নতুন দিল্লী
চলিত বৰ্ষৰ ২৯ জুলাইপর্যন্ত দেশজুৰি ক'ভিডৰ প্ৰতিষেধক হিচাপে ২২০ কোটি টোপাল প্রদান কৰা হৈছে। ভাৰতৰ ভেকচিন মৈত্ৰীৰ অধীনত বিশ্বৰ ৯৯ খন দেশলৈ ক'ভিডৰ ৩,০১২ লাখ প্রতিষেধকৰ টোপাল প্ৰেৰণ কৰা হৈছিল।
আনহাতে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্রদেশসমূহলৈ বিনামূলীয়াভাৱে এতিয়ালৈকে প্ৰদান কৰা ক'ভিড প্রতিষেধকৰ নামত কেন্দ্ৰীয় চৰকাৰৰ ৩৬,৩৯৮ কোটি টকা ব্যয় হৈছিল। আজি লোকসভাত এই কথা সদৰী কৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী প্রতাপ ৰাও জাঠবে।
সেইদৰে ভাৰতীয় চিকিৎসা গবেষণা পৰিষদে (আই চি এম আৰ) ক'ভিড প্রতিষেধকৰ নামত প্রায় ৬০ কোটি টকা ব্যয় কৰিছে। আনহাতে ক'ভিড মহামাৰীৰ সময়ত প্রতিষেধক নিৰ্মাণকাৰী প্রতিষ্ঠানসমূহক ১৫৮.৪ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল বুলিও জানিবলৈ দিয়ে মন্ত্রী জাঠৱে।