নেৰানেপেৰা বৰষুণৰ ফলত ১১খনকৈ জিলাত পুনৰ জাৰি Red Alert

Story by  atv | Posted by  [email protected] • 1 d ago
নেৰানেপেৰা বৰষুণৰ ফলত ১১খনকৈ জিলাত পুনৰ জাৰি Red Alert
নেৰানেপেৰা বৰষুণৰ ফলত ১১খনকৈ জিলাত পুনৰ জাৰি Red Alert
 
গুৱাহাটী
 
ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ। বিগত দুদিনৰ পৰা ৰাজ্যত অতিপাত নেৰানেপেৰা বৰষুণ হৈ আছে। গ্রাম্যঞ্চলৰ লগতে গুৱাহাটীৰো বিভিন্ন ঠাইত কৃত্ৰিম বানপানী হৈছে। প্ৰায় প্ৰতিখন জিলাত বৰুণ দেৱতাৰ কোপদৃষ্টি।
 
ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বঙাইগাঁও, বৰপেটা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত বতৰ বিজ্ঞান বিভাগে আজি ৰেড এলাৰ্ট জাৰি কৰিছে।
 
কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), নলবাৰী, দৰং, ওদালগুৰি, শোণিতপুৰ, মৰিগাঁও, নগাঁও, গোলাঘাট, কাৰ্বি আংলং, হোজাই, ডিমা হাচাও আৰু কাছাৰ জিলাত বতৰ বিজ্ঞান বিভাগে আজি অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।
 
বিশ্বানাথ, লখিমপুৰ আৰু যোৰহাট জিলাত বতৰ বিজ্ঞান বিভাগে আজি য়েল্ল' এলাৰ্ট জাৰি কৰিছে।
 
বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখনত অতিপাত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে অ'ৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাকেইখনত ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আনফালে য়েল্ল' এলাৰ্ট জাৰি কৰা জিলাকেইখনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।