নতুন দিল্লী
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সমীপৰ আকাশমাৰ্গ শনিবাৰলৈকে বন্ধ থাকিব আৰু এই অঞ্চলত সম্ভাৱ্য ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব বুলি ভূ-বিশ্লেষক ডেমিয়েন চাইমনে প্ৰকাশ কৰিছে। ছাইমনে এক্সত লিখিছে যে, ভাৰতে ২০২৫ চনৰ ২৩-২৪ মে’ৰ বাবে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ আশে-পাশে এয়াৰমেনলৈ জাননী জাৰি কৰিছে।
সাময়িকভাৱে আকাশমাৰ্গৰ চলাচলত বাধা আৰোপ কৰা এই অধিসূচনাখন প্ৰায়ে কৌশলগত অস্ত্ৰ পৰীক্ষাৰ পূৰ্বে হোৱা এক নিয়মীয়া পদ্ধতি। পোষ্টটোত ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ প্ৰকৃতি উল্লেখ কৰা হোৱা নাই যদিও বংগোপসাগৰ আৰু আন্দামান সাগৰৰ ওপৰৰ আকাশমাৰ্গ ২৪ মে’লৈকে বন্ধ হৈ থকাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ৭ মে’ত আৰম্ভ হোৱা অপাৰেচন সেন্দুৰৰ পিছত শেহতীয়াকৈ ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ পিছতে এই সম্ভাৱ্য ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হৈছে।
অপাৰেচন সেন্দুৰৰ অংশ হিচাপে ভাৰতে ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে পাকিস্তান আৰু পাকিস্তান অধীকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি নিখুঁত আক্ৰমণ চলায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে পাকিস্তানে ড্ৰোন আৰু মিছাইল ব্যৱহাৰ কৰি পৰৱৰ্তী তিনিদিনত ভাৰতীয় সামৰিক ঘাটি, অসামৰিক এলেকা, বিদ্যালয় আৰু ধৰ্মীয় স্থানত আকাশী আক্ৰমণ চলায়।
২০২৪ চনৰ এপ্ৰিল মাহত ভাৰতীয় বায়ুসেনাই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ২৫০ কিলোমিটাৰতকৈও অধিক দূৰত্বৰ লক্ষ্যত আক্ৰমণ কৰিব পৰা বায়ু নিক্ষেপ কৰা মধ্যম দূৰত্বৰ বেলিষ্টিক মিছাইলৰ নতুন ভিন্নতা সফলতাৰে পৰীক্ষা কৰিছিল। ইজৰাইলত নিৰ্মিত এই মিছাইলটো ROCKS বা Crystal Maze 2 নামেৰে জনাজাত যোৱা এপ্ৰিল মাহত পৰীক্ষাৰ সময়ত Su-30 MKI যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰা হৈছিল।