সমাগত ঈদক লৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ বিশেষ আহ্বান

Story by  atv | Posted by  [email protected] • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী

ঈদুল আজহাৰ বা বকৰি ঈদ সমাগত। ইছলামিক কেলেণ্ডাৰৰ অন্তিমটো মাহ মুছলিম বিশ্বৰ বাবে অতিকৈ তাৎপর্যপূর্ণ। এই মাহত পবিত্র হজ সমাপন কৰিবলৈ সামর্থ্যবান মুছলমানসকলে মক্কা-মদীনালৈ যাত্ৰা কৰে।

হজৰ শেষ পৰ্যায়ত হাজীসকল আফাৰ ময়দানত সমবেত হয় আৰু আৰফাৰ পিছদিনা ত্যাগৰ প্রতীক কুৰবাণী আদায় কৰে। পশু জবেহৰ জৰিয়তে কুৰবানী পৰ্বটো হজযাত্ৰীৰ লগতে সমগ্ৰ বিশ্বৰ মুছলমানে পালন কৰে।

এই ধৰ্মীয় অনুষ্ঠানৰ পূৰ্বে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে অসমৰ ইছলামধৰ্মী লোকসকলৰ প্ৰতি এক বিশেষ আহ্বান জনাইছে। শুকুৰবাৰে প্ৰকাশ কৰা বিবৃতিত আজমলে কয়, ‘কুৰবাণী সামর্থ্যবান মুছলমানৰ বাবে অৱশ্য পালনীয় কৰ্তব্য আৰু এই কুৰবাণীৰ বাবে উট, ছাগলী, গৰু, ম'হ, ভেড়া আদি জন্তু ব্যৱহাৰ কৰাৰ নিয়ম আছে। কিন্তু, ভাৰত যিহেতু বিভিন্ন জাতি, ধৰ্মৰ লোকেৰে ভৰা এখন দেশ আৰু ইয়াৰ অধিকাংশ লোক সনাতন ধর্মাৱলম্বী। সনাতন ধৰ্মত গৰু এবিধ পূজনীয় জন্তু। গাই গৰুক এই দেশৰ অধিকসংখ্যক লোকে মাতৃ-সম জ্ঞান কৰে’।

‘ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ২০০৮ চনত ভাৰতৰ সৰ্ববৃহৎ ইছলামিক শিক্ষানুষ্ঠান দাৰুল উলুম দেওবন্দে বকৰি ঈদৰ কুৰবাণী পৰ্বত পাৰ্যমানে গৰু ব্যৱহাৰ নকৰাৰ বাবে আবেদন জনাইছিল। সেই আবেদনত কোৱা হৈছিল যে, যিহেতু কৰবাণী গৰুৰে কৰিবই লাগিব বুলি কোনো বাধ্যবাধকতা নাই আৰু যিহেতু গৰুৰ সৈতে এই দেশৰ সংখ্যাগুৰু মানুহৰ ধৰ্মীয় আবেগ জড়িত, সেয়ে কুৰবানীত বিকল্প জন্তু ব্যৱহাৰ কৰাটো আদৰণীয় কথা হ’ব’।–জমিয়ত উলামাৰ বিজ্ঞপ্তটোত এইদৰে কোৱা হৈছে।

সেয়ে,সমাগত ঈদত যি জন্তু ব্যৱহাৰ কৰিলে আমাৰ পবিত্র ধর্মীয় কতবা আদায় হয় আৰু কাৰো অনুভুতিত আঘাত নপৰে,তেনে জন্তু ব্যৱহাৰ কৰিবলৈ বদৰুদ্দিন আজমলে ইছলামধৰ্মী ৰাইজক সবিনয়ে অনুৰোধ জনাইছে।