অখ্যাত নায়কৰ সফলতা উদযাপনঃ ভাৰতীয় মুছলমান পৰিৱৰ্তনকাৰীৰ কাহিনী

Story by   Atir Khan | Posted by  [email protected] • 6 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
  আতিৰ খান

ব্যস্ততাপূৰ্ণ আমাৰ জীৱনৰ বিপৰীতে এনে কিছুমান ব্যক্তি আছে, যিয়ে সমাজত অৰ্থপূৰ্ণ পৰিৱৰ্তন সৃষ্টিৰ বাবে মন্থৰ, স্থিৰ আৰু ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখে। এই ব্যক্তিসকলক পৰিৱৰ্তনকাৰী (changemakers) হিচাপে জনা যায়—যিসকলে চৰ্চা আৰু কোলাহলৰ পৰা বহু দূৰত থাকি সমাজৰ উন্নতিৰ বাবে নিজকে নিৰৱে উৎসৰ্গা কৰে।
 
তেওঁলোকে ইয়াৰ বাবে কোনো খ্যাতি বা স্বীকৃতিও নিবিচাৰে। বৰঞ্চ তেওঁলোকে নিজৰ সমাজখনত ইতিবাচক প্ৰভাৱ পেলোৱাতহে গুৰুত্ব দিয়ে। প্ৰায়ে চৰ্চিত নোহোৱা এই পৰিৱৰ্তনকাৰীসকলে তেওঁলোকৰ সংস্কাৰ, কাৰ্য্য, মূল্যবোধ আৰু ইতিবাচক দৃষ্টিভংগীৰ জৰিয়তে  এখন উন্নত পৃথিৱী সৃষ্টিৰ বাবে আনক প্ৰভাৱিত কৰে।
 
'আৱাজ দ্য ভইচ'-এ এই দেওবাৰৰ পৰা আৰম্ভ কৰি দেশৰ বিভিন্ন প্ৰান্তৰ ভাৰতীয় মুছলমান পৰিৱৰ্তনকাৰীসকলৰ বিষয়ে আলোচনাৰ এক বিশেষ ছিৰিজ মুকলি কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছে। তেওঁলোকৰ প্ৰেৰণাদায়ক কাহিনীৰ জৰিয়তে আমি এনে ব্যক্তিৰ ওপৰত আলোকপাতৰ লক্ষ্য লৈছো, যাৰ কামে দয়া, নিষ্ঠা আৰু উদ্ভাৱনৰ উদাহৰণ দাঙি ধৰে। 
 
আমাৰ সম্পাদকীয় দলটোৱে এই পৰিৱৰ্তনকাৰীসকলক তেওঁলোকৰ প্ৰচেষ্টাৰ প্ৰামাণ্যতা আৰু সমাজত তেওঁলোকৰ স্পষ্ট প্ৰভাৱকে ধৰি কেইবাটাও পৰিমাপৰ ওপৰত ভিত্তি কৰি সযতনে নিৰ্বাচন কৰিছে। 
 
প্ৰতিনিধিত্বমূলক ফটো
 
দৈনন্দিন জীৱনৰ এইসকল নায়কে জৰুৰী সামাজিক, পৰিৱেশ আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ সৈতে প্ৰায়ে সীমিত সা-সুবিধা অথচ অটল প্ৰতিশ্ৰুতিৰে মোকাবিলা কৰি আছে। তেওঁলোকে শিক্ষা, স্বাস্থ্যসেৱা, আৰু অনাময় ব্যৱস্থাৰ সুবিধা উন্নত কৰিছে; মহিলাসকলক সবলীকৰণ কৰিছে, পৰিৱেশ সুৰক্ষিত কৰিছে আৰু তেওঁলোকৰ সম্প্ৰদায়ক উন্নীত কৰিছে, তাকো কোনো পুৰস্কাৰ বা স্বীকৃতিৰ আশা নকৰাকৈয়ে। ভাল কাম কৰাৰ সন্তুষ্টিয়ে তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ।
 
তেওঁলোকৰ কাৰ্য্য সৰু যেন লাগিব পাৰে, কিন্তু তেওঁলোকৰ প্ৰভাৱ অতি গভীৰ। কোৱা হয় যে “সাগৰ সৃষ্টিত প্ৰতি টোপাল পানীয়ে গুৰুত্বপূৰ্ণ।” ভাৰতবৰ্ষক নীৰৱে ৰূপান্তৰিত কৰা প্ৰগতিৰ ঢৌৰ এক গুৰুত্বপূৰ্ণ অংশ প্ৰতিজন পৰিৱৰ্তনকাৰী। এই ব্যক্তিসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত আমাৰ এটা মূল মাপকাঠী আছিল যে তেওঁলোকে স্পষ্ট পৰিৱৰ্তন সৃষ্টি কৰিছে নে আনক নিজেই পৰিৱৰ্তনকাৰী হ’বলৈ অনুপ্ৰাণিত কৰিছে। আমাৰ বাবে পৰিৱৰ্তনকাৰী হ’ল এনে এজন ব্যক্তি যিয়ে উদ্ভাৱনীমূলক সমাধান, নেতৃত্ব, আৰু জীৱন আৰু ব্যৱস্থাৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাৰ জৰিয়তে বিশ্বলৈ ইতিবাচক পৰিৱেশ কঢ়িয়াই আনে।
 
প্ৰায়ে উচ্চস্বৰে সফলতা উদযাপন কৰা পৃথিৱীখনত আমি বিশ্বাস কৰোঁ যে মানৱতাৰ উচ্চতম আদৰ্শক ৰক্ষা কৰাসকলক স্বীকৃতি দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। এই পৰিৱৰ্তনকাৰীসকলে আমাৰ বাবে এক নৈতিক কম্পাছ হিচাপে কাম কৰে, যিয়ে সমাজৰ প্ৰতি আৰু ইজনে সিজনৰ প্ৰতি আমাৰ নিজৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে।
 
আমি আমাৰ এই ছিৰিজ উত্তৰ প্ৰদেশৰ পৰিৱৰ্তনকাৰীসকলৰ সৈতে আৰম্ভ কৰিব বিচাৰিছো, য’ত সৰুৰে পৰা ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ সপোন দেখা কেপ্তেইন ছাৰিয়া আব্বাছিৰ দৰে প্ৰেৰণাদায়ী কাহিনী সন্নিবিষ্ট হৈ আছে। অভিযান্ত্ৰিক ডিগ্ৰী লাভৰ পিছত আৰু একাধিক চাকৰিৰ প্ৰস্তাৱ লাভ কৰাৰ পিছতো তেওঁ ইয়াৰ পৰিৱৰ্তে নিজৰ সপোন অনুসৰণ কৰিবলৈ সিদ্ধান্ত লয় আৰু ভাৰতীয় সেনাবাহিনীত যোগদান কৰিলে। এইদৰে তেওঁ দেশ সেৱাৰ বাবে আগ্ৰহী অগণন মুছলমান মহিলাৰ বাবে আদৰ্শ হৈ পৰে। ২০২১ চনৰ অক্টোবৰ মাহত টাৱাঙত ভাৰত-চীন সীমান্ত চকীত সেৱা আগবঢ়োৱাৰ দৰে প্ৰত্যাহ্বানমূলক অভিযানতো তেওঁ অংশ লৈছিল।
 
প্ৰতিনিধিত্বমূলক ফটো
 
আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ চৌহদত বাস কৰা ৰুবিনা ৰছিদ আলী এপ্লিক নামৰ এক অভিনৱ ব্যৱসায়ৰ পৰা জীৱিকা উপাৰ্জন কৰা মহিলাসকলৰ বাবে আদৰ্শ হৈ পৰিছে। দুখীয়া পৰিয়ালৰ মহিলাসকলে যাতে তেওঁলোকৰ প্ৰাপ্য মজুৰি লাভ কৰে, তাৰ বাবে তেওঁ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।
 
ইফালে, আলিগড়ৰ ডাঃ ফাৰহা উছমানীয়ে ২০০৭ চনত ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিত কেৰিয়াৰ গঢ়িবলৈ আমেৰিকালৈ গৈছিল।পৰিয়ালক এৰি যোৱাটো তেওঁৰ বাবে আছিল এক কঠিন আহ্বান। ইউএনএফপিএ (UNFPA)ৰ সঞ্চালক পদলৈ উন্নীত হোৱা একমাত্ৰ মুছলমানগৰাকীয়ে আজি মহিলাৰ স্বাস্থ্য আৰু অধিকাৰৰ বাবে বিশ্ব নীতি তৈয়াৰ কৰিছে। ভাৰতৰ সংখ্যালঘু আৰু পিছপৰা মহিলা আৰু ছোৱালীৰ সামগ্ৰিক উন্নতি আৰু অধিকাৰৰ বাবে দায়বদ্ধ সংস্থা SAFAR ৰ তেওঁ উপ-সভানেত্ৰী।
 
আন এজন প্ৰেৰণাদায়ক ব্যক্তি হ’ল বুলন্দচহৰত শ শ গৰু চোৱা-চিতা কৰি বৃহৎ গৌশালা (গৰু আশ্ৰয় শিবিৰ) চলোৱা ব্যৱসায়ী বাব্বন মিঞা। প্ৰয়াত মাতৃৰ জীৱ-জন্তুৰ প্ৰতি থকা গভীৰ মৰমৰ পৰা অনুপ্ৰাণিত হৈ বাব্বন মিঞাই জীৱ-জন্তুৰ যত্নৰ সৈতে মুছলমান সম্প্ৰদায়ৰ সম্পৰ্কৰ ওপৰত এক পৃথক দৃষ্টিভংগী দাঙি ধৰিছে। এইদৰে তেওঁ কু-সংস্কাৰক প্ৰত্যাহ্বান জনাইছে আৰু সমন্বয়ক প্ৰসাৰিত কৰিছে।
 
এআই জেনেৰেটেড ফটো
 
কিছুমান পৰিৱৰ্তনকাৰীয়ে আপোনাক পোনপটীয়াকৈ ভাৰতীয় লোককথা আৰু স্থানীয় সাহিত্যৰ চৰিত্ৰৰ কথা সোঁৱৰাই দিব। তেওঁলোক হৈছে ভাৰতীয় সভ্যতাবাদী মমতা আৰু নিস্বাৰ্থতাৰ মূল্যবোধেৰে লালন-পালন কৰা মানুহ। এই গল্প আৰু বহুতো কাহিনীৰ জৰিয়তে আমি আমাৰ পাঠকক অনুপ্ৰাণিত কৰাৰ লগতে এখন উন্নত, অধিক সৰ্বাংগীন ভাৰত গঢ় দিয়া পৰিৱৰ্তনকাৰীসকলৰ নেতৃত্বত চলি থকা নিস্তব্ধ বিপ্লৱক উদযাপন কৰিবলৈ আশা কৰিছো।
 
এই ছিৰিজক লৈ আপোনাৰ মতামত জানিবলৈ পালে আমি ভাল পাম৷ [email protected] ত আপোনালোকে নিজৰ মতামত লিখিব পাৰে বা আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতো আমাৰ সৈতে জড়িত হ'ব পাৰে।
 
(লেখক আৱাজ-দ্য ভইচ পৰ্টেলৰ মুখ্য সম্পাদক)