দেশত কৰ্কট প্ৰতিৰোধী ঔষধ 'অলাপাৰিব' জেনেৰিক সংস্কৰণ মুকলি

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী 
 
দেশৰ প্ৰতিষ্ঠিত ঔষধ প্রস্তুতকাৰী কোম্পানী জাইডাছ লাইফছায়েন্সে ঘোষণা কৰিছে যে তেওঁলোকে অলাপাৰিব নামৰ কৰ্কট প্ৰতিৰোধী ঔষধৰ জেনেৰিক সংস্কৰণ মুকলি কৰিছে। 
 
কোম্পানীটোৱে কয় যে এই দৰব পূৰ্বৰ তুলনাত বহুত গুণ কম দামত পোৱা যাব। জেনেৰিক অলাপাৰিবৰদ্বাৰা চিকিৎসাত বছৰত ব্যয় ৩ লাখ টকা হ'ব বুলি তেওঁলোকে উল্লেখ কৰে। পূর্বে এই দৰধ উদ্ভাৱক কোম্পানীৰপৰা ক্ৰয় কৰিবলৈ বছৰত প্রায় ৭২ লাখ টকাৰ প্ৰয়োজন হৈছিল। স্তন, ডিম্বাশয়, অগ্ন্যাশয়ৰ কৰ্কট এটা পৰ্যায়ৰ ৰোগীৰ বাবে অলাপাৰিব দৰব দিয়া হয়। 
 
উল্লেখ্য যে ভাৰতত প্ৰতি বছৰে চিনাক্ত হোৱা আনুমানিক ১৪ লাখ কৰ্কট ৰোগীৰ ভিতৰত প্ৰায় ২ লাখ ৭৫ হেজাৰ ৰোগীৰ স্তন, ডিম্বাশয়, অগ্ন্যাশয়ৰ কৰ্কট ৰোগী বুলি কোম্পানীটোৱে তথ্য প্রকাশ কৰে। 
 
ভাৰতৰ ঔষধ নিয়ামক কর্তৃপক্ষই প্রায় পাঁচ বছৰ পূৰ্বে এই দৰবৰ উদ্ভাৱক কোম্পানী এষ্ট্রাজেনেকাক অলাপাৰিব দৰব আমদানি আৰু বিপণনত অনুমোদন জনাইছিল। কিন্তু ইয়াৰ ব্যয় বহুলতাৰ বাবে দীর্ঘদিন ধৰি দৰববিধৰ জেনেৰিক সংস্কৰণৰ বাবে বিভিন্ন সংস্থাই দাবী জনাই আহিছে। 
 
বুধবাৰে জাইডাছৰ পৰিচালন সঞ্চালক শ্বাৰভিল পেটেলে সংবাদ মাধ্যমত কয়, 'আৰম্ভণিতে সঠিক চিকিৎসা আৰু নিদানে ৰোগীক কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজত সহায়ক হয়।'