পবিত্ৰ কোৰাণ শ্বৰীফ আমাৰ দৈনন্দিন জীৱনৰ মাৰ্গদৰ্শক হ'ব পাৰেঃ ডাঃ মহম্মদ আছলাম পাৰভেজ

Story by  atv | Posted by  [email protected] • 7 Months ago
সন্মিলনৰ এক মুহূৰ্ত
সন্মিলনৰ এক মুহূৰ্ত
 
 
মহম্মদ আক্ৰাম / নতুন দিল্লী

ইছলাম ধৰ্মৰ শেষৰজন নবী বা মহাপুৰুষ হজৰত মহম্মদ (ছাঃ)ৰ জীৱন কালত আৱিৰ্ভাৱ ঘটা পবিত্ৰ কোৰান আমাৰ দৈনন্দিন জীৱনৰ এক মাৰ্গদৰ্শক যদিও আমি ইয়াক সহজতে অনুভৱ কৰিব নোৱাৰো।
 
দুৰ্ভাগ্যজনকভাৱে আমাৰ ভুল বুজাবুজিৰ বাবে আমি কোৰাণৰ শিক্ষা আৰু আদৰ্শৰ পৰা আঁতৰি আহিছো। আচৰিত কথাটো হ’ল যে ইছলামৰ কিছুমান বিশেষ প্ৰথা আৰু পৰম্পৰা প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি ভুলকৈ প্ৰচাৰিত হৈ আহিছে। গালিব ইনষ্টিটিউটৰ কোৰান সন্মিলনত ভাষণ দি এই মন্তব্য আগবঢ়াইছে মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা কোৰান কেন্দ্ৰৰ সঞ্চালক ডাঃ মহম্মদ আছলাম পাৰভেজে। 
 
 
মহম্মদ আছলাম পাৰভেজে কয় যে যদিও আল্লাহে ইছলামক তেওঁৰ আটাইতকৈ প্ৰিয় ধৰ্ম হিচাপে বাছি লৈছিল, তথাপি এই ধৰ্মৰ আদৰ্শ আৰু নীতি মুছলমান সমাজৰ মাজত সম্পূৰ্ণৰূপে অনুসৰণ কৰিব পৰা নাই। কোৰানখন বোধগম্য কৰিব নোৱাৰাৰ বাবে আমি আমাৰ ধৰ্মীয় বিশ্বাসৰ গুৰুত্বপূৰ্ণ দিশবোৰৰ পৰা বঞ্চিত হৈছো। কোৰান পঢ়া আৰু শিশুসকলক বুজাই দিয়াটো অতি প্ৰয়োজনীয় বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
 
ডাঃ আছলাম পাৰভেজে অভিভাৱকসকলক নিজৰ সন্তানৰ সৈতে দৈনিক কোৰান ব্যাখ্যাৰে সৈতে পঢ়িবলৈ আহ্বান জনায়। তেওঁ আলোকপাত কৰে যে কোৰানক অৱহেলা কৰাৰ অৰ্থ হ’ল বৌদ্ধিক বিকাশৰ অভাৱ, আৰু এই অৱহেলাই আমাৰ জীৱনলৈ নেতিবাচক চিন্তাধাৰাহে কঢ়িয়াই আনিব। তেওঁ কোৰানক অধ্যয়ন নকৰাকৈ কেৱল পথ প্ৰদৰ্শক গ্ৰন্থ বুলি গণ্য কৰাটো অনুচিত আৰু এই পবিত্ৰ গ্ৰন্থখনক বোধগম্য কৰাৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিছিল।
 
মুম্বাইৰ প্ৰখ্যাত কেন্সাৰ চাৰ্জন ডাঃ কামৰাণ খানে কয় যে বেছিভাগ বিজ্ঞানীয়ে ধৰ্মগ্ৰন্থবোৰ অবৈজ্ঞানিক পদ্ধতিত অধ্যয়ন কৰে। নিউটনৰ যুক্তিৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰিছিল যে কেৱল মানুহৰ বুঢ়া আঙুলিৰ গঠনেই ঈশ্বৰৰ অস্তিত্বৰ যথেষ্ট প্ৰমাণ।
 
 
দিল্লীৰ আল-হিকমা ফাউণ্ডেশ্যনৰ ড০ জিয়াউদ্দিন নাদৱীয়ে কয় যে কোৰানৰ শিক্ষাৰ লক্ষ্য হৈছে সমাজখনক সৎ আৰু সুস্থ কৰি তোলা। তেওঁ কয় যে পবিত্ৰ কোৰাণৰ আদৰ্শ অনুসৰি আমি আমাৰ প্ৰতিৱেশীৰ প্ৰতি ভাল সম্পৰ্ক বজাই ৰখা উচিত আৰু সমাজত সকলো শ্ৰেণীৰ মানুহৰ সহাৱস্থানৰ ব্যৱস্থা কৰাটো অত্যন্ত প্ৰয়োজনীয়। 
 
ড° জিয়াউদ্দিনে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত কোৰানৰ আয়াতসমূহৰ প্ৰয়োজনয়ীতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বিষয়ে ব্যাখ্যা আগবঢ়ায়। ইফালে, ড° আকিল আহমেদৰ মতে কোৰান অধ্যয়নৰ বাবে আত্মপ্ৰেৰণা অতিকে দৰকাৰী। তেওঁ কয় যে কোৰাণখন নিজৰ ভাষাত শুদ্ধ অৰ্থত বুজি লোৱাটো অতিকৈ প্ৰয়োজনীয়। 
 
মহম্মদ নাছিমৰ কোৰান পাঠেৰে আৰম্ভ হোৱা সন্মিলনৰ সামৰণি পৰে ড° তাৰিক নাদৱীৰ দোৱাৰে। এই অনুষ্ঠানত স্থানীয় বহু পণ্ডিত আৰু বুদ্ধিজীৱী উপস্থিত থাকে।