আকৌ বৰষুণ; আকৌ কৃত্ৰিম বানৰ কৱলত মহানগৰী

Story by  atv | Posted by  [email protected] • 1 d ago
আকৌ বৰষুণ; আকৌ কৃত্ৰিম বানৰ কৱলত মহানগৰী
আকৌ বৰষুণ; আকৌ কৃত্ৰিম বানৰ কৱলত মহানগৰী
 
গুৱাহাটী
 
যোৱানিশা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকৌ গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। গুৱাহাটীৰ নিত্য নৈমিত্তিক সমস্যাত পৰিণত হৈছে গুৱাহাটীৰ কৃত্ৰিম বান। নিশাৰে পৰাৰ অহা বৰষুণৰ পিছতে পুনৰ বানত বুৰিল গুৱাহাটীৰ বিস্তৃৰ্ণ অঞ্চল।
 
মাজনিশাৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে কৃত্ৰিম বান। নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীত ভিন্ন প্ৰান্তত হৈছে কৃত্ৰিম বান।
 
গুৱাহাটীৰ যোৰাবাট, বেলতলা ছাৰ্ভে, হাতীগাঁও, ছয়মাইল, পাঞ্জাবাৰী, সাতগাঁও, ৰুক্মিণীগাঁও, চানমাৰি, শিলপুখুৰী, বামুণীমৈদাম, সিজুবাৰী আদি অঞ্চলত কৃত্ৰিম বানৰ প্ৰকোপ।
 
গুৱাহাটীৰ ৰাজপথত একাঁঠু পৰ্যন্ত পানী। কৃত্ৰিম বানৰ পিছতে সমস্যাত পৰিছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লোক। কৃত্ৰিম বানৰ পিছতে সমস্যাত পৰিছে মহানগৰৰ মহানাগৰিক। বানৰ ফলত সমস্যাত পৰিছে কৰ্মক্ষেত্ৰলৈ যোৱা লোক। ৰাজপথেৰে পানীৰ মাজেৰে কৰিবলগীয়া হৈছে বিপদসংকুল যাত্ৰা।