লোকসভাৰ নিৰ্বাচনঃ ৪৫ বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ নিৰ্বাচনী যুঁজত নাই আব্দুল্লা পৰিয়ালৰ সদস্য

Story by  atv | Posted by  [email protected] • 11 d ago
আগা চৈয়দ ৰুহুল্লাহ আৰু ৱাহিদ উৰ ৰেহমান পাৰা
আগা চৈয়দ ৰুহুল্লাহ আৰু ৱাহিদ উৰ ৰেহমান পাৰা
 
আহমেদ আলী ফায়াজ/শ্ৰীনগৰ

অহা ১৩ মে'ত শ্ৰীনগৰ লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰখনত সকলো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। কিন্তু, কাশ্মীৰৰ প্ৰথমটো ৰাজনৈতিক পৰিয়াল হিচাপে চিহ্নিত আব্দুল্লা পৰিয়ালৰ অনুপস্থিতিয়ে এইবাৰৰ নিৰ্বাচনক কিছু পৃথক কৰি তুলিছে। বিগত ৪৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আব্দুল্লা পৰিয়ালৰ কোনো সদস্যক শ্ৰীনগৰৰ নিৰ্বাচনী ৰঁণত দেখিবলৈ পোৱা নাই। 
 
সমষ্টিটোৱে ৰাষ্ট্ৰীয় সন্মিলন (National Conference)ৰ প্ৰতিষ্ঠাপক শ্বেখ মহম্মদ আব্দুল্লাৰ পৰিয়ালৰ তিনিটা প্ৰজন্মৰ প্ৰতিনিধিক লোকসভালৈ প্ৰেৰণ কৰিছে। তেওঁলোকে হৈছে তেওঁৰ পত্নী বেগম আকবৰ জেহান, পুত্ৰ ফাৰুক আব্দুল্লা, আৰু নাতি ওমেৰ আব্দুল্লা। 
 
ইয়াৰ পূৰ্বে, ১৯৯৬ চনতহে ৰাষ্ট্ৰীয় সন্মিলনে প্ৰাৰ্থী ঘোষণাৰ পৰা বিৰত থকাত কাশ্মীৰৰ প্ৰথম পৰিয়ালৰ প্ৰাৰ্থী অবিহনে সমষ্টিটো চলিবলগীয়া হৈছিল। এই সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা ২৪ জন প্ৰাৰ্থীৰ ভিতৰত মূল প্ৰতিদ্বন্দ্বী হৈছে নেচনেল কনফাৰেন্সৰ যুৱ নেতা আগা চৈয়দ ৰুহুল্লা (৪৬) আৰু মেহবুবা মুফতীৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ ৱাহিদ উৰ ৰেহমান পাৰা (৩৪)।
আগা চৈয়দ ৰুহুল্লাহ হৈছে এজন ছিয়া নেতা যিয়ে বুডগামৰ পৰা একেৰাহে তিনিটা কাৰ্যকালৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে। ওমৰ আব্দুল্লাৰ কেবিনেটতো তেওঁ মন্ত্ৰী আছিল। একেদৰে, ৱাহিদ উৰ ৰেহমান পাৰাই জিলা উন্নয়ন পৰিষদৰ (ডিডিচি) নিৰ্বাচনত জয়ী হৈছিল। শ্ৰীনগৰে লোকসভালৈ বাকছী গুলাম মহম্মদ (জম্মু-কাশ্মীৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী), ছামিম আহমদ ছামিম, বেগম আকবৰ জেহান, ডাঃ ফাৰুক আব্দুল্লা, মেহবুবা মুফতি আৰু ওমৰ আব্দুল্লাৰ দৰে আগশাৰীৰ নেতাক প্ৰেৰণ কৰিছে।
 
বহু বছৰৰ পাছত নিৰ্বাচনৰ প্ৰচাৰত যুৱক-যুৱতীসকলক বৃহৎ পৰিসৰত ওলাই অহা দেখা গৈছে। সম্ভৱতঃ যুৱ প্ৰাৰ্থীক সুযোগ দিয়াত নতুন প্ৰজন্ম ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈছে। ৱাহিদ উৰ ৰেহমান পাৰাই কয় যে গণতান্ত্ৰিক প্ৰক্ৰিয়াত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণ সমগ্ৰ জম্মু-কাশ্মীৰৰ ৫টা লোকসভা সমষ্টিতে দেখিবলৈ পোৱা গৈছে।
 
“২০১৯ চনৰ আগষ্ট মাহৰ পৰা পৰিস্থিতি নাটকীয়ভাৱে সলনি হৈছে। বিচ্ছিন্নতাবাদী উগ্ৰপন্থী পিছুৱাই গৈছে। তেওঁলোকৰ আখ্যান নিষ্ক্ৰিয় কৰা হৈছে। ২০১৯ চনৰ আগৰ সকলো নিৰ্বাচনী প্ৰচাৰতে আমি নিজকে বিদেশী ভূমিত থকা যেন অনুভৱ কৰিছিলো; সমাজৰ পৰা আমি বহিষ্কাৰ হৈছিলো। কাৰণ বিচ্ছিন্নতাবাদীয়ে নিৰ্বাচন বৰ্জনৰ আহ্বান জনাইছিল। কিন্তু এতিয়া কোনো বাধা নাই। ঘৃণাৰ সলনি এতিয়া প্ৰেমে স্থান পাইছে। এইটো অভূতপূৰ্ব।”, আৱাজ-দ্য ভইচক এইদৰে কয় পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ ৱাহিদ উৰ ৰেহমান পাৰাই।
 
উল্লেখ্য যে, আগা আৰু পাৰা উভয়ৰে নিৰ্বাচনী ইছ্যু একেটাই, সেয়া হৈছে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধাচৰণ, ৩৭০ আৰু ৩৫-এ অনুচ্ছেদ বাতিলৰ বিৰোধিতা আৰু জম্মু-কাশ্মীৰক দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰাৰ বিৰোধিতা। 
 
পাৰা এজন অভিযুক্ত আৰু সন্ত্ৰাসবাদী পুঁজি সম্পৰ্কীয় গোচৰত তেওঁ সম্প্ৰতি জামিনত আছে। ইয়াৰ বিপৰীতে, আগা হৈছে সন্ত্ৰাসবাদৰ বলি হোৱা এজন ব্যক্তি। ২০০০ চনৰ নৱেম্বৰ মাহত তেওঁৰ পিতৃক উগ্ৰপন্থীয়ে হত্যা কৰিছিল। এই আক্ৰমণত তেওঁৰ দুজন নিৰাপত্তা বিষয়া, এজন চালক আৰু দুজন সাধাৰণ নাগৰিকৰো মৃত্যু হয়।
 
কিন্তু, আমোদজনক কথাটো হ’ল দুয়োজন মূল প্ৰতিযোগীয়ে সমানে তথাকথিত চেন্টিমেণ্ট ভোটৰ সৰ্বাধিক লাভ আদায়ৰ চেষ্টা কৰিছে। আগা আৰু পাৰাৰ উপৰিও তীব্ৰ প্ৰচাৰ অভিযান চলোৱা আনজন প্ৰাৰ্থী হৈছে আপনি পাৰ্টিৰ প্ৰাক্তন মন্ত্ৰী মহম্মদ আশ্ৰফ মিৰ। 
উল্লেখ্য যে, ১৯৮৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে কাশ্মীৰৰ নিৰ্বাচনৰ উগ্ৰপন্থী বা হুৰিয়ত সন্মিলন আৰু অন্যান্য বিচ্ছিন্নতাবাদী সংগঠনৰ পৰা কোনো বৰ্জনৰ আহ্বান নাই।১৯৭৭ চনৰ পৰা শ্ৰীনগৰত ১২ বাৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে। এন চি মাত্ৰ এবাৰহে ২০১৪ চনত পৰাস্ত হৈছিল, যেতিয়া পিডিপিৰ তাৰিক হামিদ কাৰাই ফাৰুক আব্দুল্লাক পৰাস্ত কৰিছিল। ১৯৯৬ চনত এন চি দলে লোকসভা নিৰ্বাচনত অংশ নোলোৱাৰ বাবে কংগ্ৰেছৰ গুলাম মহম্মদ মিৰ মাগামী নিৰ্বাচিত হয়।
 
বাকী ১০টা নিৰ্বাচনৰ ভিতৰত ৮টা নিৰ্বাচনত এন চিয়ে জয়লাভ কৰিছিল আৰু দলটোৰ বিজয়ী প্ৰাৰ্থী আছিল শ্বেইখ আব্দুল্লাৰ পৰিয়ালৰ সদস্য। ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত এন চিয়ে শ্ৰীনগৰত ইতিহাসৰ আটাইতকৈ ভয়াৱহ বিপৰ্যয়ৰ সন্মুখীন হৈছিল। দলটোৱে ৭খন আসনত পিডিপিৰ হাতত পৰাস্ত হৈছিল। লোকসভা নিৰ্বাচনতো দলটোৱে পৰাজয় স্বীকাৰ কৰিছিল।