অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ কনিষ্ঠতম এয়াৰ ছেফটি অফিচাৰ হিচাপে পৰিগণিত কাৰ্গিলৰ আকিল আহমেদ

Story by  atv | Posted by  [email protected] • 11 d ago
কাৰ্গিলৰ আকিল আহমেদ
কাৰ্গিলৰ আকিল আহমেদ
 
নতুন দিল্লী

লাডাখৰ ২২ বছৰীয়া এৰ’নটিকেল ইঞ্জিনিয়াৰ মহম্মদ আকিলে অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বায়ু সুৰক্ষা বিষয়া হিচাপে নিৰ্বাচিত হোৱা সীমান্ত অঞ্চলৰ প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হৈছে।
 
আকিলে ২০২৩ চনৰ বিমান সুৰক্ষা বিষয়া নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ৰাষ্ট্ৰীয় পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয়।
মানুহে ছ’চিয়েল মিডিয়াত তেওঁ অভিনন্দন জনাইছে আৰু ইমান কম বয়সতে লাভ কৰা তেওঁৰ এই কৃতিত্বক ভূয়সী প্ৰশংসা কৰিছে। উল্লেখ্য যে, এই সন্মানীয় পৰীক্ষাত উত্তীৰ্ণ হোৱা আটাইতকৈ কম বয়সীয়া প্ৰাৰ্থীসকলৰ ভিতৰত অন্যতম হৈছে লাডাখৰ আকিল। তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ কাৰ্গিল চহৰৰ পৰা প্ৰায় ৪২ কিলোমিটাৰ নিলগত অৱস্থিত ছানকু থাংডুম্বদুৰ গাঁৱৰ বাসিন্দা।