উত্তৰ-প্ৰদেশৰ শতিকা পুৰণি ৰামপুৰ ৰাজা পুথিভঁৰালৰ বিখ্যাত মিনাৰবোৰৰ আঁৰৰ ৰহস্য

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
ৰামপুৰ ৰাজা পুথিভঁৰাল
ৰামপুৰ ৰাজা পুথিভঁৰাল
 
নতুন দিল্লী

নতুন দিল্লীৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ নিলগত অৱস্থিত বিশ্ব-বিখ্যাত ৰামপুৰ ৰাজা পুথিভঁৰালত থকা হামিদ মনজিলৰ আঠটা মিনাৰ হৈছে ভাৰতৰ একতা-সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন। এই পুথিভঁৰালৰ সুউচ্চ মিনাৰৰ তলৰ ফালৰ প্ৰথম অংশটো মছজিদৰ আকৃতিত নিৰ্মাণ কৰা হৈছে; ইয়াৰ ওপৰৰ অংশটো গীৰ্জাৰ দৰে, তৃতীয় অংশটোৱে আকৌ শিখ গুৰুদ্বাৰাক প্ৰতিফলিত কৰে। একেদৰে, ওপৰৰ অংশটো হিন্দু মন্দিৰৰ আকৃতিত নিৰ্মাণ কৰা হৈছে।

অনৈক্যৰ মাজত ঐক্যৰ মনোভাৱক উপস্থাপন কৰা এই হামিদ মনজিলে উত্তৰ প্ৰদেশ জিলাৰ জনসাধাৰণক সম্প্ৰীতিৰ এনাজৰীৰে জীয়াই থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে। ৰামপুৰী চাকু (দা)ৰ বাবেও বিখ্যাত ভাৰতৰ কেইখনমান ৰাজকীয় ৰাজ্যৰ ভিতৰত অন্যতম উত্তৰ প্ৰদেশত ব্ৰিটিছ ঔপনিৱেশিক যুগত বা তাৰ পিছৰ বছৰবোৰত কেতিয়াও কোনো বৃহৎ সাম্প্ৰদায়িক দাঙ্গা বা অশান্তি সংঘটিত হোৱা নাছিল।

এই ভৱনটোক অধিক উল্লেখনীয় কৰি তোলা কথাটো হ’ল, ভাৰতে স্বাধীনতা পোৱাৰ বহু আগতেই ১৯০২-০৫ চনৰ ভিতৰত ইয়াক নিৰ্মাণ কৰা হৈছিল আৰু নবাবসকল ৰাজ্যখনৰ ক্ষমতাত আছিল। তেওঁলোকে অঞ্চলটোৰ ধৰ্মনিৰপেক্ষ মনোভাৱক জীয়াই ৰাখিবলৈ ৰামপুৰ ৰাজা পুথিভঁৰালৰ হামিদ মনজিলৰ ভৱনটোক অনন্য সুন্দৰ ৰূপত গঢ়ি তুলিছিল।

ভৱনটোৰ অনন্য স্থাপত্যই পূৰ্বৰ ৰামপুৰ ৰাজকীয় ৰাজ্যৰ প্ৰকৃতি আৰু ৰাজনীতিৰ বিষয়ে এক দীঘলীয়া কাহিনী বৰ্ণনা কৰে। ভৱনটোৰ ভিতৰ ভাগ ইউৰোপীয় স্থাপত্যৰ দ্বাৰাও অনুপ্ৰাণিত। ভৱনটোৰ স্থপতিবিদ আছিল ফ্ৰান্সৰ ডব্লিউ চি ৰাইট। তেওঁ নৱাব হামিদ আলী খানে দিয়া নিৰ্দেশনা অনুসৰি গাঁথনিটো তৈয়াৰ কৰিছিল।
 

এটা মিনাৰত ধৰ্মীয় চিহ্ন থকা খিৰিকী
 
উল্লেখ্য যে, ৰামপুৰৰ নবাবসকল আছিল ৰোহিলা। তেওঁলোকৰ উৎপত্তি হৈছিল আফগানিস্তানৰ ৰোহত। তেওঁলোক ধৰ্মনিৰপেক্ষ আৰু উদাৰ দৃষ্টিভংগীৰ বাবে বিশেষভাৱে পৰিচিত আছিল। তেওঁলোকে কলা, সংস্কৃতি আৰু শিক্ষাৰ পৃষ্ঠপোষকতা কৰিছিল আৰু সংগীত, কবিতা আৰু স্থাপত্যৰ প্ৰতি থকা প্ৰেমৰ বাবে বিখ্যাত আছিল। 

হিন্দু, মুছলমান, শিখকে ধৰি সকলো ধৰ্মৰ পণ্ডিত আৰু ধৰ্মগুৰুক পৃষ্ঠপোষকতা কৰি সামাজিক আৰু ধৰ্মীয় সমন্বয়ৰ প্ৰসাৰ ঘটাইছিল। ৰাজা পুথিভঁৰাল ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক প্ৰতিষ্ঠান হিচাপে অব্যাহত আছে আৰু ইয়াত বিৰল পাণ্ডুলিপি, কিতাপ, আৰু অন্যান্য সামগ্ৰীৰ বিশাল সংগ্ৰহ আছে।

বৰ্তমান এই পুথিভঁৰালটো উত্তৰ প্ৰদেশ চৰকাৰে পৰিচালনা কৰে যদিও নবাব পৰিয়ালৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। ইয়াৰ মিনাৰবোৰে ভাৰতৰ সমন্বয়মুখী পৰম্পৰাৰ প্ৰকৃত আত্মাক ধৰি ৰাখিছে। ১৭৭৪ চনত নবাব ফৈজুল্লাহ খানে ৰামপুৰ ৰাজা পুথিভঁৰালৰ বাবে গ্ৰন্থ সংগ্ৰহ আৰম্ভ কৰিছিল। অৱশ্যে এই ভৱনটো বহু পিছতহে নিৰ্মাণ কৰা হয়।
 

ৰামপুৰ ৰাজা পুথিভঁৰালৰ ভিতৰৰ দৃশ্য
 
পুথিভঁৰালটোত প্ৰথমতে ৰামপুৰৰ নৱাবসকলৰ ব্যক্তিগত কিতাপ আছিল, যিসকল কলাৰ পৃষ্ঠপোষক আৰু কিতাপ আৰু পাণ্ডুলিপিৰ উৎসাহী সংগ্ৰাহক আছিল। কেইবা বিগত কেইবা দশকধৰি পুথিভঁৰালটো দেশৰ বিৰল গ্ৰন্থ আৰু পাণ্ডুলিপিৰ সৰ্ববৃহৎ সংগ্ৰহৰ ভিতৰত অন্যতম হৈ পৰিছে।

উল্লেখ্য যে, পুথিভঁৰালটোত ১৭,০০০খন পাণ্ডুলিপিৰ বিশাল সংগ্ৰহ আছে। ইয়াৰ ভিতৰত আছে ১৫০খন চিত্ৰিত পাণ্ডুলিপি, ৪৪১৩খন চিত্ৰ আৰু প্ৰায় ৮৩,০০০খন ছপা কিতাপ। তদুপৰি এলবামত ৫,০০০খন ক্ষুদ্ৰ চিত্ৰ, ৩০০০খন কেলিগ্ৰাফীৰ নমুনা, আৰু ২০৫খন কলপাত আছে। ইয়াৰে বহুতো বিৰল আৰু মূল্যৱান গ্ৰন্থ আৰবী, পাৰ্চী, উৰ্দু, হিন্দী, আৰু অন্যান্য ভাষাত আছে। এই সংকলনত ইতিহাস, দৰ্শন, বিজ্ঞান, সাহিত্য, ধৰ্ম আদি বিভিন্ন বিষয়ৰ ৰচনা সন্নিবিষ্ট কৰা হৈছে।

ৰাজা পুথিভঁৰালত ক্ষুদ্ৰ চিত্ৰ, মুদ্ৰা, আৰু ঐতিহাসিক আৰু সাংস্কৃতিক তাৎপৰ্য্যপূৰ্ণ অন্যান্য বস্তুকে ধৰি কেইবাটাও বিৰল সামগ্ৰী আছে। পুথিভঁৰালটোত এটা সংৰক্ষণ লেব আছে, যিয়ে এই শিল্পকৰ্মসমূহ সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাটো নিশ্চিত কৰাৰ কাম কৰে। শেষ নবাব মুৰ্তাজা আলী খানৰ পুত্ৰ নবাব মুৰাদ আলী খান পুথিভঁৰাল পৰিচালনাৰ ব’ৰ্ডত আছে। ভাতৃ নবাব কাজিম আলী খানো ইয়াৰ সৈতে জড়িত আছিল।

তেওঁ ছুৱাৰ সমষ্টিৰ পৰা পোনপটীয়াকৈ পাঁচটা কাৰ্যকাল বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ দুবাৰকৈ সমাজবাদীৰ লগতে উত্তৰ প্ৰদেশৰ বহুজন সমাজ পাৰ্টি চৰকাৰতো মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ নিজৰ অঞ্চলত সহনশীল আৰু ধৰ্মনিৰপেক্ষ সংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত পূৰ্বপুৰুষৰ উত্তৰাধিকাৰ অব্যাহত ৰাখিছে। উল্লেখ্য যে, মৌলানা আজাদ আছিল ৰামপুৰৰ প্ৰথমগৰাকী সাংসদ, তেওঁ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰীও হৈছিল। উৰ্দু কবিতা আৰু সংগীতৰ প্ৰতি থকা অনুৰাগৰ বাবে ৰামপুৰৰ নবাবসকল বিশেষভাৱে খ্যাত আছিল।
 

ৰামপুৰ ৰাজা পুথিভঁৰালৰ সন্মুখৰ দৃশ্য
 
নবাব ইউছুফ আলী খানে তেওঁৰ দৰবাৰত নিযুক্তি দিয়া মিৰ্জা গালিবৰ পৰা কবিতা শিকিছিল। নবাবসকল বাদ্যযন্ত্ৰৰ উৎসুক সংগ্ৰাহক আছিল আৰু উস্তাদ আল্লাউদ্দিন খান আৰু উস্তাদ ফৈয়াজ খানকে ধৰি বহু বিখ্যাত সংগীতজ্ঞ আৰু গায়ক ৰামপুৰ দৰবাৰৰ সৈতে জড়িত আছিল।

শাস্ত্ৰীয় সংগীতৰ ৰামপুৰ-সাহাছৱান ঘৰাণাখন ৰাজকীয় ৰাজ্যৰ নামেৰে নামাকৰণ কৰা হৈছে আৰু ভাৰতৰ সংগীত অনুৰাগীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা অব্যাহত আছে। ৰামপুৰ মুছলমান প্ৰধান ৰাজ্য হ’লেও নবাবসকলে অ-মুছলমানৰ বাবে হিন্দু মন্দিৰ আৰু অন্যান্য পূজাস্থলী স্থাপনত উৎসাহ যোগাইছিল।

তেওঁলোকে আন্তঃধৰ্মীয় বিবাহকো সমৰ্থন কৰিছিল আৰু নিজৰ ৰাজ্যৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত থকা ব্যৱধান দূৰ কৰাৰ প্ৰচেষ্টাৰ বাবেও পৰিচিত আছিল। ৰামপুৰ ৰাজা পুথিভঁৰাল আজি ভাৰতৰ একতা আৰু সমন্বয়মুখী ঐতিহ্যৰ অন্যতম ডাঙৰ প্ৰতীক আৰু ই সমগ্ৰ বিশ্বৰ দৰ্শনাৰ্থীক আকৰ্ষিত কৰি আহিছে।