ঢাকা হৈ আগৰতলা-কলকাতা বাছ সেৱাৰ পৰীক্ষামূলক যাত্ৰা পুনৰ আৰম্ভ; আদৰণি জনাই ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে

Story by  atv | Posted by  [email protected] • 8 h ago
ঢাকা হৈ আগৰতলা-কলকাতা বাছ সেৱাৰ পৰীক্ষামূলক যাত্ৰা পুনৰ আৰম্ভ
ঢাকা হৈ আগৰতলা-কলকাতা বাছ সেৱাৰ পৰীক্ষামূলক যাত্ৰা পুনৰ আৰম্ভ
 
আগৰতলা
 
বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এবছৰ ধৰি বন্ধ হৈ থকা ঢাকা হৈ আগৰতলা আৰু কলকাতাক সংযোগ কৰা ভাৰত-বাংলাদেশ বাছ সেৱা পুনৰ আৰম্ভ হ'ব। অপাৰেটৰে এই সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে শনিবাৰে এক পৰীক্ষামূলক যাত্ৰা (trial run) আৰম্ভ কৰিছে বুলি এজন বিষয়াই জনাইছে।
 
আন্তঃৰাষ্ট্ৰীয় বাছ সেৱা অপাৰেটৰৰ মেনেজাৰ মনোৰঞ্জন দেবনাথে কয় যে, দুয়োখন দেশৰ চৰকাৰৰ মাজত হোৱা চুক্তি বাতিল হোৱা নাই যিহেতু, গতিকে এই সেৱা পুনৰ আৰম্ভ কৰিবলৈ কোনো নতুন অনুমতিৰ প্ৰয়োজন নাই।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই ভাৰত-বাংলাদেশ বাছ সেৱা পুনৰ আৰম্ভ কৰাৰ এই পদক্ষেপক আদৰণি জনাইছে।
 
যোৱা এবছৰ ধৰি বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে 'ৰয়েল-মৈত্ৰী' (Royal-Maitri) আন্তঃৰাষ্ট্ৰীয় বাছ সেৱা বন্ধ আছিল, যাৰ ফলত ভিছাৰ সমস্যা আৰু যাত্ৰীৰ সংখ্যাত ব্যাপক হ্ৰাস ঘটিছিল। বৰ্তমান পৰিস্থিতিৰ উন্নতি হোৱাৰ পৰিপ্ৰেক্ষিতত অপাৰেটৰজনে সেৱা পুনৰ আৰম্ভ কৰিব বিচাৰিছে আৰু তাৰ বাবেই এই পৰীক্ষামূলক যাত্ৰা আৰম্ভ কৰিছে।
 
সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে তেওঁলোকৰ কৰ্তৃত্ব আছে নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত দেবনাথে কয় যে অনুমতি বিচৰাৰ কোনো প্ৰয়োজন নাই কাৰণ ২০০১ চনত স্বাক্ষৰিত ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক চুক্তিখন এতিয়াও অব্যাহত আছে।
 
ত্ৰিপুৰাৰ পৰা পুনৰ আৰম্ভ ঢাকা-কলকাতা বাছ সেৱা
 
তেওঁ কয়, "কিছুমান অপৰিহাৰ্য সমস্যাৰ বাবে যাত্ৰীৰ তীব্ৰ নাটনি হোৱাত আমি বাছ সেৱা স্থগিত ৰাখিছিলোঁ। যাত্ৰীৰ সংখ্যা সৰ্বকালৰ নিম্নতম স্তৰলৈ নামি আহিছিল। ইয়াৰ উপৰিও ভিছাৰ সমস্যাও আছিল। এইবোৰ কাৰণতে আমি সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছিলোঁ। এতিয়া বাংলাদেশত পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে আমি অহা সপ্তাহৰ পৰা বাছ সেৱা পুনৰ আৰম্ভ কৰিব বিচাৰিছোঁ।"
 
এই পদক্ষেপক ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰিছে।
 
সাহাই সাংবাদিকৰ আগত কয়, "বাংলাদেশত এখন নিৰ্বাচিত চৰকাৰ গঠন হোৱাৰ লগে লগে এতিয়া অনিশ্চয়তা দূৰ হৈছে। এয়া দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত এক শুভ লক্ষণ। আমি আশা কৰোঁ যে অন্যান্য সমস্যাবোৰৰো সমাধান হ'ব।"
 
দেবনাথে জনোৱা মতে, সেৱা পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে অপাৰেটৰজনে ঢাকাৰ পৰা পশ্চিম ত্ৰিপুৰাৰ কৃষ্ণনগৰ ডিপোলৈ এখন বাছ লৈ আহিছে।
 
তেওঁ কয়, "আজি পৰীক্ষামূলক যাত্ৰা হিচাপে কৃষ্ণনগৰ বাছ ডিপোৰ (আগৰতলা) পৰা ঢাকা অভিমুখে বাছখন ৰাওনা হৈছে। এই প্ৰক্ৰিয়া দুই-তিনি দিন চলিব। ব্যৱস্থাটো সুস্থিৰ হ'লে আমি সপ্তাহত তিনিদিনকৈ বাছ সেৱা পুনৰ আৰম্ভ কৰিম।"
 
ঢাকা হৈ আগৰতলাৰ পৰা কলকাতালৈ প্ৰায় ৫০০ কিলোমিটাৰ যাত্ৰাৰ ভাড়া হৈছে ২৮০০ টকা। ইয়াৰ বিপৰীতে আগৰতলাৰ পৰা গুৱাহাটী হৈ ৰেলেৰে কলকাতা পাবলৈ ১৫৬৭ কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয়।