অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস

Story by  atv | Posted by  [email protected] • 2 Years ago
অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস
অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস
 
গুৱাহাটী
 
প্ৰদূষণ বিশ্বৰ এটা প্ৰধান সমস্যা যাৰ বাবে পৰিৱেশ বিনষ্ট হোৱাৰ উপৰিও মানুহৰ লগতে অন্যান্য জীৱ–জন্তুৰ বহু পৰিমাণে ক্ষয়–ক্ষতি হয়। সমগ্ৰ ভাৰতৰ ভিতৰত দিল্লী চহৰ আটাইতকৈ প্ৰদূষণযুক্ত চহৰ হিচাপে পৰিগণিত হৈ আহিছে যদিও শেহতীয়াকৈ প্ৰদূষণৰ কবলত পৰিছে অসমৰ গুৱাহাটী চহৰ। 
 
 
গুৱাহাটীত বিগত তিনিদিন ধৰি একেৰাহে ধূলিময় তথা অন্ধকাৰময় পৰিৱেশে বিৰাজ কৰিছে। এই প্ৰদূষণৰ কাৰক হৈছে মানৱ সমাজৰ অত্যাধিক পৰিৱেশ বিধ্বংসী কাৰু–কাৰ্য, বনাঞ্চল ধ্বংস, প্ৰদূষণ সৃষ্টিকাৰী কৃত্ৰিম বস্তুৰ ব্যৱহাৰ।  এই প্ৰদূষণৰ বাবে ৰাজ্যত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। এই অস্বাভাৱিক পৰিবৰ্তনে ৰাজ্যবাসীৰ বাবে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা বৃদ্ধি হৈছে। ইয়াৰ পৰিপেক্ষিতত অসমত বৰষুণৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে।
 
জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহত অসমত মাত্ৰ ৫ মিলি লিটাৰ বৰষুণ হৈছে। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস পাইছে। এই তথ্য অনুসৰি, জানুৱাৰী–ফেব্ৰুৱাৰী মাহত যিমান পৰিমাণৰ বৰষুণ হ’ব লাগিছিল তাৰে ৭৬ শতাংশ কম বৰষুণ হৈছে সমগ্ৰ অসমত।
 
ইয়াৰোপৰি, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়তো বৰষুণৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছে। ই সংকটজনক আৰু বৰষুণৰ অভাৱত বিশেষকৈ কৃষি সমাজৰ যথেষ্ট ক্ষয়–ক্ষতি হৈছে।