আজি মে-দাম-মেফি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
গুৱাহাটী 
 
টাই আহোম জনগোষ্ঠীয় লোকসকলে উপৰিপুৰুষক স্মৰণ তথা পূজা কৰাৰ বাবে পৰম্পৰাগতভাৱে মে-দাম-মেফি অনুষ্ঠান কৰি আহিছে। মংগলবাৰে পুৱাৰে পৰা ৰাজ্যৰ প্ৰান্তে প্রান্তে জনগোষ্ঠীয় লোকসকলে এই অনুষ্ঠান অনুষ্ঠিত কৰিব। উজনি অসমৰ প্ৰতিখন জিলাতেই বিভিন্ন অনুষ্ঠানতে পৃথকে পৃথকে মে- দাম-মেফি অনুষ্ঠিত কৰিব। 
 
টিপামত অনুষ্ঠিত হ'বলগীয়া মে-দাম-মেফি অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰিব। ঐতিহাসিক চৰাইদেউত থকা স্বৰ্গদেউসকলৰ মৈদামত মে-দাম-মেফিৰ আয়োজন কৰা হৈছে। আহোম ৰাজত্ব কালৰ ৰাজধানী ৰংপুৰৰ লগত এৰাব নোৱৰা সম্পৰ্ক থকা মহাসতী জয়মতীৰ স্বদেশপ্ৰেম আৰু আত্মবলিদানৰ স্মৃতি সজীৱ হৈ থকা জয়সাগৰ পুখুৰীৰ পাৰত অৱস্থিত ৰুদ্ৰসিংহ উদ্যানত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ৰাইজৰ সহযোগত এদিনীয়া কাৰ্যসূচীৰে মে-দাম-মেফি উদযাপনৰ ব্যৱস্থা কৰা হৈছে। 
 
২৯ টা কুকুৰাৰে পূজা সম্পন্ন কৰাৰ বাবে প্ৰখ্যাত দেওধাই চাংবুল ফুকনৰ নেতৃত্বত এটি দলক ইয়াৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ইফালে প্ৰাচীন ৰংপুৰৰ প্ৰাণকেন্দ্ৰ তলাতল ঘৰ বাকৰিত টাই আহোম জনগোষ্ঠীয় লোকসকলে এদিনীয়া কাৰ্যসূচীৰে কেন্দ্ৰীয়ভাৱে মে-দাম-মেফি উদযাপন কৰিব। দাম ফি আৰু ফুৰালুং পূজাৰে অনুষ্ঠান পাতনি মেলা হ'ব। মুকলি সভাৰ লগতে বিভিন্ন প্রতিযোগিতা সম্পন্ন হ'ব। 
 
মে-দাম-মেফিৰ প্ৰতিটো কাৰ্যসূচীত সকলো শ্ৰেণীৰ লোকক উপস্থিত থাকিবলৈ উদ্‌যাপন সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত গগৈয়ে আহ্বান জনাইছে। শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ সমীপৰ টাই সংস্কৃতি বিকাশ কেন্দ্ৰটো বিভিন্ন কাৰ্যসূচীৰে মে-দাম-মেফি উদ্‌যাপন কৰা হ'ব। আনহাতে শিৱসাগৰ চহৰৰ মাজমজিয়াত অৱস্থিত বর্ডিং খেলপথাৰত আজিৰে পৰা ১ ফেব্ৰুৱাৰীলৈ দুদিনীয়া বৃহত্তৰ ৰংপুৰ মে-দাম-মেফি উদ্‌যাপন সমিতিয়ে মে-দাম- মেফি অনুষ্ঠান উদযাপন কৰিব।