আজি উৰুকা: ভোগৰ উৎসৱৰ বাবে সাজু অসমবাসী

Story by  Ariful Islam | Posted by  Munni Begum • 3 Months ago
ভোগালীৰ বজাৰ
ভোগালীৰ বজাৰ
 
আৰিফুল ইছলাম / গুৱাহাটী
 
ভোগৰ উৎসৱ ভোগালীৰ বাবে সাজু অসমবাসী। বাপতি সাহোন বিহুটিক আদৰিবলৈ ব্যস্ত হৈ পৰিছে প্ৰতিগৰাকী অসমীয়া। আখলত পিঠা-পনাৰ প্রস্তুতিত ব্যস্ত হৈ পৰিছে জীয়ৰী-বোৱাৰী। পথাৰে পথাৰে সাজু ভেলাঘৰ আৰু মেজি। ঢেঁকীৰ শব্দত ৰজনজনাইছে গ্রামাঞ্চল। সমান্তৰালভাৱে সাজু গুৱাহাটীবাসীও।  
 
উৰুকাৰ নিশাৰ ভোগৰ প্ৰস্তুতি। হাঁহ, ছাগলী, কুকুৰা, ভিন্ন প্ৰজাতিৰ মাছেৰে লগে-ভাগে এসাঁজ খাবলৈ উদগ্ৰীৱ হৈ পৰিছে গুৱাহাটীবাসী। ফলত ভোগালীৰ ভোগৰ সামগ্ৰী সংগ্ৰহৰ বাবে বিহুবলিয়া ৰাইজে ভিৰ কৰিছে বজাৰত। উছৱমুখৰ হৈ পৰিছে ভোগালীৰ বজাৰ।
 
 
গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী হৈ পৰিছে ভোগৰ সামগ্রী। বিশেষকৈ পিঠা-পনা, দৈ, গুড়কে ধৰি থলুৱা অসমীয়া খাদ্য সম্ভাৰেৰে ভৰি পৰিছে বজাৰ। পৰম্পৰা ৰক্ষাৰ তাগিদাত নগৰাঞ্চলৰ অসমীয়াই ঢাপলি মেলিছে বজাৰলৈ।   
 
লাডু-পিঠা, কোমল চাউল, জহা চাউল, চিৰা, সান্দহ গুড়ি, মালভোগ চিৰা, জহা-বৰা চিৰা, বকুল-বৰা চিৰা, মাহকৰাই, বৰা ভজা, আঢ়ৈ চাউল ভজা, চকোৱা চাউল, জেং পিঠা, পানী টেঙা খাৰলি, জুলীয়া মিঠৈ, গুড়, দৈৰ গোন্ধত আমোলমোলাইছে চৌদিশ। গুৱাহাটীৰ ভিন্ন প্রান্তত অনুষ্ঠিত ভোগালীৰ মেলাসমূহো গ্রাহকৰ বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্রবিন্দু। বিহুৰ বাবে পিঠা-পনা ক্ৰয় কৰিবলৈ বিহুবলিয়া ৰাইজে ঢাপলি মেলিছে ভোগালীৰ মেলাসমূহলৈ। 
 
মাটিৰ টেকেলী আৰু বাঁহৰ চূঙাৰ দৈ'ৰ এখন বিপণি
 
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আত্মসহায়ক গোট, ব্যৱসায়িক প্রতিষ্ঠানে গ্রাহকৰ সন্মুখলৈ উলিয়াই দিছে থলুৱা খাদ্য সম্ভাৰ। পিচপৰি ৰোৱা নাই গুৱাহাটীৰ পদপথৰ বজাৰসমূহো। মাঘ বিহুৰ প্ৰতি লক্ষ্য ৰাখি গণেশগুৰি, খানাপাৰা, উলুবাৰী, নুনমাটি, ছয়মাইল, আমবাৰী আদি অঞ্চলৰ পদপথত ব্যৱসায়ীসকলে ৰাইজৰ বাবে মেলি দিছে ভোগৰ সামগ্রী। বৰপেটা, কামৰূপ, নাগ্ৰীজুলি, মঙলদৈ, ভেৰগাঁও, টিপাম, গহপুৰ, ৰামদিয়া, সৰভোগ, নলবাৰী আদিৰ পৰা গুৱাহাটীলৈ আমদানি হৈছে বিধে বিধে সামগ্রী। 
 
খানাপাৰাৰ পদপথত মাজুলীৰ পৰা অহা এগৰাকী মহিলা ব্যৱসায়ীয়ে কয়; "আমাৰ ইয়াতে বিপণি দিয়া ৩ বছৰ হ'ল। এইবাৰ গ্ৰাহকৰ সঁহাৰি যথেষ্ট ভাল। আমাৰ বিপণিত একেবাৰে আপুৰুগীয়া সামগ্ৰী ৰাখোঁ। যিখিনি সামগ্ৰী সময়ৰ সোঁতত হেৰাই যোৱাৰ পথত। আমাৰ ইয়াত তিনিচুকীয়াৰ হুৰুং, এৰ'দিয়া(এবাৰ ৰ'দত দিয়া) কোমল চাউল, মাজুলীৰ গুড়, মাজুলীৰ সৰিয়হ, খৰলি, পানীটেঙা, আদি উপলব্ধ। এটা কথা ভাল লাগিছে, যিসকলে আমাৰ ইয়াতে আগতে খাইছে, তেওঁলোকে পুনৰ বিচাৰি বিচাৰি আহিছে।"   
 
পিঠা-পনাৰে পৰিপূৰ্ণ এখন বিপণি
 
নগাঁও, দেৰগাঁৱৰ পৰা আহিছে গুড়। টিপামৰ পৰা আমদানি হৈছে ঢেঁকীৰ চিৰা-হুৰুম। মঙলদৈৰ পৰা গুৱাহাটীৰ বজাৰলৈ আহিছে জুলীয়া মিঠৈ। ৰামদিয়া আৰু সৰভোগৰ পৰা আমদানি কৰা হৈছে গৰু আৰু ম'হৰ দৈ। গহপুৰৰ পৰা বিক্ৰীৰ বাবে অনা হৈছে নাৰিকল। বৰপেটাৰ পৰা আমদানি হৈছে মাহ-তিল, বৰা চাউল। কোমল চাউল অনা হৈছে জামুগুৰিৰ পৰা। আনহাতে হেঙেৰাবাৰীকে ধৰি গুৱাহাটীৰ কেইবাটাও উদ্যোগত প্রস্তুত হোৱা পেকেটিং পিঠা-পনা, লাড়ু, চিৰা বিক্ৰী হৈছে বজাৰত।  
 
হাটীগাঁওৰ 'চানা টি ষ্টল'ৰ স্বত্বাধিকাৰী চইদুল্লাহ আলীয়ে কয়; "মোৰ দোকানখন ১০ বছৰ পুৰণি। বিহু বুলিয়েই নহয়, মোৰ তাত ১২ মাহে উপলব্ধ অসমীয়া থলুৱা সামগ্ৰীসমূহ। বিহুৰ সময়ত সন্মুখতে আৰু এখন ষ্টল লগাই অধিক পিঠা,লাড়ু আদি বিক্ৰী কৰোঁ। এইবাৰ যথেষ্ট গ্ৰাহক আহিছে। সামগ্ৰী শেষ হৈ যায়, আমি গ্ৰাহকক যোগান ধৰিব নোৱাৰা হৈ যাওঁ কেতিয়াবা। ৰাতিপুৱা ঘৰতে এইসমূহ বনাও আৰু আবেলি ইয়াতে বিক্ৰী কৰোঁ। সাধাৰণতে মোৰ দোকানত নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, চিৰা, কোমল চাউল, জহা চাউল, তেল পিঠা, নাৰিকল পিঠা আদি উপলব্ধ। বিহুৰ সময়ত আমি পৰিমাণটো বৃদ্ধি কৰোঁ।" 
 
দৈ-ক্ৰীম জুলীয়া মিঠৈ আদিৰে পৰিপূৰ্ণ এখন বিপণি
 
কেৱল সেয়ে নহয়, ধানখেৰ, নৰাৰে প্ৰস্তুত কৰা মেজিও বিক্ৰী হৈছে গুৱাহাটীৰ পদপথত। ভোগালীৰ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ধামখুমীয়াই গ্রাহকক কিছু পৰিমাণে ব্যতিব্যস্ত কৰিলেও বাপতি সাহোন বিহুটিক আদৰিবলৈ যেন অকণো কৃপণালি কৰিব বিচৰা নাই বিহুপ্রাণ অসমীয়াই। 
 
মুঠৰ ওপৰত বজাৰৰ পৰা ভোগৰ সামগ্রী সংগ্ৰহ কৰি চহৰাঞ্চলৰ ৰাইজে পৰম্পৰা ৰক্ষা কৰিবলৈ প্ৰস্তুতি চলাইছে। উৰুকাৰ নিশাৰ বাবে হাঁহ, পাৰ, কুকুৰা, ছাগলীৰ মাংস, ৰৌ, ভকুৱা, চিতল, আৰি আদি মাছ গ্ৰাহকৰ বাবে উলিয়াই দিবলৈ প্রস্তুতি চলাইছে বিক্রেতাসকলে। এনে ভিন্ন  আয়োজনৰ মাজেৰে অসমীয়াই পালন কৰিব ভোগালী বিহু।