প্ৰশিক্ষণ অবিহণে প্ৰথম প্ৰচেষ্টাতে অসামৰিক সেৱাত সফলতাৰে উত্তীৰ্ণ হ'ল কাশ্মীৰৰ হৰিশ মিৰ

Story by  atv | Posted by  [email protected] • 12 d ago
প্ৰশিক্ষণ অবিহণে প্ৰথম প্ৰচেষ্টাতে অসামৰিক সেৱাত সফলতাৰে উত্তীৰ্ণ হোৱা কাশ্মীৰৰ হৰিশ মিৰ
প্ৰশিক্ষণ অবিহণে প্ৰথম প্ৰচেষ্টাতে অসামৰিক সেৱাত সফলতাৰে উত্তীৰ্ণ হোৱা কাশ্মীৰৰ হৰিশ মিৰ
 
এহছান ফাজিলি/শ্ৰীনগৰ

উত্তৰ কাশ্মীৰৰ হাণ্ডৱাৰা অঞ্চলৰ ২৫ বছৰীয়া মেধাৱী যুৱক মহম্মদ হৰিশ মিৰে ২০২৩ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষা (ইউ পি এছ চি)ত প্ৰথম প্ৰয়াসতে সফলতা অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ফলাফলত ৩৪৫ ৰেংকিং লাভ কৰা হৰিশ মিৰ হৈছে এগৰাকী অনক’লজিষ্টৰ (কেঞ্চাৰ বিশেষজ্ঞ) পুত্ৰ।
 
তেওঁ কয় যে শেহতীয়া বছৰবোৰত অসামৰিক সেৱাত কেইবাজনো কাশ্মীৰীৰ সফলতাই তেওঁক অনুপ্ৰাণিত কৰিছিল, আৰু দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই তেওঁ ইউ পি এছ চি পৰীক্ষাৰ ওপৰত চকু ৰাখিছিল।
 
হৰিশ মিৰ নিজৰ লক্ষ্যৰ বিষয়ে ইমানেই স্পষ্ট আছিল যে তেওঁ পিতৃ-মাতৃয়ে বিচৰা ধৰণে চিকিৎসক বা উকীল হোৱাৰ কথা চিন্তা নকৰি উচ্চতৰ মাধ্যমিকত মানৱীয় বিজ্ঞান বিষয়টো বাছি লৈছিল।
 
উল্লেখ কৰিব পাৰি যে তেওঁৰ পিতৃ ডাঃ আব্দুল ৱাহিদ মিৰ শ্ৰীনগৰৰ ছৌৰাৰ সন্মানীয় শ্বেৰ-ই-কাশ্মীৰ ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ অংক’লজিষ্ট। হৰিশ মিৰৰ পৰিয়ালটো আগতে সীমান্তৱৰ্তী জিলা কুপৱাৰাৰ হাণ্ডোৱাৰাৰ এটা দুৰ্গম অঞ্চলত আছিল যদিও পিতৃৰ চাকৰিৰ বাবে তেওঁলোক পৰৱৰ্তী সময়ত শ্ৰীনগৰলৈ স্থানান্তৰিত হয়।
হৰিশ মিৰে 'আৱাজ-দ্য ভইচ'ক জনোৱা মতে, শ্ৰীনগৰৰ টাইনি হাৰ্টছ স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ অসামৰিক সেৱা আৰু মানৱীয় বিজ্ঞান অধ্যয়নৰ প্ৰতি আগ্ৰহী। দ্বাদশ শ্ৰেণীৰ পিছত হৰিশে আইন অধ্যয়ন কৰিবলৈ সিদ্ধান্ত লৈছিল। 
 
উল্লেখ্য যে, মহম্মদ হৰিশ মিৰে নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা আইন, বি এ, এল এল বিৰ পাঁচ বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমত যোগদান কৰে। জামিয়া মিলিয়া ইছলামিয়াই ইউ পি এছ চি পৰীক্ষাৰ বাবে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰে যদিও হৰিশে নিজাববীয়াকৈ প্ৰস্তুতি চলোৱাটো পছন্দ কৰিছিল আৰু প্ৰশিক্ষণ ক্লাছত যোগদান কৰা নাছিল।
 
“আইনৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ লগে লগে মই ইউ পি এছ চি পৰীক্ষাৰ বাবে নিজে অধ্যয়ন কৰি প্ৰস্তুতি চলাবলৈ ধৰিলোঁ। কঠোৰ পৰিশ্ৰমেৰে এবছৰ পঢ়া-শুনা কৰাৰ বাবে মই প্ৰথম প্ৰচেষ্টাতে পৰীক্ষাত উত্তীৰ্ণ হ’লোঁ। স্নাতক ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছতহে ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিলো। কাৰণ ইতিমধ্যে প্ৰায় পাঁচ মাহ আগতেই প্ৰশিক্ষকৰ ক্লাছ আৰম্ভ হৈছিল আৰু মাজভাগত ইয়াত যোগদান কৰাৰ কোনো লাভ নাছিল।”, আৱাজ-দ্য ভইচক হৰিশে এইদৰে কয়।
 
অধ্যয়নৰ ক্ষেত্ৰত তেওঁৰ সন্মুখত কোনো আৰ্থিক বাধা নাছিল কাৰণ তেওঁৰ পৰিয়ালটো আৰ্থিকভাৱে স্বচ্ছল আছিল। তেওঁ কয়, "অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত মোৰ বাবে পঢ়া-শুনাত মনোনিৱেশ কৰাটো ইমান কঠিন নাছিল। এই সময়ছোৱাত দিল্লীত ঘৰৰ পৰা আঁতৰত থাকি মাজে মাজে নিজকে নিসংগ অনুভৱ কৰিছিলো।"
 
প্ৰথম প্ৰচেষ্টাতে অসামৰিক সেৱাৰ পৰীক্ষা ক্লিয়াৰ কৰিব বিচৰা সকললৈ তেওঁ কি বাৰ্তা দিব বিচাৰে বুলি সোধাত মহম্মদ হেৰিছে কয়, “পাঠ্যক্ৰম খৰচি মাৰি অধ্যয়ন কৰিব লাগিব। বাৰে বাৰে মক টেষ্ট (Mock Test) দিব লাগিব। সৰ্বশেষত দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমে সকলো সম্ভৱ কৰি তুলে বুলি মই বিশ্বাস কৰো”, তেওঁ কয়।
 
মহম্মদ হৰিশে এতিয়া সেৱা আবণ্টন আৰু সেৱাত যোগদানৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।