বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ হৈয়েই ৰ'ব নেকি?

Story by  atv | Posted by  Munni Begum • 1 Years ago
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৌ যুদ্ধৰ নেতৃত্ব দিয়া এখন প্ৰতিনিধিত্বমূলক চিত্ৰ
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৌ যুদ্ধৰ নেতৃত্ব দিয়া এখন প্ৰতিনিধিত্বমূলক চিত্ৰ
 
অঞ্জু শাণ্ডিল্য
 
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে ২০২২ বৰ্ষত অভিলেখ সৃষ্টি কৰি বহুতে নানা প্ৰবন্ধ-নিবন্ধ লিখিলে। আৰু আচৰিত কথা, যিসকলে পূর্বতে মহাবীৰ লাচিত বৰফুকনৰ সহযোগী তথা পালি সেনাপতি বাঘ হাজৰিকা সন্দৰ্ভত সৰৱ হৈ পৰিছিল, সেই সকলৰ অনেকেই তেওঁলোকৰ ৰচনাত বাঘ হাজৰিকাৰ নামেই উল্লেখ নকৰিলে। আনহাতে চৰকাৰৰ ফালৰ পৰাও প্ৰচাৰ কৰা হ'ল যে বাঘ হাজৰিকা নামৰ কোনো বাস্তৱ চৰিত্ৰই নাছিল, বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ। 
 
সঁচাই যদি বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ তেনেহ'লে বাস্তৱ চৰিত্ৰ তথা গড়গঞা জীয়ৰী চেংফা গাভৰুক কাল্পনিক চৰিত্ৰ বাঘ হাজৰিকালৈ কেনেকৈ বিয়া দিছিল? আৰু এজন কাল্পনিক মানুহ (বাঘ হাজৰিকা)ৰ বংশাৱলী ৰচনা হয় জানো? আজিও অসমৰ ডিব্ৰুগড়, যোৰহাট, নগাঁও, গুৱাহাটী আদিত বাঘ হাজৰিকাৰ বংশ-পৰিয়ালৰ মানুহ আছে। সেইসকলে নিজকে বাঘ হাজৰিকাৰ বংশৰ মানুহ বুলি গৌৰৱ অনুভৱ কৰে। বাঘ হাজৰিকাৰ বংশ-লতা বর্তমান দ্বাদশ প্রজন্মলৈকে বিস্তৃত হৈ পৰিছে। 
 
কবি মফিজুদ্দিন আহমদ হাজৰিকা, শিল্পী চাকিৰ হাজৰিকা আদি বাঘ হাজৰিকাৰ বংশৰ লোক। এইসকল আৰু অন্যান্যসকলে এজন কাল্পনিক মানুহ (বাঘ হাজৰিকা)ৰ বংশৰ লোক বুলি চিনাকি দিব পাৰে জানো? বাঘ হাজৰিকা যে অসম ইতিহাসৰ এক উল্লেখযোগ্য চৰিত্ৰ, সেই কথা বহুত বুৰঞ্জীবিদ, গৱেষক, পণ্ডিত, ৰাজনীতিবিদে জানে। শৰাইঘাটৰ ৰণখন চলি থাকোতে, সেনাপতি লাচিত বৰফুকনৰ তীৰকঁপে জ্বৰ উঠাত, যুদ্ধখন চলোৱাৰ ভাৰ বাঘ হাজৰিকাৰ ওপৰত পৰে। মোগলৰ ৰণ-কৌশল জনা বাঘ হাজৰিকাই ছেগ বুজি মোগলৰ বৰতোপৰ কামানত পানী ঢালি দিয়াত যুদ্ধৰ সময়ত কামানবোৰ নুফুটিল। ফলত আহোমৰ জয় সুনিশ্চিত হয়। 
 
বাঘ হাজৰিকাৰ কাল্পনিক ছবি
 
বুৰঞ্জীবিদ সূর্য কুমাৰ ভূঞাই স্বীকাৰ কৰি গৈছে যে বাঘ হাজৰিকা অবিহনে শৰাইঘাট যুদ্ধত আহোম সেনাই জয়লাভ কৰিব নোৱাৰিলেহেঁতেন। তদুপৰি বহু লেখকৰ কলমত বাঘ হাজৰিকাই স্থান লাভ কৰিছে। জিতুজ্যোতি গায়নৰ নাটক 'বাঘ হাজৰিকা’, তোলন গোহাঁইৰ ইতিহাস 'হাঁহচৰাৰ অতীত ৰোমন্থন' আদি। তদুপৰি এজন কাল্পনিক মানুহৰ নামত পুখুৰী, শিক্ষানুষ্ঠান হয়নে? 'বাঘধৰা পুখুৰী', 'বাঘধৰা হাইস্কুল', 'বাঘ হাজৰিকা জুনিয়ৰ কলেজ আদি। অসমৰ ৰাইজে বিচাৰে বাঘ হাজৰিকাকো চৰকাৰে স্বীকৃতি দিয়ক। যিদৰে অন্যান্য বীৰ, জাতীয় জীৱনলৈ অৱদান আগবঢ়োৱা ব্যক্তিক চৰকাৰে স্বীকৃতি, সন্মান দিছে, বাঘ হাজৰিকাকো সেই সন্মান, স্বীকৃতি দিয়ক। 
 
বাঘ হাজৰিকাক এক কাল্পনিক চৰিত্ৰ বুলি চৰকাৰী পক্ষই প্ৰচাৰ কৰাৰ পাচত বহুলোক বাঘ হাজৰিকা সন্দৰ্ভত উৎসুক হৈ পৰে আৰু অনুসন্ধান, অধ্যয়ন কৰি বাঘ হাজৰিকা যে এক বাস্তৱ চৰিত্ৰ এই কথা জানিব পাৰে। তথাপি এই কথা (বাঘ হাজৰিকা)ৰ বিতৰ্কৰ অন্ত নাই। ৰাজ্যখনত বহু জাতীয়তাবাদী দল-সংগঠন আছে আৰু গৱেষক, ইতিহাসবিদ, বুদ্ধিজীৱী আছে। সেইসকলেও এই বিতৰ্কৰ অন্ত পেলাবলৈ ইতিবাচক পদক্ষেপ ল'ব পাৰে। বাঘ হাজৰিকা যে কাল্পনিক চৰিত্ৰ নহয়, এই কথা চৰকাৰক পতিয়ন নিয়াবলৈ প্ৰচেষ্টা ল'ব পাৰে। জাতীয় স্বাৰ্থৰ হকে, অসমৰ শান্তি-সম্প্রীতি অটুট ৰখাৰ বাবেই এই পদক্ষেপ, প্রচেষ্টা গ্রহণযোগ্য। নহ'লে পাচৰ প্ৰজন্ময়ো নাজানিব অসমৰ সাতামপুৰুষীয়া ঐক্য-ভাতৃত্ব-বন্ধুত্বৰ কথা। 
 
বাঘ হাজৰিকা বুলি ক'লেই, শৰাইঘাটৰ ৰণ, লাচিত বৰফুকনৰ কথা মনলৈ আহে। অসম বুৰঞ্জীত কিন্তু বাঘ হাজৰিকাৰ কথা বিশেষভাৱে উল্লেখ নাই। অথচ যিজনৰ কাৰণে অসমখন মোগলৰ কবলৰ পৰা উদ্ধাৰ হ'ল, শৰাইঘাট ৰণত অসমীয়া সৈনাই জয়লাভ কৰিলে, সেইজন বাঘ হাজৰিকাৰ নাম-গোন্ধই নাই। দোষ কাৰ জনা নাযায়। অসম বুৰঞ্জীত এইজন দেশপ্রেমিক বীৰৰ কথা বহুলভাৱে নাই। লাচিত বৰফুকনৰ প্ৰশংসাত পঞ্চমুখ বহু বুৰঞ্জীবিদেও বাঘ হাজৰিকাৰ কথা পাহৰি যায়। অৱশ্যে সূর্য কুমাৰ ভূঞাই বহু লেখাত বাঘ হাজৰিকাৰ কথা সুন্দকৈ লিখি গৈছে। 
 
শৰাইঘাট যুদ্ধৰ প্ৰতিনিধিত্বমূলক ছবি
 
বাঘ হাজৰিকাৰ পৰিনাতি এম চালেহউদ্দিন আহমেদ হাজৰিকাই লিখা 'বাঘ হাজৰিকা' গ্ৰন্থখনতো বহু কথা সোমাই আছে। তোলন গোহাঁইৰ 'দিখৌপৰীয়া হাঁহচৰা গাঁৱৰ ইতিহাস' জিতুজ্যোতি গায়নৰ ‘বাঘ হাজৰিকা’ নাটক, মেদিনীমোহন চৌধুৰীৰ ‘লুইত বৰাক আৰু ইছলাম', ৰুফিউল ইছলাম বৰুৱাৰ ইছলামীয় ঐতিহ্য আৰু অসম' গ্ৰন্থকেইখনৰ বাদেও ইংৰাজীত সূর্য কুমাৰ ভূঞাৰ ‘মিলিটেৰী হিষ্টৰী অব্ আছাম’, 'এনালছ অব দ্য দিল্লী বাদশ্বাহ' আৰু মেদিনী শ‍ইকীয়াৰ 'আছাম মুছলিম ৰিলেচন এণ্ড ইটছ ছিগনিফিকেচন' গ্ৰন্থবোৰতো বাঘ হাজৰিকাৰ বিষয়ে বহু কথা আছে। তথাপি এচাম অসমীয়াই কয় যে বাঘ হাজৰিকা এটা কাল্পনিক চৰিত্ৰ। কিন্তু আহোম স্বৰ্গদেউৱে জানো কাল্পনিক চৰিত্ৰ বাঘ হাজৰিকাক এশপূৰা মাটিত এটা পুখুৰী খন্দাই দিব পাৰে। যিটো পুখুৰী আজিও 'বাঘধৰা পুখুৰী' নামেৰে প্ৰখ্যাত। আনহাতে স্বৰ্গদেউ জয়ধ্বজ সিংহই হাঁহচৰাৰ দৰিকাদাঁতিৰ গৰিয়াগাঁৱত বাঘ হাজৰিকাৰ বাবে যি বাসস্থান সজাই দিছিল, তাত ঘৰ-দুৱাৰৰ ভেটি, পাটনাদ আদিৰ চিন আছে। 
 
তদুপৰি বাঘ হাজৰিকাক আহোম ৰজাই খন্দাই দিয়া পুখুৰীটোৰ পাৰত হাঁহচৰাৰ ৰাইজে ১৯৮২ চনত 'বাঘধৰা হাইস্কুল প্রতিষ্ঠা কৰে। আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ২০১৩ চনৰ ১৪ ফেব্ৰুৱাৰীত ঘোষণা কৰিছিল যে বীৰ লাচিত বৰফুকনৰ সহযোগী বাঘ হাজৰিকাৰ স্মৃতি ৰক্ষাৰ্থে অসম চৰকাৰে 'বাঘ হাজৰিকা বঁটা' প্ৰদান কৰিব। কেইবাটাও জাতীয় সংগঠনে ইতিমধ্যে 'বাঘ হাজৰিকা সমন্বয় বঁটা', 'বাঘ হাজৰিকা সম্প্রীতি বঁটা' প্ৰদান কৰি আহিছে। বাঘ হাজৰিকাৰ সৈতে তেজ-মঙহৰ সম্পর্ক থকা যোৰহাটৰ শিল্পী চাকিৰ হাজৰিকাই সম্প্রীতিৰ সেতু' শীর্ষক এখন টেলিফিল্ম নির্মাণ কৰিছিল বাঘ হাজৰিকাৰ স্মৃতিত, ২০০৯ চনত চাকিৰ হাজৰিকাৰ মৃত্যু ঘটাত সেই কাম সম্পূর্ণ নহ'ল। 
 
'বাঘ হাজৰিকাই মোগলৰ যুদ্ধ প্ৰণালী আৰু কায়দা জানিছিল। তেওঁ লাচিত বৰফুকনৰ লগত থাকি মোগলৰ যুদ্ধ প্ৰণালীৰ সংকেত কোৱাত লাচিত বৰফুকনে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি বিদেশীক পৰাস্ত কৰিবলৈ সুবিধা পাইছিল।' (স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ', ড° সূর্য কুমাৰ ভূঞা)
 
'মোগল আছিল গোড়া মুছলমান। তেওঁলোক সকলোৱেই ৰাতিপুৱা এবাৰ নামাজত বহিবই। সেই ছেগতে জপং গোহাঁই আৰু বাঘ হাজৰিকাই অতি সন্তর্পণে গৈ প্ৰতিটো কামানৰ মুখত পানী ঢালি থৈ আহিল। মহম্মদ ইছমাইল ছিদ্দিকে ‘দেশতকৈ ধৰ্ম ডাঙৰ নহয় বুলি ভবাৰ কাৰণেহে এইখন যুদ্ধত আহোমৰ জয় সুনিশ্চিত হয়।' (হাঁহচৰাৰ অতীত ৰোমন্থন', পৃঃ ২৯, তোলন গোহাঁই)
 
শৰাইঘাটৰ যুদ্ধৰ এটা স্মাৰক
 
বাঘ হাজৰিকাই নিজৰ প্ৰতি ন্যস্ত দায়িত্বক নিঃস্বার্থ আৰু অতি সাহসেৰে পালন কৰি নিজ মাতৃভূমিৰ প্ৰতি থকা অন্তৰৰ সঁচা মৰমকে প্ৰমাণ কৰি দেখুৱাইছিল। শত্রুপক্ষ তেওঁৰ স্ব-ধৰ্মীয় হোৱা সত্ত্বেও আৰু অসমীয়া সেনাই নজনা এক ৰণ-কৌশল প্রয়োগ কৰি অর্থাৎ এক বিশেষ সুবিধাৰ ফলত মোগলৰ বৰতোপবোৰৰ নলীত পানী ঢালি দি সেইবোৰ অকামিলা কৰি শত্ৰুক বাৰুকৈয়ে শ'লঠেকত পেলাইছিল।' (শৰাইঘাটৰ ৰণ, এ এম হাজৰিকা) 
 
লাচিতৰ পিচত বাঘে ল'লে বাট/লানি নিছিগা ৰণুৱা সেনানী/গিজগিজাই উঠিল শৰাইঘাট।' তুফেল জিলানী, 'লাচিত বৰফুকন'।স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাজত্বকালত মোগলে আহোম ৰাজ্য আক্ৰমণ কৰে। জয়ধ্বজ সিংহই মোগলৰ লগত সন্ধি কৰি গুৱাহাটী মোগলক এৰি দিয়াৰ লগতে ৰমণী গাভৰুক মোগল সম্রাট ঔৰংজেৱৰ পুত্ৰ আজমতৰালৈ বিয়া দিয়ে আৰু বছৰি সম্ৰাটক কৰ-কাটল দিয়ে। জয়ধ্বজ সিংহৰ মৃত্যুৰ পাচত ৰজা চক্ৰধ্বজ সিংহই ৰাজপাটত উঠিয়েই গুৱাহাটী মোগলৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ চেষ্টা কৰে। লাচিত বৰফুকনৰ সেনাপতিত্বত অসমীয়া সেনাই কাজলী, বাঁহবাৰী, ইটাখুলি, চাহবুৰুজ, লতাশিল, পাণ্ডু, উমানন্দ, মানাহ, আগিয়াঠুটি, শৰাইঘাট, নগৰবেৰা, ৰঙামাটি, চেঁচা, শুৱালকুছি, কুৰুৱা আদি ঠাইত নৌযুদ্ধ আৰু স্থলযুদ্ধত মোগল সেনাপতি ৰামসিংহক পৰাস্ত কৰে। 
 
লাচিতৰ লগত ছাঁৰ দৰে আছিল বাঘ হাজৰিকা। এই বাঘ হাজৰিকাৰ আচল নাম ইছমাইল ছিদ্দিকি। ইছমাইল ছিদ্দিকি যুদ্ধবিদ্যাত পাৰ্গত হোৱাৰ উপৰি এজন শিল্পীও আছিল। দিল্লীবাসী ইছমাইল ছিদ্দিকিক ৰমণী গাভৰুৱে আহোম ৰাজ্যলৈ পঠিয়াইছিল। আগে-পিচেও আহোম ৰাজ্যলৈ বংগ-গৌড় আদিৰ পৰা শিল্পীসকলক আহোম ৰজাই নি স-সন্মানেৰে, পদবী-খিতাপ আদি প্ৰদান কৰি আহোম ৰাজ্যত প্ৰতিষ্ঠিত কৰিছিল। 
 
শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনে নৌ যুদ্ধৰ নেতৃত্ব দিয়া এখন চিত্ৰ
 
ইছমাইল ছিদ্দিকিয়ে পিতৃ-মাতৃ, আত্মীয়-স্বজন সকলোকে এৰি থৈ আহোম ৰাজ্যলৈ আহিছিল। দিল্লীৰ পৰা অহা এই পাহুৱাল, যুদ্ধবিদ্যা কাৰিকৰী বিদ্যাত পাৰ্গত যুৱকজনক স্বৰ্গদেউৱে হাঁহচৰাৰ দৰিকাদাঁতিৰ গৰিয়াজানৰ পাৰত থকাৰ সু-বন্দবস্ত কৰি দিছিল। গাঁওখনত থাকিবলৈ লৈ, ইছমাইল ছিদ্দিকিয়ে আহোম ৰাজ্যকে মাতৃভূমিৰূপে আঁকোৱালি ল'লে। কাৰণ আহোম ৰাজ্যৰ মাটি-পানী, বায়ু-আহাৰেৰে তেওঁ পুষ্ট। গতিকে সেই ৰাজ্যৰ সুখ-দুখেই তেওঁৰো সুখ-দুখ। 
 
তেওঁ বাস কৰা গাঁওখনত বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰাত ইছমাইল ছিদ্দিকিয়ে খালী হাতেৰে অৰ্থাৎ হাতত কোনো অস্ত্র নোহোৱাকৈয়ে বাঘ এটা ধৰি গাঁওবাসীক ৰক্ষা কৰে। এই কথা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ কাণত পৰাত বাঘ হাজৰিকা উপাধি প্ৰদান কৰে, আৰু শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ পালি সেনাপতিৰো পদ অৰ্পণ কৰে। মাত্ৰ বাঘ হাজৰিকাই নহয়, যোগ্যতা, দক্ষতাৰ ভিত্তিত আহোম ৰাজত্বকালত মুছলমান বহু লোকে ৰাজসভাত পদমর্যাদা লাভ কৰিছিল। মোগলে সোতৰবাৰ অসম আক্ৰমণ কৰিছিল। এই আক্ৰমণৰ ফলত বহুতো মোগল সৈন্য, যুদ্ধবন্দী অসমতে থাকি অসমীয়া ছোৱালী বিয়া কৰাই অসমৰে অসমীয়া হৈ পৰে। 
 
লাচিত বৰফুকনৰ লগত এইসকলৰ বহুতেই (অসমীয়া মুছলমান সেনা) মোগলৰ বিৰুদ্ধে যুঁজত নামিছিল। ইতিহাসে সাক্ষ্য দিয়ে অতীজৰে পৰা অসমত হিন্দু-মুছলমানৰ মাজত সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি হোৱা নাই। সাম্প্রতিক সময়ত বীৰযোদ্ধাসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ চৰকাৰীভাৱে আৰু বহু জাতীয় সংগঠনে বিভিন্ন পদক্ষেপ লৈছে।
 
লাচিত মৈদামত থকা এটা বৰতোপ
 
১৯৯৪ চনত লাচিত বৰফুকনৰ মৈদাম হোলোঙা পাৰতে আছে বুলি ‘দৈনিক জনমভূমি' কাকতৰ সেই সময়ৰ সম্পাদক দেৱ কুমাৰ বৰাই কাকতখনৰ প্ৰথম পৃষ্ঠাতে প্ৰকাশ কৰিছিল আৰু আন আন কাকততো প্ৰকাশ পাইছিল। ৰাজ্যপাল এছ কে সিনহাই এই বার্তা লাভ কৰি মৈদামস্থলীলৈ গৈ চৰকাৰী কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰায় আৰু এই মৈদামৰ উন্নয়নৰ কাম হাতত লয় আৰু আজি লাচিত বৰফুকনৰ মৈদামক্ষেত্ৰ এক আকর্ষণীয় পর্যটনক্ষেত্ৰৰূপে জিলিকি আছে। কিন্তু বাঘ হাজৰিকা যেন উপেক্ষিত হৈ ৰ'ল। বিশেষকৈ চৰকাৰীভাৱে উপেক্ষিত, অনাদৃত হৈ ৰ'ল৷ 
 
আহোম ৰজাই বাঘ হাজৰিকাক শৰাইঘাট ৰণত বিজয়ী হৈ ঘূৰি অহাৰ পাচত হাৰিপাৰা আলিৰ কাষত এশপূৰা মাটিৰে এটা পুখুৰী খন্দাই দিয়ে আৰু এখন আহল-বহল বাৰীৰে এটা বাসগৃহ সজাই দিয়ে। ইয়াতেই বাঘ হাজৰিকাৰ পৰিয়ালে বাস কৰিছিল। পাচত মোৱামৰীয়া বিদ্রোহ, মানৰ আক্ৰমণৰ বাবে বাঘ হাজৰিকাৰ বংশ-পৰিয়াল ইয়াৰ পৰা আঁতৰি যায়। যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীত বাঘ হাজৰিকাৰ বংশ-পৰিয়াল আজিও আছে। গৰিয়াজানৰ কাষৰ গৰিয়াগাঁৱত কেৱল বাঘ হাজৰিকাৰ স্মৃতি বহন কৰি আছে, বাসস্থানৰ মাটি-ভেটি, পাটনাদ আদিয়ে।
 
আৰু আছে বাঘধৰা পুখুৰী, বাঘধৰা হাইস্কুল, কিন্তু সংৰক্ষণৰ অভাৱত গৰিয়াগাঁওখন জহি-খহি গৈছে। ইকৰানি, পাটীদৈ আদিয়ে চিন-চাব নোহোৱা কৰিছে। এতিয়াও গাঁওখনত ঘৰ-দুৱাৰৰ ভেটি আদি আছে। গৰিয়া গাঁওখন সংৰক্ষণ কৰি এক পর্যটনক্ষেত্রৰূপে গঢ়ি তুলি চৰকাৰে বাঘ হাজৰিকাৰ স্মৃতি যুগমীয়া কৰিব পাৰে। 
 
(অঞ্জু শাণ্ডিল্য এগৰাকী সু-লেখিকা)