প্ৰতিখন দেশত কৰোনা প্ৰতিৰোধক বুষ্টাৰ ড'জ দিয়াটো প্রয়োজনীয়: বিশ্ব স্বাস্থ্য সংস্থা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী
 
সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টি কৰা কৰোনা মহামাৰীৰ নতুন টৌ প্রতি ৪-৬ মাহৰ মূৰে মূৰে আহিব যাৰ বাবে দেশসমূহে নাগৰিসকলক বুষ্টাৰ ড'জ দিয়াটো প্রয়োজনীয়। এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী তথা প্রখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ কন্যা সৌম্যা স্বামীনাথনৰ। 
 
এটা টি ভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত স্বামীনাথনে কয় যে যিসকল ব্যক্তি কৰোনাৰ দ্বাৰা সহজে আক্রান্ত হ'ব পাৰে তেওঁলোকৰ বাবে তৃতীয় ড'জ অতি প্রয়োজনীয়। তেওঁৰ মতে বুষ্টাৰ ডজে বয়স্ক লোকসকলৰ দেহত ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 
উল্লেখনীয় যে ভাৰতত শেহতীয়াকৈ পুনৰ কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। সোমাবাৰলৈ দেশত মুঠতে ৪৪,৫১৩ গৰাকী লোক ক'ভিড-১৯ত আক্ৰান্ত হৈছে। 
বিজ্ঞানীগৰাকীয়ে বুষ্টাৰ ডজ প্ৰদানৰ মাত্ৰা তথা গতি বৃদ্ধি কৰিবলৈ চৰকাৰে প্রয়োজনীয় ব্যৱস্থা লোৱা উচিত বুলিও মন্তব্য কৰে।