অংগনবাড়ী কৰ্মী পুত্ৰৰ UPSC পৰীক্ষাত সফলতা লাভ

Story by  atv | Posted by  Munni Begum • 11 d ago
 UPSC পৰীক্ষাত সফলতা লাভ আফজল আলীৰ সফলতা
UPSC পৰীক্ষাত সফলতা লাভ আফজল আলীৰ সফলতা
 
মহম্মদ আক্ৰাম / নতুন দিল্লী
 
বিহাৰৰ পূৱ চম্পাৰণ জিলাৰ কেছাৰিয়া খণ্ডৰ অন্তৰ্গত হুছেইনী পঞ্চায়তৰ ১২ নং ৱাৰ্ডৰ বাসিন্দা আফজল আলীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত ৫৭৪ নম্বৰ স্থান লাভ কৰি সমগ্ৰ পূৱ চম্পাৰণ জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। তৃতীয়বাৰৰ প্ৰচেষ্টাত তেওঁ এই সফলতা লাভ কৰিছে। তেওঁৰ মাতৃ শ্বাহনাজ নুৰী এগৰাকী অংগনবাড়ী কৰ্মী আৰু পিতৃ আমজাদ আলীয়ে এখন চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে কাম কৰে আছে।
 
আফজল আলীয়ে জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ লৈছিল। মঙলবাৰে ইউ পি এছ চিৰ ফলাফল ঘোষণা কৰাৰ লগে লগে আফজল আলীৰ ঘৰত এক সুখময় পৰিবেশ বিৰাজ কৰিছিল। যেতিয়া মানুহে আফজলৰ ফলাফলৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া আফজলক অভিনন্দন জনাবলৈ তেওঁলোকৰ ঘৰলৈ শুভাকাংক্ষীৰ সমাগমৰ সোঁত বৈছিল। আফজলৰ পিতৃ আমজাদ আলীয়ে জনোৱা মতে, ২০২১ চনৰ পৰাই আফজলে প্ৰস্তুতিত ব্যস্ত আছিল। প্ৰথম আৰু দ্বিতীয় প্ৰচেষ্টাত সফল হব পৰা নাছিল যদিও তৃতীয় প্ৰচেষ্টাত আফজালে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।   
 
আমি এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো বুলি আফজালৰ দেউতা মন্তব্য কৰিছে। পুত্ৰৰ সফলতা সন্দৰ্ভত পিতৃ আমজাদ আলীয়ে কয়, "সুখ ব্যক্ত কৰাৰ বাবে মোৰ ওচৰত কোনো শব্দ নাই, আমি এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলো, যিটো আজি আমি পাইছো আৰু এইয়া প্ৰতিজন পিতৃৰ ইচ্ছা।"   
 
আফজাল আলীৰ সফলতা উদযাপন পৰিয়াল তথা আত্মীয়ৰ
 
সৈনিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা আফজলৰ দেউতাকে ক’লে যে আফজলৰ তিনিগৰাকী ভগ্নী। আফজল গাঁৱৰ চৰকাৰী বিদ্যালয় এখনত পঢ়াৰ পিছত সৈনিক বিদ্যালয়ৰ পৰা  শিক্ষা গ্ৰহণৰ কৰিছিল। ২০১৫ চনত নালন্দাৰ সৈনিক বিদ্যালয়ৰ পৰা ৯৫ শতাংশ নম্বৰ লাভ কৰি দশম শ্ৰেণীৰ ব’ৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ২০১৭ চনত তেওঁ ৬৯ শতাংশ নম্বৰ লাভ কৰি দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছিল আৰু ২০২১ চনত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা ভূগোলত ৭৫% নম্বৰ লাভ কৰি স্নাতক ডিগ্ৰী লাভ কৰিছিল। 
 
আফজল আলীয়ে জনোৱা মতে, স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত ২০২১ চনৰ পৰাই তেওঁ ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল। আফজালে একেৰাহে দুবাৰকৈ বিফলতাৰ সন্মুখীন হ’বলগীয়া হৈছিল, যদিও তেওঁ হতাশ হৈ পৰা নাছিল আৰু সম্পূৰ্ণ উৎসাহেৰে প্ৰস্তুতি অব্যাহত ৰাখিছিল। 
 
আফজালে কয়, "জামিয়া কোচিঙে মোৰ ক্ৰুটিবোৰ আঙুলিয়াই দিছিল, যিবোৰৰ প্ৰতি মইও গুৰুত্ব দিছিলোঁ। যাৰ ফলতে আজি মই তৃতীয়বাৰৰ প্ৰচেষ্টাত সফলতা লাভ কৰি আই পি এছ হৈ নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হৈছো।"