদায়ৰ নহয়, উৎসৱ এয়া মানৱতাৰ। তেওঁৰ মতে, যেতিয়া মানুহে ইজনে সিজনৰ উৎসৱ আৰু বিশ্বাসক সন্মান জনায়, তেতিয়াহে প্ৰকৃত ভাতৃত্ববোধ প্ৰতিষ্ঠা হয়।
 
ৰমজানত নেহা ভাৰতীৰ ইফতাৰ বিতৰণৰ এটা দৃশ্য
 
এইবাৰ তেওঁৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ'টোত তেওঁক ইফটাৰ বিতৰণ কৰি থকা আৰু শান্তি তথা একতাৰ বাৰ্তা দিয়া দেখা যায়। বুজন সংখ্যক লোকে তেওঁক প্ৰশংসা কৰিছে, তেওঁক সাহস আৰু সংবেদনশীলতাৰ এক নিদৰ্শন বুলি অভিহিত কৰিছে। একাংশ চিকিৎসক, শিক্ষক আৰু সমাজকৰ্মীয়েও তেওঁৰ এই প্ৰয়াসক শলাগ লৈ লিখিছে যে এনে সৰু সৰু পদক্ষেপেই সমাজত ডাঙৰ পৰিৱৰ্তন আনে। অৱশ্যে আন প্ৰতিটো প্ৰয়াসৰ দৰেই তেৱোঁ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিছু লোকে ধৰ্মৰ নামত প্ৰশ্ন উত্থাপন কৰিছিল, কিছুমানে আকৌ ব্যক্তিগত মন্তব্য কৰিছিল। কিন্তু নেহাই এই প্ৰতিক্ৰিয়াবোৰক নিজৰ কামৰ পথত হেঙাৰ হ'বলৈ দিয়া নাই। তেওঁৰ মতে, ঘৃণাৰ উত্তৰ ঘৃণাৰে নহয়, বৰঞ্চ সেৱা আৰু ধৈৰ্যৰেহে দিব লাগে।
 
নেহাই এটা বেচৰকাৰী সংস্থা(NGO)ও চলায়, যাৰ জৰিয়তে তেওঁ সামাজিক সজাগতা আৰু সম্প্ৰদায়ৰ সহযোগিতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁৰ উদ্দেশ্য কেৱল ৰমজানতে সীমাবদ্ধ নহয়। তেওঁ গোটেই বছৰটো বিভিন্ন সময়ত আৰ্তজনক সহায় কৰাৰ প্ৰয়াস কৰে। তেওঁৰ মতে, সেৱাৰ কোনো ধৰ্ম নাথাকে। যেতিয়া কোনোবা ভোকত থাকে, তেতিয়া তেওঁক পৰিচয়ৰ নহয়, খাদ্যৰ প্ৰয়োজন হয়। তেওঁৰ প্ৰতিটো পদক্ষেপতে এই চিন্তাধাৰা প্ৰতিফলিত হয়।
 
তেওঁৰ এই পদক্ষেপৰ লগত এতিয়া আন বহুতো লোক জড়িত হ'বলৈ ধৰিছে। কিছুমানে আৰ্থিক সহায় আগবঢ়ায়, আন কিছুমানে স্বেচ্ছাসেৱক হিচাপে তেওঁৰ লগত যোগ দিয়ে। ইয়াৰ ফলত ইফটাৰৰ পেকেটৰ সংখ্যা বৃদ্ধি পাইছে আৰু অধিক ৰোজাদাৰৰ ওচৰলৈ খাদ্য গৈ পাইছে। তেওঁৰ পৰা অনুপ্ৰাণিত হৈ বহু যুৱক-যুৱতীয়ে নিজৰ নিজৰ অঞ্চলতো এনে প্ৰয়াস আৰম্ভ কৰিছে। নেহাই বিশ্বাস কৰে যে যদি সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ফালৰ পৰা সামান্য হ'লেও ইতিবাচক কাম কৰে, তেন্তে পৰিৱেশ আপোনা-আপুনি সলনি হ'ব পাৰে।
নেহাই জনায় যে আৰম্ভণিতে কিছুমান চিনাকি মানুহে তেওঁৰ এই পদক্ষেপটোক বুজি পোৱা নাছিল। তেওঁলোকে ভাবিছিল যে এয়া হয়তো এক প্ৰদৰ্শন বা ক্ষণিকৰ উছাহ। কিন্তু যেতিয়া তেওঁ ক্ৰমাগতভাৱে চাৰি বছৰ ধৰি কোনো বাধা নোহোৱাকৈ এই কাম অব্যাহত ৰাখিলে, তেতিয়া মানুহৰ ধাৰণা সলনি হ'বলৈ ধৰিলে। এতিয়া সেই একেখিনি মানুহেই তেওঁক উৎসাহিত কৰে আৰু কয় যে এনে নিদৰ্শনে সমাজক একত্ৰিত কৰে। তেওঁৰ পিতৃ-মাতৃয়েও গৌৰৱ অনুভৱ কৰে যে তেওঁলোকৰ কন্যাই সেৱাৰ পথ বাছি লৈছে।
 
ৰমজানক তেওঁ কেৱল ইবাদতৰ মাহ বুলিয়েই নাভাবে, বৰঞ্চ ইয়াক আত্মচিন্তন আৰু কৰুণাৰ সময় বুলি গণ্য কৰে। তেওঁৰ মতে, ৰোজা কেৱল ভোক-পিয়াহ সহ্য কৰাৰ নাম নহয়, বৰঞ্চ নিজৰ ভিতৰত থকা কঠোৰতা গলাব পৰাৰ এক অনুশীলন। এজন ব্যক্তিয়ে আন এজনৰ কষ্ট বুজি পালেহে প্ৰকৃত মানৱতাৰ জন্ম হয়। হয়তো এই অনুভৱেই তেওঁক এই পথত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগাইছিল।
 
পুৰণি দিল্লীৰ সন্ধিয়া, জামা মছজিদৰ খটখটি আৰু ইফটাৰৰ সেই সাধাৰণ পেকেটটো এতিয়া এক প্ৰতীক হৈ পৰিছে— এই কথাৰ প্ৰতীক যে সমাজত আজিও মৰম-ভালপোৱা জীয়াই আছে। নেহাই কয় যে পৃথিৱীত যিমানেই ঘৃণাৰ কণ্ঠ বাঢ়ি নাথাকক কিয়, মৰমৰ এক সঁচা প্ৰয়াস সেই সকলোবোৰৰ ওপৰত বিজয়ী হ'ব পাৰে। তেওঁৰ উদ্দেশ্য হৈছে অনাগত বছৰবোৰতো এই পৰম্পৰা অব্যাহত ৰখা।
 
ৰমজানত নেহা ভাৰতীৰ ইফতাৰ বিতৰণৰ এটা দৃশ্য
 
যেতিয়া আজানৰ ধ্বনি প্ৰতিধ্বনিত হয় আৰু ৰোজাদাৰসকলে খেজুৰেৰে ৰোজা ভাঙে, সেই মুহূৰ্তত নেহাৰ মুখত যি সন্তুষ্টি দেখা যায়, সেয়াই তেওঁৰ আটাইতকৈ ডাঙৰ কৃতিত্ব। তেওঁৰ বাবে এয়া কেৱল এক সেৱাই নহয়, বৰঞ্চ এক বাৰ্তাও— যে ভাৰতৰ প্ৰকৃত পৰিচয় হৈছে 'বৈচিত্ৰ্যৰ মাজত ঐক্য', আৰু এই ঐক্যক জীয়াই ৰখাৰ দায়িত্ব আমাৰ সকলোৰে। ৰমজানৰ এই পৱিত্ৰ ক্ষণত নেহা ভাৰতীৰ এই পদক্ষেপে আমাক সোঁৱৰাই দিয়ে যে মানৱতাৰ সম্পৰ্ক যিকোনো পৰিচয়তকৈ ঊৰ্ধ্বত, আৰু যেতিয়া হৃদয়ৰ মিলন হয়, তেতিয়া বিভেদৰ দেৱালবোৰ আপোনা-আপুনি খহি পৰে।


শেহতীয়া খবৰ