পাকিস্তানী যুৱতীৰ বুকুত ভাৰতীয় হৃদযন্ত্ৰৰ স্পন্দন; পাকিস্তানৰ আয়েছাক নতুন জীৱন দিলে ভাৰতীয় চিকিৎসা বিজ্ঞানে

Story by  atv | Posted by  [email protected] • 10 d ago
পাকিস্তানী যুৱতীৰ বুকুত ভাৰতীয় হৃদযন্ত্ৰৰ স্পন্দন
পাকিস্তানী যুৱতীৰ বুকুত ভাৰতীয় হৃদযন্ত্ৰৰ স্পন্দন
 
নতুন দিল্লী
 
সাধাৰণতে ভাৰত আৰু পাকিস্তানৰ মাজত ভাল সম্পৰ্কৰ কথা অতি কমকৈ শুনা হয়। কিন্তু এইবাৰ ভাৰত পাকিস্তানৰ মাজত ব্যৱধান দূৰ কৰিছে ভাৰতীয় চিকিৎসা বিজ্ঞানে। ভাৰতীয় চিকিৎসা বিজ্ঞান সীমান্তৰ সিপাৰৰ এগৰাকী যুৱতীক নতুন জীৱন দিলে। যুৱতী গৰাকী হ'ল পাকিস্তানৰ কৰাচীৰ ১৯ বছৰীয়া আয়েছা ৰাশন। 
 
ভাৰতৰ চেন্নাইৰ চিকিৎসালয়ত বিনামূলীয়াকৈ জীৱন ৰক্ষাকাৰী হৃদযন্ত্ৰ সংৰোপণ লাভ কৰে আয়েছাই। ইয়াৰ লগে লগে নতুন জীৱন লাভ কৰে আয়েছাই। যিয়ে দুয়োখন দেশৰ উত্তেজনাৰ মাজত সদিচ্ছাৰ এক বিৰল প্ৰদৰ্শন দাঙি ধৰে।
 
৩১ জানুৱাৰীত ট্ৰান্সপ্লাণ্ট কৰা হৈছিল আয়েছাৰ।  চিকিৎসকে আয়েছাৰ বিকল হৃদযন্ত্ৰৰ ঠাইত দিল্লীৰ পৰা উৰাজাহাজেৰে অনা ব্ৰেইন ডেড হোৱা ৰোগীৰ হৃদযন্ত্ৰৰ সংৰোপন কৰিছিল। চেন্নাইৰ এম জি এম হাস্পতালৰ ডাঃ কে আৰ বালকৃষ্ণনে ২০১৯ চনৰ পৰা আয়েশাক চিকিৎসা কৰিছিল। সেই সময়ত প্ৰথমবাৰৰ বাবে হৃদৰোগৰ চিকিৎসা কৰিবলৈ পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল আয়েছাই আৰু তেওঁক পেচমেকাৰ লগাই দিয়া হৈছিল।
 
মাতৃৰ সৈতে আয়েছা
 
চলিত বৰ্ষৰ আৰম্ভণিতে আয়েছাৰ হৃদযন্ত্ৰৰ জটিলতা বৃদ্ধি হৈ পৰিছিল, যাৰ বাবে ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হৈছিল। সৌভাগ্যক্ৰমে উপযুক্ত দাতাৰ হৃদযন্ত্ৰ উপযুক্ত সময়ত উপলব্ধ হ’ল আৰু ডাঃ বালকৃষ্ণৰ দলটোৱে দ্ৰুতগতিত অস্ত্ৰোপচাৰটো সম্পন্ন কৰিলে। এই পদ্ধতিৰে অতি কম সময়ৰ ভিতৰতে চিকিৎসা সম্পন্ন কৰা হৈছিল, কিয়নো দাতাৰ অংগবোৰ বেছি দিনলৈ সংৰক্ষণ কৰি ৰাখিব নোৱাৰি।
 
আৰ্থিক অসুবিধাৰ মাজতো ঐশ্বৰ্যম ট্ৰাষ্টৰ সহায়, ডাঃ বালকৃষ্ণনৰ ব্যক্তিগত অৱদান, আৰু আন ৰোগীৰ অনুদান আদিৰ জৰিয়তে আয়ছাৰ অস্ত্ৰোপচাৰ সম্ভৱ হৈ উঠিছিল। আয়েছাৰ মংগলৰ প্ৰতি ডাক্তৰৰ সমৰ্পণৰ মূলতে আছিল পিতৃত্বৰ চিন্তা, কিয়নো চিকিৎসকে আয়েছাক নিজৰ কন্যাৰ দৰে ভাবিছিল। 
 
সফল অস্ত্ৰোপচাৰৰ পিছত আয়েছাই পঢ়া-শুনা অব্যাহত ৰাখি ফেশ্বন ডিজাইনাৰ হিচাপে কেৰিয়াৰ গঢ়িবলৈ আকাংক্ষা প্ৰকাশ কৰে। আয়েছাৰ মাতৃয়ে ভাৰত আৰু পাকিস্তানৰ মাজত চিকিৎসা সুবিধাৰ তীব্ৰ পাৰ্থক্য থকা বুলি উল্লেখ কৰে। আয়েছাই দেখা সপোনবোৰৰ ওপৰত এতিয়া মনোনিবেশ কৰিব পাৰিব বুলি কৈ মাতৃয়ে ভাৰতীয় চিকিৎসক আৰু স্বাস্থ্যসেৱা ব্যৱস্থাৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।
 
পাকিস্তানত ট্ৰান্সপ্লাণ্টৰ সুবিধাৰ অভাৱৰ বিপৰীতে ভাৰতীয় চিকিৎসকৰ বন্ধুত্বপূৰ্ণ আৰু দয়ালু স্বভাৱক প্ৰশংসা কৰে মাতৃ সানোবৰে। আয়েছাৰ এই উল্লেখযোগ্য যাত্ৰাই ৰাজনৈতিক সীমা অতিক্ৰম কৰি দুয়ো দেশৰ মাজত সদিচ্ছা গঢ়ি তুলিব বুলি আশা কৰা হৈছে।