নতুন দিল্লী
শুকুৰবাৰে দিল্লী চৰকাৰে কোভিড-১৯ ৰোগ সন্দৰ্ভত পৰামৰ্শ জাৰি কৰিছে। ৰাজধানী দিল্লীৰ চিকিৎসালয়সমূহক বিচনা, অক্সিজেন, ঔষধ আৰু ভেকচিনৰ উপলব্ধতা নিশ্চিত কৰিবলৈ পৰামৰ্শ দিছে।
দিল্লীৰ স্বাস্থ্যমন্ত্ৰী পংকজ সিঙে শুকুৰবাৰে মহানগৰীত ২৩ জন নতুনকৈ কোভিড ৰোগী ধৰা পৰাৰ কথা অৱগত কৰি কয় যে ৰোগীসকল চহৰৰ বাসিন্দা নে, ভ্ৰমণ ইতিহাস আছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ চৰকাৰে সংক্ৰমণৰ সবিশেষ পৰীক্ষা কৰি আছে।
যোৱা কেইটামান সপ্তাহত চীন, থাইলেণ্ড, ছিংগাপুৰৰ দৰে দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে এই পৰামৰ্শ দিয়া হৈছে।
সকলো স্বাস্থ্য প্ৰতিষ্ঠানক জিন'ম ছিকুৱেন্সিঙৰ বাবে সকলো পজিটিভ কোভিড-১৯ৰ নমুনা লোক নায়ক হাস্পতাললৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।
ইয়াত কোৱা হৈছে যে, "বিচনা, অক্সিজেন, এন্টিবায়টিক, অন্যান্য ঔষধ আৰু ভেকচিনৰ উপলব্ধতাৰ ক্ষেত্ৰত চিকিৎসালয়সমূহে প্ৰস্তুতি নিশ্চিত কৰিব লাগিব। ভেণ্টিলেটৰ, বাই-পিএপি, অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু পিএছএৰ দৰে সকলো সঁজুলি কাৰ্যক্ষম অৱস্থাত থাকিব লাগিব।"
স্বাস্থ্য বিভাগে কয় যে, দিল্লী ৰাজ্যৰ স্বাস্থ্য তথ্য ব্যৱস্থাপনা পৰ্টেলতো সকলো পেৰামিটাৰৰ দৈনিক ৰিপৰ্ট দিব লাগিব। ভাৰতৰ কেইবাটাও স্থানৰ পৰা সামান্য সংক্ৰমণৰ খবৰ পোৱা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বুধবাৰে সমগ্ৰ দেশতে মুঠ ২৫৭ জন কোৰোনা আক্ৰান্ত হৈছে।
মহাৰাষ্ট্ৰত ৫৬ জন কোভিড আক্ৰান্ত হোৱাৰ বিপৰীতে তামিলনাডুত ৬৬ জন আক্ৰান্ত হৈছে। পুডুচেৰী, দিল্লী, গুজৰাট, ৰাজস্থান, ছিকিম, হাৰিয়ানা, কৰ্ণাটক আৰু পশ্চিম বংগতো সংক্ৰমণ ধৰা পৰিছে।
শুকুৰবাৰে কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে কয় যে, ৰাজ্যখনত মে' মাহত ২৭৩ জন কোভিড-১৯ আক্ৰান্তৰ তথ্য পোৱা গৈছে। সৰ্বাধিক সংখ্যক কোট্টায়মত ৮২ জন, তাৰ পিছতে তিৰুৱনন্তপুৰমত ৭৩, এৰ্নাকুলামত ৪৯, পাঠানমথিত্তাত ৩০ আৰু থ্ৰিছুৰত ২৬ জন আক্ৰান্ত।
শুকুৰবাৰে হাৰিয়ানাত নতুনকৈ চাৰিজন ক'ভিড ৰোগী ধৰা পৰে আৰু সংশ্লিষ্ট ব্যক্তিসকলক চিকিৎসাৰ তত্বাৱধানত ঘৰুৱা পৰ্যবেক্ষণত ৰখা হৈছে। স্বাস্থ্যমন্ত্ৰী আৰ্তি সিং ৰাৱে আতংকৰ কোনো প্ৰয়োজন নাই বুলি আশ্বাস দি লগতে কয় যে ৰাজ্য চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে।
১৯ মে'ত নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ'ল, ইমাৰ্জেন্সি মেডিকেল ৰিলিফ ডিভিজন, ডিজাষ্টাৰ মেনেজমেণ্ট চেল, ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ আৰু কেন্দ্ৰীয় চৰকাৰী চিকিৎসালয়ৰ বিশেষজ্ঞসকলে শেহতীয়াকৈ কোভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভত স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে।
এজন বিষয়াৰ উদ্ধৃতি দি পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি, "সভাত এই সিদ্ধান্ত লোৱা হয় যে, ভাৰতৰ বৰ্তমানৰ কোভিড-১৯ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ২০২৫ চনৰ ১৯ মে'লৈকে ভাৰতত সক্ৰিয় কোভিড-১৯ আক্ৰান্তৰ সংখ্যা ২৫৭ জন, যিটো দেশৰ বৃহৎ জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি অতি কম পৰিসংখ্যা।"