বিষাক্ত 'Two Nation Theory' ত্যাগ কৰি পাকিস্তানে উদাৰ ইছলামক গ্ৰহণ কৰা উচিত

Story by  atv | Posted by  Munni Begum • 8 h ago
'Two Nation Theory'ৰ সৃষ্টিকৰ্তা মহম্মদ আলী জিন্না আৰু ৰাজপথত ওলাই অহা পাকিস্তানী জনসাধাৰণ
'Two Nation Theory'ৰ সৃষ্টিকৰ্তা মহম্মদ আলী জিন্না আৰু ৰাজপথত ওলাই অহা পাকিস্তানী জনসাধাৰণ
 
ডঃ উজমা খাতুন, আব্দুল্লা মনছুৰ
 
পাকিস্তানৰ কাহিনী আৰম্ভ হৈছে এক ব্যতিক্ৰমী বিশ্বাসৰ পৰা। পাকিস্তানে বিশ্বাস কৰে যে 'হিন্দু আৰু মুছলমান মৌলিকভাৱে ইমানেই পৃথক যে তেওঁলোকে কেতিয়াও সঁচা অৰ্থত একেলগে থাকিব নোৱাৰে।' দুই ৰাষ্ট্ৰ নীতি (Two Nation Theory) নামেৰে জনাজাত এই ধাৰণাটোৱেই ১৯৪৭ চনত পাকিস্তানৰ সৃষ্টিৰ ভেটি হৈ পৰিছিল। এয়া কেৱল ভূখণ্ড বা ক্ষমতাৰ কথা নাছিল— এয়া আছিল ঘৃণা, ভয় আৰু ধৰ্মীয় বিচ্ছেদৰ ওপৰত ভিত্তি কৰি পৃথক পৰিচয় সংজ্ঞায়িত কৰা। আৰম্ভণিৰে পৰাই পাকিস্তানক এনে এক জাতি হিচাপে গঢ় লৈ উঠিছিল যিটো কেৱল ভাৰতৰ পৰা আঁতৰি নহয়, ভাৰতৰ বিৰোধিতা কৰিও অস্তিত্বত আছিল। প্ৰাক্তন মুখ্য ন্যায়াধীশ মুনিৰে এবাৰ কৈছিল যে দুটা জাতিৰ তত্ত্ব শুদ্ধ। হিন্দু আৰু মুছলমান কেতিয়াও এক জনগোষ্ঠী হ’ব নোৱাৰে। এই ধৰণৰ বক্তব্য এতিয়াও দেশৰ সৃষ্টিৰ ন্যায্যতা প্ৰদান আৰু জাতীয় পৰিচয় বজাই ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়। ফলত পাকিস্তানে ভাৰতৰ পৰা নিজকে আঁতৰাই ৰাখি হিন্দুসকলক শত্ৰু হিচাপে চিত্ৰিত কৰি নিজৰ অস্তিত্ব প্ৰমাণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰি আহিছে।
 
পাকিস্তানৰ সৃষ্টিৰ মূলতে আছিল 'দুই ৰাষ্ট্ৰ নীতি' (Two Nation Theory), য’ত হিন্দু আৰু মুছলমানৰ মাজত পাৰ্থক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। দুৰ্ভাগ্যজনকভাৱে আনৰ বিৰোধিতা কৰাৰ এই মানসিকতাৰ গভীৰ আৰু বেদনাদায়ক পৰিণতিৰ সৃষ্টি হৈছে। বিভাজনৰ উৰ্ধত গৈ অন্য বিষয়ত মনোনিবেশ কৰিব এৰি, পাকিস্তানে এনে চিন্তাধাৰাবোৰ মুকলি কৰি ৰাখিছে। ইয়াৰ নেতাসকলে সাম্যবাদ আৰু একতাৰ সমাজ গঢ়ি তোলা নাছিল, বৰঞ্চ এনে এখন সমাজ গঢ়ি তুলিবলৈ বাছি লৈছিল য’ত ইছলামেই দেশখনক একলগ কৰি ৰখা একমাত্ৰ আঠা। ইয়াৰ ফলত ধৰ্মই নাগৰিকত্বৰ ভেটি হৈ পৰিল। বিশেষকৈ হিন্দুসকলক বাহিৰৰ মানুহৰ দৰে ব্যৱহাৰ কৰা হ’ল। এই বিভাজনৰ ৰাজনীতিসমূহ উচ্চস্বৰে, স্পষ্ট আৰু ইচ্ছাকৃতভাৱে কৰা হৈছিল। ভাষণত সম্প্ৰচাৰিত হৈছিল, বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমতো পঢ়োৱা হৈছিল। ১৯৪৭ চনৰ বিভাজনে কেৱল ভৌতিক সীমাৰ সৃষ্টি কৰা নাছিল। ই শ্ৰেণীকোঠা, ঘৰ, আৰু মন-মগজুত প্ৰৱেশ কৰি পাকিস্তানৰ জাতীয় পৰিচয় গঢ় দিছিল আৰু চলি থকা উত্তেজনাত অৰিহণা যোগাইছিল।
 
ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ সময়ৰ এক দৃশ্য
 
পাকিস্তানে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবৰ বাবে ৰাজনৈতিক আহিলা হিচাপে ধৰ্মৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰ কৰিছিল। ইছলাম কেৱল ব্যক্তিগত বিশ্বাস নাছিল, ইয়াক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। হিন্দুসকলক নেতিবাচকভাৱে চিত্ৰিত কৰিবলৈ পাঠ্যপুথি সংশোধন কৰা হৈছিল। তেওঁলোকক বিশ্বাসঘাতক আৰু "কাফিৰ" বুলি লেবেল লগোৱা হৈছিল যাতে তেওঁলোকক অমানৱীয় ৰূপত উপস্থাপন কৰিব পাৰি। ঐতিহাসিক তথ্য বিকৃত কৰি হিন্দুসকলে সদায় মুছলমানক অত্যাচাৰ কৰি অহা বুলি উপস্থাপন কৰিছিল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে মুছলমানসকলৰ পৰিচয়ক চেপি ধৰাৰ বাবে শংকল্পবদ্ধ হোৱা হিন্দু সংগঠনহে আছিল। এই চিৰন্তন শত্ৰুতাৰ এই আখ্যান নেতাসকলে প্ৰচাৰ কৰিছিল, যিসকলে মুছলমানসকলক চিৰদিনৰ বলি হৈ থাকিব লাগিব আৰু ভাৰতক পাকিস্তানৰ বাবে অহৰহ ভাবুকি হিচাপে চিত্ৰিত কৰিছিল। এই আখ্যানসমূহৰ লক্ষ্য আছিল জনসাধাৰণৰ মাজত ভাৰতৰ বিৰুদ্ধে ভ্ৰান্ত ধাৰণা গঢ়ি তোলা আৰু শত্ৰুতাৰ ইন্ধন যোগোৱা এক পৰিকল্পিত, ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত কৰা প্ৰচেষ্টাৰ অংশ।
 
পাকিস্তানৰ শিক্ষা ব্যৱস্থাই শিশুসকলৰ মাজত ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিছিল।  হিন্দুসকলক অবিশ্বাস কৰিবলৈ আৰু ভাৰতক স্বাভাৱিক শত্ৰু হিচাপে চাবলৈ শিকাইছিল, ধৰ্মৰ নামত হিংসা কৰাটো ন্যায্য বুলি বিশ্বাস কৰিবলৈ শিকাইছিল। মুছলমানৰ দুখ-কষ্ট আৰু হিন্দু নিষ্ঠুৰতাৰ কাহিনীৰ পঢ়ি পঢ়িয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ডাঙৰ-দীঘল হৈছিল, যিয়ে ভয় আৰু সন্দেহৰ পোষকতা কৰিছিল। শান্তিপূৰ্ণ সহাৱস্থানক বিকল্প হিচাপে উপস্থাপন কৰা হোৱা নাছিল। ঘৃণা স্বাভাৱিক হৈ পৰিল, ৰাজহুৱাভাৱে প্ৰচাৰ কৰাটো স্বাভাৱিক হৈ পৰিল, প্ৰতিষ্ঠানত প্ৰচাৰ কৰা হ’ল আৰু সমগ্ৰ সমাজতে এই ধাৰণা বিয়পি পৰিল। এই মতাদৰ্শই গভীৰভাৱে শিপাই পৰিছিল, মানুহৰ বিশ্বদৃষ্টিভংগী গঢ় দিছিল আৰু চলি থকা উত্তেজনাত যথেষ্ট অৰিহণা যোগাইছিল।
 
পাকিস্তানৰ সংখ্যালঘু, বিশেষকৈ হিন্দুসকলে ভয়াৱহ নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। স্বাধীনতাৰ সময়ত হিন্দুসকলে জনসংখ্যাৰ এক উল্লেখযোগ্য অংশ গঠন কৰিছিল যদিও আজি তেওঁলোক এটা মাত্ৰ সৰু অংশ। হিংসা, বৈষম্য, অসহায়তাৰ বাবে বহুতেই পলায়ন কৰিছে। মন্দিৰ আক্ৰমণ, অপহৰণ, যুৱতীসকলক নিৰ্যাতন, তেওঁলোকৰ কণ্ঠক আওকাণ কৰা আদিৰ দৰে নিৰ্যাতনৰ সন্মুখীন হৈছে। অমুছলমানক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি লেবেল লগোৱা আইন প্ৰণয়ন কৰা হৈছে, যাৰ ফলত তেওঁলোকৰ অধিকাৰ আৰু সুযোগত বাধা আৰোপ কৰা হৈছে। উদ্দেশ্য প্ৰস্তাৱ আৰু অন্যান্য আইনসমূহে ইছলামিক নীতিসমূহক শিপাই ৰাখিছে, ক্ষমতা মুছলমানসকলৰ মাজতে সীমাবদ্ধ কৰি সংখ্যালঘু গোটসমূহক বাদ দিছে। কেৱল মুছলমানসকলেহে ক্ষমতাৰ সৰ্বোচ্চ পদবী লাভ কৰিব পাৰিছিল। শান্তিপ্ৰিয় মুছলমান সম্প্ৰদায় আহমদীসকলক ১৯৭৪ চনত আইনৰ দ্বাৰা অমুছলমান বুলি ঘোষণা কৰা হৈছিল, যিয়ে আৰু অধিক দেখুৱাইছিল যে ধৰ্মক কেনেকৈ বৰ্জন আৰু শাস্তি প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হৈছিল।
 
পাকিস্তানী সন্ত্ৰাসবাদীয়ে দেশখনৰ এক মছজিদত বোমা বিস্ফোৰণ ঘটোৱাৰ পিছৰ এক দৃশ্য
 
পাকিস্তানৰ ধৰ্মীয় আধিপত্যৰ আভ্যন্তৰীণ নীতিয়ে ইয়াৰ বৈদেশিক নীতিক প্ৰভাৱিত কৰিছিল। ভাৰতৰ সৈতে প্ৰতিদ্বন্দ্বিতাক কেৱল ৰাজনৈতিক সংঘাত নহয়, ধৰ্মীয় যুদ্ধ হিচাপে ফ্ৰেমৱৰ্ক কৰা হৈছিল। সামৰিক আৰু কূটনৈতিক সংকটৰ ন্যায্যতা প্ৰদানৰ বাবে দুই ৰাষ্ট্ৰ নীতিৰ ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত হিন্দুসকলে মুছলমানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু কাশ্মীৰক মুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ আখ্যানত ইন্ধন যোগাইছিল। ইয়াৰ ফলত পেৰানোইয়া আৰু শত্ৰুতাৰ ৰাষ্ট্ৰীয় পৰিৱেশৰ সৃষ্টি হৈছিল, যিয়ে দৰিদ্ৰতা, নিবনুৱা সমস্যা, শিক্ষাৰ দৰে জৰুৰী ঘৰুৱা বিষয়ৰ পৰা বিচলিত কৰিছিল। জনতাৰ ক্ষোভ ভাৰতৰ প্ৰতি পুনৰ নিৰ্দেশিত কৰি নেতাসকলে সংস্কাৰ ৰূপায়ণ কৰাতকৈ ঘৃণাক প্ৰসাৰিত কৰাটো সহজ বুলি বিবেচনা কৰিছিল।
 
১৯৮০ ৰ দশকত জেনেৰেল জিয়া উল হকৰ শাসনে পাকিস্তানত অধিক উগ্ৰপন্থী আৰু উগ্ৰবাদী মতাদৰ্শৰ দিশত এক উল্লেখযোগ্য উত্থান ঘটাইছিল। ইছলামিক আইন কঠোৰ হৈ পৰিছিল আৰু মাদ্ৰাছাৰ প্ৰসাৰ বহুগুণে বৃদ্ধি পাব ধৰিলে, প্ৰায়ে অসহিষ্ণুতাৰ শিক্ষা দিয়া হৈছিল আৰু অমুছলমানৰ বিৰুদ্ধে জেহাদৰ প্ৰচাৰ কৰা হৈছিল। ছাত্ৰ-ছাত্ৰীক জেহাদ কেৱল অনুমোদিত নহয়, প্ৰয়োজনীয় বুলি শিকোৱা হৈছিল। ইয়াৰ ফলত হিংসাত লিপ্ত হ’বলৈ ইচ্ছুক যুৱকৰ এটা প্ৰজন্মৰ সৃষ্টি হৈছিল। কিছুমানে পাকিস্তানৰ ভিতৰতে নিজৰ হিংসা কেন্দ্ৰীভূত কৰিছিল আৰু আনকোনোৱে ভাৰত আৰু আফগানিস্তানক লক্ষ্য কৰি লৈছিল। মতাদৰ্শগত ঘৃণা হিচাপে আৰম্ভ হোৱা কথাটো অতি কমসময়তে ৰক্তপাতলৈ পৰিণত হ’ল।
 
পাঠ্যপুথিৰ অপপ্ৰচাৰ আৰু অধিক বেয়া হৈ গ’ল। হিন্দুসকলক লোভী, হেতালি খেলা আৰু নিষ্ঠুৰ বুলি বৰ্ণনা কৰা হৈছিল। ভাৰতক অহৰহ বিপদৰ দেশ হিচাপে চিত্ৰিত কৰা হৈছিল। শান্তিক দুৰ্বলতা হিচাপে চিত্ৰিত কৰা হৈছিল। যুদ্ধক সাহসিকতাৰ প্ৰতীক হিচাপে চিহ্নিত কৰা হ'ল। এই প্ৰচেষ্টাবোৰ কেৱল ইতিহাস বা ধৰ্মৰ মাজতে সীমাবদ্ধ নাছিল। প্ৰতিটো বিষয়তে অনুপ্ৰৱেশ কৰিছিল। শিশুসকলে শিকিলে যে পাকিস্তানী হিচাপে তেওঁলোকৰ পৰিচয় নিৰ্ভৰ কৰে হিন্দুক চিৰ শত্ৰু হিচাপে গণ্য কৰাৰ ওপৰত। এই মানসিক যুদ্ধই সহানুভূতি, মানৱতা, একতা আদি নাইকিয়া কৰি পেলাইছিল।
 
পাকিস্তানৰ পৃষ্ঠপোষকত মূৰ দাঙি উঠা উগ্ৰপন্থী গোটৰ এক ছবি
 
উগ্ৰপন্থীসকলে প্ৰচাৰ কৰা আটাইতকৈ বিৰক্তিকৰ ধাৰণাসমূহৰ ভিতৰত আছে "গাজৱা-ই-হিন্দ"ৰ ধাৰণা, যিটো পৌৰাণিক বিশ্বাস যে মুছলমানসকলে এদিন ভাৰত জয় কৰিব। যদিও কোৰাণ বা মূলসুঁতিৰ ইছলামিক শিক্ষাত এইবোৰ পোৱা নাযায়, তথাপিও এই ধাৰণাটো যুৱ-প্ৰজন্মক উগ্ৰপন্থী কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়। ই হিংসাক ভুৱা ধৰ্মীয় ন্যায্যতা প্ৰদান কৰে আৰু বাস্তৱ বিষয়ৰ মনোযোগ আঁতৰাই আনে। প্ৰকৃত ইছলামে শান্তি, দয়া আৰু সহাৱস্থানৰ শিক্ষা দিয়ে। ই মানৱ জীৱনক মূল্য দিয়ে আৰু আক্ৰমণাত্মক ধাৰণাক গৰিহণা দিয়ে। কিন্তু পাকিস্তানত ভয় আৰু উগ্ৰবাদৰ জৰিয়তে ক্ষমতা বিচৰাসকলে ইছলামৰ বাৰ্তা বিকৃত কৰিছে।
 
এই মতাদৰ্শগত বিষক্ৰিয়াৰ পৰিণতি ভয়াৱহ হৈ পৰিছে। দেশখনৰ সন্ত্ৰাসবাদী সংগঠনসমূহে ধৰ্মক বৰ্বৰতাৰ আৱৰণ হিচাপে ব্যৱহাৰ কৰে। তেওঁলোকে স্কুলত বোমা বিস্ফোৰণ কৰে, সাধাৰণ নাগৰিকক হত্যা কৰে আৰু সত্যৰ পথত থকাসকলক নীৰৱ কৰি ৰাখে। এই সকলোবোৰ কাৰ্য্যক ধৰ্মীয় বৈধতা দিব বিচাৰে। কিন্তু তেওঁলোকৰ এই সকলোবোৰ কাৰ্য্যই ইছলাম বিৰোধী। ইছলামে নিৰীহক হত্যা কৰাত নিষেধাজ্ঞা আৰোপ কৰে আৰু দয়াক উৎসাহিত কৰে। এই গোটসমূহে কেৱল পাকিস্তানক আঘাত কৰাই নহয় সমগ্ৰ অঞ্চলটোক অস্থিৰ কৰি তুলিছে। তেওঁলোকৰ ঘৃণাই সীমান্ত অতিক্ৰম কৰি ভাৰত আৰু ইয়াৰ বাহিৰত প্ৰভাৱ পেলাইছে।
 
ধৰ্মীয় বৈচিত্ৰতা থকা আৰু গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষই এই মতাদৰ্শৰ প্ৰসাৰক লৈ চিন্তা কৰাৰ বৈধ কাৰণ আছে। চুবুৰীয়া দেশ এখনে যেতিয়া নিজৰ শিক্ষা, ধৰ্ম, ৰাজনীতিৰ জৰিয়তে ঘৃণাক প্ৰসাৰিত কৰে, তেতিয়া ই অনাস্থা আৰু ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰে। কোনো সীমান্তই ধাৰণাসমূহ বান্ধি ৰাখিব নোৱাৰে। সংবাদ মাধ্যম, ছ’চিয়েল নেটৱৰ্ক আৰু মুখে-মুখে চলি অহা প্ৰথাৰ জৰিয়তে এই কথাবোৰ বিয়পি পৰে। পাকিস্তানৰ আভ্যন্তৰীণ ধাৰণাই সমগ্ৰ অঞ্চলটোলৈ ভাবুকি হৈ পৰিছে।
 
ভাৰতত বাস কৰা হিন্দু- মুছলিমৰ ঐক্যতাৰ এক দৃশ্য
 
এতিয়াও পৰিস্থিতি আশাহীন নহয়। পাকিস্তানে এতিয়াও উন্নত পথ বাছি ল’ব পাৰে। পাকিস্তানে হিন্দু বা ভাৰতক ঘৃণা কৰা ধাৰণাটোক পৰিহাৰ কৰিব লাগিব। ইয়াৰ পৰিবৰ্তে এক উদাৰ, সৰ্বাংগীন ইছলাম আকোৱালি ল’ব লাগিব। যি ইছলামে দয়া, সমতা আৰু ন্যায়ৰ মূল্যবোধক প্ৰতিফলিত কৰে। এই ধৰণৰ ইছলামে ধৰ্মীয় পাৰ্থক্যক ভাবুকি হিচাপে নাভাবে, বৰঞ্চ উপহাৰ হিচাপেহে লয়। ইছলামে বিভিন্ন ধৰ্মৰ মাজত দেৱাল নিৰ্মাণ নকৰে, বৰঞ্চ দলং নিৰ্মাণ কৰে। পাকিস্তানৰ চৰকাৰে নিজৰ স্কুলীয়া পাঠ্যক্ৰম সংস্কাৰ কৰিব লাগিব, ঘৃণাৰে ভৰা বিষয়বস্তু আঁতৰাই পেলাব লাগিব, শান্তি আৰু সহাৱস্থানৰ কাহিনীক প্ৰচাৰ কৰিব লাগিব। ৰাজনৈতিক নেতাসকলে ধৰ্মৰ ব্যৱহাৰ বন্ধ কৰি ক্ষমতা বিস্তাৰ কৰা বন্ধ কৰিব লাগিব। ধৰ্মীয় পণ্ডিতসকলে শান্তি-সম্প্ৰীতি পুনৰ উদ্ধাৰ কৰি হিংসাৰ বিৰুদ্ধে কথা ক’ব লাগিব। নাগৰিক সমাজে পৰিৱৰ্তনৰ দাবী কৰিব লাগিব। কেৱল সংখ্যালঘুৰ বাবেই নহয়, দেশখনৰ উন্নতি আৰু শান্তিৰ বাবেও।
 
পাকিস্তানৰ যুৱক-যুৱতীসকলে ভয় আৰু  ঘৃণাতকৈ অধিক  সত্য, মমতা আৰু আশাৰ যোগ্য। ঘৃণা কৰিবলৈ নহয়, সপোন দেখিবলৈহে ডাঙৰ-দীঘল কৰিব লাগিব। বিভাজন নহয়, মানৱতাৰ ওপৰত নিৰ্মিত জাতিয়ে আগবাঢ়িব পাৰে। পাকিস্তানৰ প্ৰকৃত শক্তি ইয়াৰ অস্ত্ৰ-শস্ত্ৰ বা সীমান্তৰ পৰা নহয়, বৰঞ্চ চুবুৰীয়া দেশক ভালপোৱা, বৈচিত্ৰ্যক উদগনি যোগোৱা আৰু নিজৰ ভিতৰতে শান্তি বিচাৰি পোৱাৰ ক্ষমতাৰ পৰাহে আহিব।
 
ইতিহাসে ভৱিষ্যতৰ সংজ্ঞা দিব নালাগে। পাকিস্তানে এতিয়াও এক নতুন কাহিনী লিখিব পাৰে, সহনশীলতা, সাহস আৰু ঐক্যৰ। কিন্তু প্ৰথমে ই নিজৰ অতীতৰ সত্যৰ সন্মুখীন হ’ব লাগিব আৰু ৰূপান্তৰিত হোৱাৰ শক্তি বিচাৰিব লাগিব। যিয়ে উজ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব।
 
(লেখক আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অধ্যাপিকা)