সামাজিক মাধ্যমত কেনেকৈ জনপ্ৰিয় হ'ল ব্ল'গাৰ আৰ্ছিয়া

Story by  atv | Posted by  Munni Begum • 13 d ago
 ব্ল'গাৰ আৰ্ছিয়া
ব্ল'গাৰ আৰ্ছিয়া
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
সামাজিক মাধ্যমত আকৰ্ষণীয় আৰু তথ্যসমৃদ্ধ বিষয়বস্তু সৃষ্টি কৰি সম্প্ৰতি বহু যুৱক-যুৱতীয়ে সফলতাৰ শিখৰ স্পৰ্শ কৰিছে। আজিৰ ডিজিটেল পৃথিৱীত আপুনি অতি সোনকালে এজন Influencer হ’ব পাৰে, যদিহে আপুনি আপোনাৰ কামত নিৰন্তৰতা বজাই ৰাখে। তেনে এগৰাকী জনপ্ৰিয় Influencer হৈছে ব্ল'গাৰ আৰ্ছিয়া (vlogger Arshiya)। ডাঃ আৰ্ছিয়া ফাইজ এগৰাকী ডিজিটেল ক্ৰিয়েটাৰ হোৱাৰ লগতে পেছাত এগৰাকী চিকিৎসক। 
 
২৭ বছৰীয়া ডাঃ আৰ্ছিয়া ফাইজৰ ঘৰ হৈছে দিল্লীৰ শ্বাহীন বাগত। ইয়াত তেওঁ এটা ডাঙৰ ষ্টুডিঅ’টোও মুকলি কৰিবলৈও সাজু হৈছে। নিজৰ আকৰ্ষণীয় ক'ণ্টেণ্ট সৃষ্টিৰ জৰিয়তে আৰ্ছিয়া এতিয়া এগৰাকী ছ’চিয়েল মিডিয়াত ইনফ্লুৱেন্সাৰ (Social Media Influencer) হোৱাই নহয়, তেওঁ ৰাইজৰ মাজতো বিখ্যাত হৈ পৰিছে। 
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক কথোপকথোনত আৰ্ছিয়াই কয় যে তেওঁ মাত্ৰ এবছৰৰ আগতে ব্ল'গিং আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে ৪০০ৰো অধিক ভিডিঅ’ প্ৰস্তুত কৰিছে। আৰ্ছিয়াৰ দলত মুঠ ৪ জন লোক আছে আৰু তেওঁৰ প্ৰতিটো ভিডিঅ'ৰ বাবে সম্পূৰ্ণ প্ৰুফ প্লেনিং কৰে আৰু এই কৌশল অনুসৰণ কৰি তেওঁ ভিডিঅ'সমূহ শ্বুট কৰে। 
 
ব্ল'গাৰ আৰ্ছিয়া
 
ভিডিঅ'ৰ ভইচ অভাৰ আৰু চিত্ৰনাট্য দুয়োটা কাম আৰ্ছিয়াই কৰে। আৰ্ছিয়াৰ মূল লক্ষ্য হৈছে ক্ষুদ্ৰ বিক্ৰেতা আৰু গ্ৰাহকক সংযোগ কৰা। তেওঁৰ ভিডিঅ'বোৰ চাই বহুতো গ্ৰাহকে সেই বিশেষ দোকানবোৰলৈ যায়। 
 
শৈশৱৰ পৰাই আৰ্ছিয়াই বহু স্কুল সলনি কৰিছিল। তাৰ পিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। আৰ্ছিয়াই কয় যে তেওঁৰ বৃত্তি আৰু পেছা বেলেগ বেলেগ। সৰুৰে পৰাই তেওঁৰ চিকিৎসক হোৱাৰ হেঁপাহ আছিল আৰু তেওঁ তাত সফল হৈছে।   
 
আজি তেওঁ এগৰাকী অৰ্থো চিকিৎসক আৰু অতি সোনকালে তেওঁ নিজাকৈ ক্লিনিক খুলিবলৈ ওলাইছে। কিন্তু একে সময়তে তেওঁ নিজৰ আবেগ অৰ্থাৎ vloggingকো আগুৱাই লৈ যাব বিচাৰে, কাৰণ তেওঁ সৰুৰে পৰা নতুন নতুন ঠাই ভ্ৰমণ কৰি ভাল পায়, খাই ভাল পায় আৰু তেওঁ ভাল পোৱা সকলো বস্তু অন্বেষণ কৰি ভাল পায়। 
 
ব্ল'গাৰ আৰ্ছিয়া
 
আৰ্ছিয়া এগৰাকী মুকলি মনৰ ছোৱালী। তেওঁ কয় যে যদি আমাৰ নিজৰ মানুহে আমাক নিষেধাজ্ঞাত ৰাখে, তেন্তে আমি কেতিয়াও মুকলি আকাশত উৰিব নোৱাৰিম। আৰ্ছিয়াই জামিয়াত পঢ়ি থকা সময়ৰে পৰা ব্লগিং আৰম্ভ কৰিছিল। তাৰ পিছত জামা মছজিদ, কেৰল বাগ, লাজপট নগৰ মাৰ্কেট, নেহৰু প্লেচ মাৰ্কেট, ৰাজৌৰী গাৰ্ডেন, চান্দনী চক, নয়ডা, গুৰুগ্ৰাম আদি বজাৰবোৰ ভ্ৰমণ কৰি এই সুন্দৰ বজাৰবোৰৰ লগত মানুহক চিনাকি কৰাই দিয়ে। 
 
বৰ্তমান আৰ্ছিয়া ঋষিকেশ আৰু অন্যান্য ভ্ৰমণ স্থানৰ বিষয়ে ব্লগিং কৰাত ব্যস্ত। আৰ্ছিয়াৰ মতে যদি কোনো কাম সীমাৰ ভিতৰত কৰা হয়, তেন্তে ইয়াৰ প্ৰতি কাৰো আপত্তি নাই। আপুনি সদায় ইতিবাচকতাৰে আপোনাৰ সমাজৰ বাবে ভাল কিবা এটা কৰিব পাৰে।কিন্তু, পঢ়া-শুনাৰ পৰা বিচ্ছিন্ন হ'ব নালাগে। শিক্ষা সকলোৰে আশা আৰু ভেটি। ইয়াৰ অবিহনে আপুনি কোনো কামতে আগুৱাব নোৱাৰে।