এইবাৰ তেওঁৰ এটা ভিডিঅ' ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ'টোত তেওঁক ইফটাৰ বিতৰণ কৰি থকা আৰু শান্তি তথা একতাৰ বাৰ্তা দিয়া দেখা যায়। বুজন সংখ্যক লোকে তেওঁক প্ৰশংসা কৰিছে, তেওঁক সাহস আৰু সংবেদনশীলতাৰ এক নিদৰ্শন বুলি অভিহিত কৰিছে। একাংশ চিকিৎসক, শিক্ষক আৰু সমাজকৰ্মীয়েও তেওঁৰ এই প্ৰয়াসক শলাগ লৈ লিখিছে যে এনে সৰু সৰু পদক্ষেপেই সমাজত ডাঙৰ পৰিৱৰ্তন আনে। অৱশ্যে আন প্ৰতিটো প্ৰয়াসৰ দৰেই তেৱোঁ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিছু লোকে ধৰ্মৰ নামত প্ৰশ্ন উত্থাপন কৰিছিল, কিছুমানে আকৌ ব্যক্তিগত মন্তব্য কৰিছিল। কিন্তু নেহাই এই প্ৰতিক্ৰিয়াবোৰক নিজৰ কামৰ পথত হেঙাৰ হ'বলৈ দিয়া নাই। তেওঁৰ মতে, ঘৃণাৰ উত্তৰ ঘৃণাৰে নহয়, বৰঞ্চ সেৱা আৰু ধৈৰ্যৰেহে দিব লাগে।
নেহাই এটা বেচৰকাৰী সংস্থা(NGO)ও চলায়, যাৰ জৰিয়তে তেওঁ সামাজিক সজাগতা আৰু সম্প্ৰদায়ৰ সহযোগিতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে। তেওঁৰ উদ্দেশ্য কেৱল ৰমজানতে সীমাবদ্ধ নহয়। তেওঁ গোটেই বছৰটো বিভিন্ন সময়ত আৰ্তজনক সহায় কৰাৰ প্ৰয়াস কৰে। তেওঁৰ মতে, সেৱাৰ কোনো ধৰ্ম নাথাকে। যেতিয়া কোনোবা ভোকত থাকে, তেতিয়া তেওঁক পৰিচয়ৰ নহয়, খাদ্যৰ প্ৰয়োজন হয়। তেওঁৰ প্ৰতিটো পদক্ষেপতে এই চিন্তাধাৰা প্ৰতিফলিত হয়।
তেওঁৰ এই পদক্ষেপৰ লগত এতিয়া আন বহুতো লোক জড়িত হ'বলৈ ধৰিছে। কিছুমানে আৰ্থিক সহায় আগবঢ়ায়, আন কিছুমানে স্বেচ্ছাসেৱক হিচাপে তেওঁৰ লগত যোগ দিয়ে। ইয়াৰ ফলত ইফটাৰৰ পেকেটৰ সংখ্যা বৃদ্ধি পাইছে আৰু অধিক ৰোজাদাৰৰ ওচৰলৈ খাদ্য গৈ পাইছে। তেওঁৰ পৰা অনুপ্ৰাণিত হৈ বহু যুৱক-যুৱতীয়ে নিজৰ নিজৰ অঞ্চলতো এনে প্ৰয়াস আৰম্ভ কৰিছে। নেহাই বিশ্বাস কৰে যে যদি সমাজৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ ফালৰ পৰা সামান্য হ'লেও ইতিবাচক কাম কৰে, তেন্তে পৰিৱেশ আপোনা-আপুনি সলনি হ'ব পাৰে।
ये दिल्ली की रहने वाली एक हिंदू लड़कीय नेहा भारती हैं जो पिछले 4 साल से रमजान के महीने में दिल्ली की जामा मस्जिद पर जाकर रोज़ेदारों को इफ्तार कराती आई हैं, वो एक एनजीओ भी चलाती हैं और हिंदू-मुस्लिम एकता, अमन और मोहब्बत का पैगाम फैलाने के लिए ये काम करती हैं, सैल्यूट! pic.twitter.com/5H8Q3nyu75