আছাদ আলী / মঙলদৈ
ইটালীৰ অন্যতম বিশ্ববিদ্যালয় ইউনিভাৰ্চিটি অৱ কেলব্ৰিয়াৰ গৱেষক বিজ্ঞানী পদত নিযুক্তি লাভ কৰিলে দৰং জিলাৰ চেনিবাৰী গাঁৱৰ ড০ ৰুহুল আমিন হাজৰিকাই। তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কেনেকৈ কৰ্কট ৰোগ চিনাক্ত কৰিব পাৰি, সেই বিষয়ৰ ওপৰত গৱেষণা তথা অধ্যাপনা কৰিব। তেওঁৰ এই গৱেষণা মানৱ সমাজ তথা সমগ্ৰ চিকিৎসা জগতখনৰ বাবে যুগান্তকাৰী পৰিগণিত হ'ব পাৰে।
চেনিবাৰী গাঁৱৰ কৃতী শিক্ষক বছিৰুদ্দিন আহমেদ হাজৰিকা আৰু ৰাবিয়া খাতুনৰ সু-সন্তান ৰুহুল আমিন হাজৰিকাৰ এই সফলতাই জিলাখনত আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে। জিলাখনৰ প্ৰত্যন্ত অঞ্চল ৰাজাপুখুৰীৰ নিকটৱৰ্তী চেনিবাৰীৰ পৰা ইটালীৰ দৰে উন্নত দেশ এখনৰ আগশাৰীৰ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ দৰে পদ মৰ্যাদাত অধিষ্ঠিত হোৱাটো নিশ্চিতভাৱে ৰাজ্যখনৰ ছাত্র-ছাত্ৰীৰ বাবে এক আশাব্যঞ্জক খবৰ।
তাৎপৰ্যপূৰ্ণ যে, ড০ ৰুহুল আমিন হাজৰিকাই প্ৰাথমিক শিক্ষাৰ লগতে হাইস্কুল পৰ্যন্ত স্থানীয় চৰকাৰী বিদ্যালয়ৰ অসমীয়া মাধ্যমতে পঢ়া-শুনা কৰিছিল। মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছতহে তেওঁ মঙলদৈ চহৰলৈ আহে আৰু মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বিজ্ঞান শাখাত অধ্যয়ন কৰে।
পৰৱৰ্তী পৰ্যায়ত তেওঁ শ্বিলঙৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় নৰ্থ ইষ্ট হিলছ ইউনিভাৰ্চিটি (NEHU)ৰ পৰা ক্ৰমে বি টেক, এম টেক, কৰাৰ লগতে পি এইচ ডি ডিগ্ৰীও আহৰণ কৰে।
শিক্ষা সমাপ্ত কৰি ৰুহুল আমিনে দেশৰ ভিতৰতে চতুৰ্থ ৰেংকিঙৰ বিশ্ববিদ্যালয় বাংগালুৰুস্থিত মণিপাল বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। উক্ত পদত কাম কৰি থকাৰ মাজতে তেওঁ ইটালীৰ ইউনিভাৰ্চিটি অৱ কেলব্ৰিয়াৰ গৱেষক বিজ্ঞানী পদত আমন্ত্ৰণ লাভ কৰে। উল্লেখযোগ্য যে, ইটালীৰ বিশ্ববিদ্যালয়খনত তেওঁ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে কেনেকৈ কৰ্কট ৰোগ চিনাক্ত কৰিব পাৰি, সেই বিষয়ৰ ওপৰত গৱেষণা তথা অধ্যাপনা কৰিব।
ড০ ৰুহুল আমিন হাজৰিকাই অসমৰ ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যে কৰি কয়, "পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ইস্পিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত শিক্ষাৰ মাধ্যম তথা দৰিদ্ৰতা অন্তৰায় হ'ব নোৱাৰে। মই নিজে প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত পঢ়াৰ লগতে পি এইচ ডি পৰ্যন্ত চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰাই আহৰণ কৰিছোঁ।"