কিয় সেউজীয়া হৈ পৰিছে WhatsApp; নীলা ৰঙৰ থিম সলনি কৰাৰ প্ৰকৃত কাৰণ কি

Story by  atv | Posted by  [email protected] • 13 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

বহুলভাৱে ব্যৱহৃত মেছেজিং এপ হোৱাটছএপে শেহতীয়াকৈ নিজৰ appearanceত এটা সৰু কিন্তু লক্ষণীয় পৰিৱৰ্তন আনিছে। পূৰ্বে এই এপটো নীলা ৰঙৰ থিমৰ বাবে পৰিচিত আছিল যদিও এতিয়া ইয়াক সেউজীয়া ৰঙলৈ সলনি কৰা হৈছে। এই পৰিৱৰ্তনে বহু ব্যৱহাৰকাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু তেওঁলোকে ইয়াৰ আঁৰৰ কাৰণ জানিবলৈ ইচ্ছা প্ৰকাশ কৰি আছে। 
 
প্ৰকৃতাৰ্থত হোৱাটছএপৰ এই পৰিৱৰ্তনৰ আঁৰৰ কাৰণ হ'ল ইয়াৰ স্বত্ত্বাধিকাৰী মেটা কোম্পানীয়ে ব্যৱহাৰকাৰীক "আধুনিক আৰু নতুন অভিজ্ঞতা" প্ৰদান কৰিব বিচাৰিছে আৰু এপটোক অধিক সুলভ আৰু ব্যৱহাৰ কৰাত সহজ কৰি তুলিব বিচাৰিছে। তেওঁলোকে এপটোৰ ৰূপৰ বিভিন্ন দিশ আপডেট কৰিছে, য’ত আছে স্পেচিং, ৰং, আইকন আদি।
 
iOS আৰু Android উভয় ফোন ব্যৱহাৰকাৰীয়ে এই পৰিৱৰ্তন লক্ষ্য কৰিছে। হোৱাটছএপত blue colour scheme থকা আইফোনসমূহে দেখিব যে ষ্টেটাছ বাৰৰ পৰা আৰম্ভ কৰি চেট-লিষ্ট উইণ্ড’লৈকে সকলোৱে শেহতীয়া ডিজাইনৰ পৰিৱৰ্তনক ৰূপান্তৰিত কৰিছে। আনকি এপটোৰ ভিতৰত শ্বেয়াৰ কৰা লিংকবোৰো এতিয়া নীলা ৰঙৰ সলনি সেউজীয়া ৰঙেৰে দেখা যাব।
 
ইয়াৰ উপৰিও এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে ডাৰ্ক মোডত কিছু সূক্ষ্ম সালসলনি কৰা হৈছে, যাৰ ফলত ইয়াক আৰু গাঢ় কৰি তোলা হৈছে। আনহাতে, লাইট মোডে অধিক স্থানৰ সৈতে উন্নত পঠনযোগ্যতা (readability)ৰ সুবিধা প্ৰদান কৰে।
 
ৰং সলনি কৰাৰ উপৰিও ব্যৱহাৰকাৰীৰ অভিজ্ঞতা বৃদ্ধিৰ লক্ষ্যৰে হোৱাটছএপে আন আন আপডেট কৰিছে। এটা লক্ষণীয় পৰিৱৰ্তন হৈছে বাৰ্তা প্ৰেৰণ সূচকত কিছুমান শব্দৰ ডাঙৰ আখৰ, যেনে "অনলাইন" আৰু "টাইপিং"। এই পৰিৱৰ্তনে অনলাইন ব্যৱহাৰকাৰীৰ মাজত চৰ্চাৰ সৃষ্টি কৰিছে। বিভিন্নজনে ইয়াৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিছে।