জেফ বেজোছৰ নিউ শ্বেপাৰ্ড মহাকাশ অভিযানত ভাৰতীয় নাগৰিক গোপীচান্দ থোটাকুৰা

Story by  atv | Posted by  [email protected] • 18 d ago
জেফ বেজোছৰ নিউ শ্বেপাৰ্ড মহাকাশ অভিযানত ভাৰতীয় নাগৰিক গোপীচান্দ থোটাকুৰা
জেফ বেজোছৰ নিউ শ্বেপাৰ্ড মহাকাশ অভিযানত ভাৰতীয় নাগৰিক গোপীচান্দ থোটাকুৰা

বেংগালুৰু 

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ মহাকাশ কোম্পানী ব্লু অৰিজিনে ঘোষণা কৰিছে যে তেওঁলোকৰ পৰৱৰ্তী নিউ শ্বেপাৰ্ড অভিযানত মহাকাশলৈ যাবলগীয়া ৬জনীয়া দলটোৰ অন্যতম সদস্য হৈছে ভাৰতীয় নাগৰিক গোপীচান্দ থোটাকুৰা। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা ৱেলনেছ উদ্যোগী আৰু পাইলট গোপীচান্দ হ'ব মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়গৰাকী মহাকাশচাৰী আৰু প্ৰথমগৰাকী মহাকাশচাৰী। ইয়াৰ পূৰ্বে, ১৯৮৪ চনত উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাই দেশৰ প্ৰথমজন অসামৰিক মহাকাশচাৰী হিচাপে মহাকাশলৈ গৈ ইতিহাস ৰচিছিল। 
 
মহাকাশচাৰী কল্পনা চাওলা, সুনীতা উইলিয়ামছ, ৰাজা চাৰী আৰু ছিৰিশা বান্দলা ভাৰতীয় মূলৰ আমেৰিকাৰ নাগৰিক আছিল। এন এছ-২৫ ছাবঅৰ্বিটেল মিছন উৎক্ষেপণৰ তাৰিখ ঘোষণা কৰা হোৱা নাই যদিও অহা কেইসপ্তাহমানৰ ভিতৰত এই অভিযান মুকলি হোৱাৰ সম্ভাৱনা আছে।
 
বিজয়াৱাদাত জন্মগ্ৰহণ কৰা ৩০ বছৰীয়া থোটাকুৰা বৰ্তমান আমেৰিকাৰ আটলাণ্টাত নিৰ্মাণ হৈ থকা বহু কোটি টকীয়া ৱেলনেছ চেণ্টাৰ প্ৰিজাৰ্ভ লাইফৰ সহ-প্ৰতিষ্ঠাপক যদিও তেওঁ ভাৰতীয় পাছপ’ৰ্ট ব্যৱহাৰ কৰি আছে। 
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত গোপাচান্দ থোটাকুৰাই কয় যে এগৰাকী অসামৰিক নাগৰিক হিচাপে তেওঁৰ মহাকাশ যাত্ৰাই ভাৰতীয় শিশুসকলক অনুপ্ৰাণিত কৰিব আৰু মহাকাশচাৰী হোৱাৰ ধাৰণাটো অধিক সুলভ কৰি তুলিব। আঠ বছৰ বয়সত কে এল এম বিমানৰ ককপিটলৈ যোৱাৰ পিছৰে পৰা তেওঁ মহাকাশৰ প্ৰতি আকৰ্ষিত হৈ পৰিছে।
 
থোটাকুৰা এজন প্ৰশিক্ষিত পাইলটও যিয়ে প্ৰায় এদশক পূৰ্বে ভাৰতত চিকিৎসা বিমান সেৱা (medical air-evacuation service) চলাইছিল। মহাকাশ যাত্ৰা কৰাটো তেওঁ সেই সপোনৰে অংশ আছিল। তেওঁ কয় যে ব্লু অৰিজিনে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতহে  তেওঁৰ পৰিয়ালে মহাকাশলৈ যোৱাৰ পৰিকল্পনাৰ বিষয়ে জানিব পাৰিছে। তেওঁলোক নাৰ্ভাছ যদিও আনন্দিত বুলিও তেওঁ কয়।