স্বপ্না দাস
মৃত্যু শিল্প! মৃত্যু ভাস্কৰ্য! আপোনাৰ কাপেৰেই নিগৰিছিল--- 'মৃত্যুওতো এটা শিল্প!' আপুনিয়েই মৃত্যুক বুলিছিল হীৰুদা--- জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য!’ কি যে অনুভূতি! পিছে কেতিয়াবা নাজানো; নুবুজো কেতিয়াবা! আপোনাৰ কবিতাত নিমজ্জিত হৈ পিছে জানো, বুজো--- শব্দ শিল্প, কবিতা ভাস্কৰ্য। জানো; বুজো। আপুনিয়েইচোন বুজাইছে, হীৰুদা।
“তুমিতো জানাই/এই কবিৰ আৰু একো নাই। এটাই মাথোঁ কামিজ, তাৰো ছিগো-ছিগো চিলাই। প্ৰেম নিশ্চয় এনেকুৱাই/আৱৰণ খুলি হৃদয় জুৰায়।” আৱৰণ খুলি হিয়া জুৰাই ভালপোৱাই...। হয়তো! সেয়েইচোন। ভালপোৱাই নৈ হৈ বুকুৱে বুকুলৈ থাকেহি বৈ। সেয়েইচোন ভালপোৱাই বতাহ হৈ কলিজা জুৰায়...।
হীৰুদা, আপোনাৰ শব্দবোৰে উন্মনা কৰে। আপোনাৰ শব্দবোৰে শুব নিদিয়ে। আপোনাৰ শব্দস্পৰ্শত জীপাল দিন ৰাতি। আপোনাৰ শব্দালিংগনত মুখৰ জীৱন, হীৰুদা।
প্ৰয়াত কবি হীৰেন ভট্টাচাৰ্যৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিলী বৰুৱা আৰু জুবিন গাৰ্গ (ফাইল ফটো)
“ছুটী মানে ছুটী। আম খোৱা, কঁঠাল খোৱা, কুৰ্মা খোৱা৷ মন-মগজু পাতল কৰা।” শিক্ষাগুৰুগৰাকীয়ে ছাত্ৰহঁতক এনেদৰেই কৈছিল। গ্ৰীষ্ম বন্ধৰ আগদিনাৰ কথা। এগৰাকী শিক্ষকে শিক্ষাৰ্থীক উদ্দেশ্যি এইদৰে কৈছিল। গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱা আলহীৰ ঘৰলৈ গৈ, ঘূৰি-ফুৰি অথবা ঘৰতেই ধিতিঙালিৰে বা অবাবত সময় অতিবাহিত কৰিব বুলি শিক্ষাৰ্থীক তেতিয়াও গৃহকাৰ্য দিয়া হৈছিল।
কিন্তু ইয়াৰ বিপৰীতে আন এগৰাকী শিক্ষাগুৰুৱে পিছে 'ছুটী মানেই ছুটী' বুলি 'মন-মগজু পাতল কৰিবলৈ' তথা মনৰ ইচ্ছানুসৰি খাবলৈ, ফুৰিবলৈ আৰু যি মন যায় তাকে কৰিবলৈ কোৱা কথাষাৰে তেওঁৰ শিশুসুলভ মনটোকে উদঙাই দিয়ে। ১৯৬৩-৬৪ চনমানত বোৰ্কা হাইস্কুলত শিক্ষকতা কৰা সেই শিক্ষাগুৰুগৰাকীয়েই আন এদিন শ্ৰেণীত শিক্ষাৰ্থীসকল মনে মনে থকাত কৈছিল, "তোমালোক ইমান মনে মনে আছা যে! চিঞৰ-বাখৰ কৰা।
শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে হীৰেন ভট্টাচাৰ্য
আমাৰ দিনতো স্কুলত আমি চিঞৰ-বাখৰ কৰিছিলোঁ।” শিশুৰ মনন বুজা শিশুসুলভ মনৰ এইগৰাকী ব্যতিক্ৰম চিন্তাৰ শিক্ষাগুৰুৰ নাম আছিল হীৰেন ভট্টাচাৰ্য। কবিতাৰে কেইবাটাও প্ৰজন্মক বিমোহিত কৰাৰ লগতে গানেৰে কাব্যক অন্য মাত্ৰা দিবলৈ সক্ষম হোৱা 'সুগন্ধি পখিলাৰ কবি' হীৰুদাই আছিল সেই শিক্ষকগৰাকী।
সঁচাকৈয়ে, কেৱল কবি হিচাপে নহয়, শিক্ষাগুৰু হিচাপেও ব্যতিক্ৰম আৰু অনন্য আছিল হীৰেন ভট্টাচাৰ্য--- আমাৰ হীৰুদা।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক। 'সুগন্ধি পখিলাৰ কবি' হীৰেন ভট্টাচাৰ্যৰ প্ৰয়াণ দিৱসৰ শ্ৰদ্ধাঞ্জলি হিচাপে লেখাটো আগবঢ়োৱা হ'ল।)