গুৱাহাটী
আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেচন (AMO), গুৱাহাটী (মেট্ৰ') জিলা সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ শক্তিকেন্দ্ৰ প্ৰভাৰী ৫৮নং ৱাৰ্ডৰ উদ্যোগত শুকুৰবাৰে গুৱাহাটীত এক বিনামূলীয়া চিকিত্সা সেৱা শিবিৰ অনুষ্ঠিত হয়। নাৰেংগী স্পৰ্টিং ক্লাৱ প্ৰাংগনত আয়োজিত এই শিবিৰত সহযোগিতা আগবঢ়াই সাতগাঁও নগৰীয়া ৰাজ্যিক চিকিত্সালয়ে।
প্ৰতিকূল বতৰৰ মাজতো অনুষ্ঠিত চিকিত্সা সেৱা শিবিৰত কেইবাজনো অভিজ্ঞ চিকিত্সকে জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰে আৰু বিনামূলীয়া ঔষধ বিতৰণ কৰে।
জনসাধাৰণৰ মাজত আয়ুৰ্বেদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেচন (AMO), গুৱাহাটী (মেট্ৰ') জিলা সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ শক্তিকেন্দ্ৰ প্ৰভাৰী ৫৮নং ৱাৰ্ডে সাতগাঁও নগৰীয়া ৰাজ্যিক চিকিত্সালয়ৰ সহযোগত এই শিবিৰৰ আয়োজন কৰে।
শিবিৰৰ এক মহূৰ্ত, গুৱাহাটীত শুকুৰবাৰে
বিনামূলীয়া চিকিত্সা শিবিৰত উপস্থিত থাকি ৰাইজক সেৱা আগবঢ়োৱা চিকিত্সক কেইগৰাকী হৈছে ডাঃ সনাতন কলিতা, ডাঃ কৈলাশ গোস্বামী, ডাঃ অনুপ গগৈ, ডাঃ বিজেতা সিং, ডাঃ বিমান চৌধুৰী আৰু ডাঃ কস্তুৰী দাস। উল্লেখ্য যে, আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেচন (AMO), অসমৰ উদ্যোগত ৰাজ্যৰ ভিন্ন স্থানত সময়ে সময়ে বিনামূলীয়া চিকিত্সা শিবিৰ অনুষ্ঠিত হৈ থাকে।
বজৰংগ আয়ুৰ্বেদ, হিমালয়া, ৰেভিণ্টো, আলনাবেদিক, শ্ৰী শ্ৰী আয়ুৰ্বেদিক আদিৰ দৰে আয়ুৰ্বেদিক ব্ৰেণ্ডে চিকিত্সা শিবিৰত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে।