সম্পূৰ্ণৰূপে সলনি হ'ব নৱম-দশম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নৰ আৰ্হি

Story by  atv | Posted by  Munni Begum • 17 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
অসম মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পৰা নৱম শ্রেণীত আৰু ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ পৰা দশম শ্রেণীত 'কৃত্রিম বুদ্ধিমত্তা আৰু ৰব'টিকছ'ৰ নতুন ঐচ্ছিক বিষয় অন্তর্ভুক্ত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।  
 
এই বিষয়টোৰ পাঠ্যপুথি ছাত্র-ছাত্রীসকলে ডাউনলোড কৰি বা মুকলি বজাৰৰ পৰা লাভ কৰিব পাৰিব। পাঠ্যপুথিৰ পিডিএফ সংস্কৰণ ছেবাৰ ৱেবছাইট www.sebaonline.orgত উপলব্ধ। https://techcbse.com/artificialintelligence-e- book-free-for-cbse-9-10-11-12 লিংকৰ জৰিয়তেও পাঠ্যপুথি ডাউনলোড কৰিব পাৰিব। 
 
তদুপৰি যোৱা ১২ মাৰ্চত ২০২৪-২৫ শৈক্ষিক বর্ষ অর্থাৎ চলিত বছৰৰ শৈক্ষিক কেলেণ্ডাৰত পৰীক্ষা সন্দর্ভত প্রকাশিত জাননীৰ কিছু সাল-সলনি ঘটোৱা হৈছে। যোৱা ২৬ এপ্রিলত ছেবাই প্রকাশ কৰা জাননীত উল্লেখ কৰা হৈছে যে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰপৰা সকলো বৃত্তিমূলক বিষয় (কৃত্রিম বুদ্ধিমত্তা আৰু ৰব'টিকছ, কাপোৰ ডিজাইনিং, কাঠৰ শিল্প, সংগীত, নৃত্য, যোগ আৰু শাৰীৰিক শিক্ষা, চাৰু কলা, গার্হস্থ্য বিজ্ঞান, বোৱা আৰু বস্ত্ৰ ডিজাইন আদি) সমূহৰ বাবে ব্যৱহাৰিক নম্বৰ ৫০ শতাংশ হ'ব। কম্পিউটাৰ ছায়েন্স আৰু বাণিজ্যৰ বাবে পূৰ্বৰ দৰে ব্যৱহাৰিক নম্বৰ ৩০ শতাংশ থাকিব।  
 
জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা পৰিচালনা কৰিব। কেন্দ্ৰত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ ব্যৱস্থা উঠাই দিয়া হৈছে। ছাত্র-ছাত্রীসকলে পৃথকে ব্যৱহাৰিক পৰীক্ষাত উত্তীর্ণ হ'ব লাগিব। ছাত্র-ছাত্রীসকলে মাল্টিপ'ল চয়েছ (এম চি কিউ) আৰু বৰ্ণনামূলক প্রশ্নত পৃথকে পৃথকে পাছ কৰা নম্বৰ পাব লাগিব।  
 
অ' এম আৰ শ্বীটত চাৰিটা (A, B, C, D) ছেট থাকিব। ইংৰাজী আৰু আন বিষয়বোৰৰ সকলোবোৰ প্রশ্নই যে নির্দিষ্ট পাঠ/অধ্যায়ৰ পৰা আহিব, তেনে নহয়। পাঠ্যপুথিত নথকা অংশ, ব্যাকৰণ আদি থাকিব পাৰে। বিষয়টোত কিমান জ্ঞান আহৰণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন আহিব পাৰে। 
 
সেইদৰে বিজ্ঞান আৰু গণিতত প্রশ্ন/জটিল সমস্যা ধাৰণাভিত্তিক হ'ব, যিবোৰ পোনপটীয়াকৈ পাঠ্যপুথিৰ নহ'বও পাৰে। আনকি উদাহৰণ আৰু প্ৰসংগৰ পৰাও প্রশ্ন আহিব পাৰে। সমাজ বিজ্ঞান বিষয়তো ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ নিৰ্দেশনাৰ আধাৰত ধাৰণাভিত্তিক প্ৰশ্নৰ আৰ্হি হ'ব। বৃত্তিমূলক বিষয়সমূহকে ধৰি আন আন বিষয়সমূহতো প্ৰশ্নৰ আৰ্হি নতুন শিক্ষানীতি অনুসৰি সলনি কৰা হ'ব বুলি ছেবাৰ সচিবৰ স্বাক্ষৰিত জাননীখনত প্ৰকাশ কৰা হৈছে।  


শেহতীয়া খবৰ