পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অন্য এক দিশ; উচ্চ শিক্ষিত ইক্ৰা হাছানৰ উত্তৰ প্ৰদেশত ব্যতিক্ৰমী নিৰ্বাচনী যুঁজ

Story by  atv | Posted by  Munni Begum • 12 d ago
নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিছে ইক্ৰা হাছানে
নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিছে ইক্ৰা হাছানে
 
তৃপ্তি নাথ
 
ধূলিময় পথ আৰু কুঁহিয়াৰ পথাৰৰ মাজেৰে লোকসভা নিৰ্বাচনীৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটোত তৃতীয় প্ৰজন্মৰ ৰাজনীতিবিদ ইক্ৰা মুনোৱাৰ হাছানে ট্ৰেক্টৰত উঠি নিজৰ প্ৰচাৰ অভিযান চলাই গৈছে উত্তৰ প্ৰদেশৰ চামলি জিলাৰ কৈৰানা সমষ্টিত। ২৭ বছৰীয়া ইক্ৰা সমাজবাদী পাৰ্টীৰ হৈ এই নিৰ্বাচনী যুদ্ধত নামি পৰিছে, এনেকুৱা এটা সমষ্টিৰ পৰা য'ত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে বহু বছৰৰ পৰা নিজৰ ধ্বজ্জা উৰুৱাই আহিছে।  
 
"নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে মোৰ উৎকণ্ঠা যথেষ্ট বাঢ়ি গৈছে, যদিও মোৰ পৰিয়ালৰ সদস্যসকলে বছৰ বছৰ ধৰি লাভ কৰা ভোটাৰৰ সমৰ্থনে মোৰ আস্থাও সমানে বৃদ্ধি কৰিছে। মোৰ বিশ্বাস যে মোৰ ওচৰত ভোটাৰৰ সম্পূৰ্ণ আশীৰ্বাদ আছে।" ট্ৰেক্টৰত উঠি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটো (বুধবাৰে) 'আৱাজ-দ্য ভইচ'ৰ সংবাদদাতাক ওচৰত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। 
 
সংসদ সদস্য হিচাপে নিৰ্বাচিত হ’লে ইক্ৰা হাছনে মহিলা বিশেষকৈ মুছলমান মহিলা আৰু কৃষকসকলক সবলীকৰণ, শিক্ষাৰ সুবিধা উন্নত, উদ্যোগৰ বাবে বিনিয়োগ আকৰ্ষণ আৰু মুছলমান শিপিনীৰ বাবে সুযোগ সৃষ্টিৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বিচাৰে। ইক্ৰা হাছানে কয়, "লক্ষ্ণৌত সমাজবাদী পাৰ্টিত যোগদান কৰা দিনটো মোৰ স্পষ্টকৈ মনত আছে। মোৰ অগ্ৰাধিকাৰ হৈছে মহিলাসকলৰ বাবে মহাবিদ্যালয় স্থাপন কৰা। কিয়নো কন্যা সন্তানক পুৰুষ প্ৰধান শিক্ষানুষ্ঠানলৈ পঠিয়াবলৈ আভিভাৱকসকলে ভাল নাপায়।" 
 
লোকসভা নিৰ্বাচনীৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনটো কৈৰানাত ইকৰা মুনোৱাৰ হাছান
 
ইক্ৰা নিজে প্ৰথম শ্ৰেণীলৈকে চামলিত পঢ়িছিল। পিছত দিল্লীৰ কুইনছ মেৰী স্কুলত যোগদান কৰি লেডী শ্ৰীৰাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ৰ তেওঁ আইনৰ স্নাতক ডিগ্ৰী কৰিছিল। ইক্ৰা হাছানৰ মতে যদিও তেওঁ বিশেষ ৰাজনৈতিক সুবিধাপ্ৰাপ্ত পটভূমিৰ পৰা আহিছে, তথাপিও তেওঁ নিজৰ  এক সুকীয়া স্থান ৰাজনৈতিক ক্ষেত্ৰত গঢ়ি তুলিব বিচাৰে। তেওঁ কয়, "এগৰাকী সাংসদ হোৱাটো এক ডাঙৰ দায়িত্ব।" 
 
ইক্ৰা হাছানে পৰিয়ালৰ গৰিষ্ঠ সংখ্যক লোকে ৰাজনীতিবিদৰ। তেওঁৰ ককাক চৌধুৰী আখতাৰ হাছান এটা কাৰ্যকালৰ বাবে কৈৰানা সমষ্টিৰ পৰা সংসদৰ সদস্য আছিল। একেদৰে পিতৃ, চৌধুৰী মুনাওৱাৰ হাছান কৈৰানাৰ পৰা দুটা কাৰ্যকাল লোকসভাৰ সাংসদ আৰু ৰাজ্যসভাৰ সাংসদও আছিল। তেওঁ কৈৰানাৰ পৰা বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে এম এল চি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ মাতৃ, বেগম তাবাছুম হাছানেও ২০০৯ চনৰ পৰা ২০১৪ চনলৈকে কৈৰানাৰ সাংসদ আছিল। ইক্ৰাৰ ভাতৃ নাহিদ হাছান কৈৰানাৰ পৰা সমাজবাদী পাৰ্টীৰ বিধায়ক আছিল। 
 
ইক্ৰাই ট্ৰেক্টৰত উঠি এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গৈছিল। ভোটাৰসকলক তেওঁ আহ্বান জনাইছে যে 'ঊনৈশ তাৰিখ" (১৯ এপ্ৰিলৰ ভোটদানৰ দিন)ত 'চাইকেল' বুটামটো টিপিবলৈ মনত ৰাখিব। ইক্ৰা হাছানাৰ প্ৰচাৰ অভিযান চলাই থকা সময়তে কংগ্ৰেছৰ টিকটত কৈৰানাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আৰু ১৯৮৪ চনত মায়াৱতীক ২,৪৪,০০০ ভোটত পৰাস্ত কৰা আখতাৰ হাছানৰ নাতিনীয়েকক চাবলৈ গাঁৱৰ ৰাইজে পথৰ দুয়োকাষে শাৰী পাতি ভিৰ কৰিছিল। 
 
লোকসভা নীৰ্বাচনৰ প্ৰচাৰৰ সময়ত ইক্ৰা হাছানক মহিলা সমৰ্থকে আশীৰ্বাদ দিয়া এক দৃশ্য
 
ৰাজপুত প্ৰধান খেৰী খুষনামৰ ৰঙা মহিন্দ্ৰা ট্ৰেক্টৰ হওঁক অথবা ৰাজপুতৰ আন এখন গাঁও লাভা দৌদপুৰত ছান ছাদ থকা এছ ইউ ভিয়ে হওঁক ইক্ৰা হাছানৰ দলৰ সমৰ্থকসকলে তেওঁৰ বাবে সৰ্বোত্তম পৰিবহণৰ ব্যৱস্থা নিৰ্ধাৰণ কৰি দিছিল। আন্তঃৰাষ্ট্ৰীয় আইনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা লণ্ডনৰ এছ অ’ এ এছ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ শান্তিপূৰ্ণ পৰিৱেশৰ পৰা নাতি দূৰত থকা ইক্ৰাই পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক ব্যৱস্থাতো সমানে খাপ খাই গৈছিল।
 
বুধবাৰে ৰাতিপুৱা ইয়াত দলীয় কাৰ্যালয়লৈ অহা সমৰ্থকৰ বিশাল ভিৰৰ মাজত আছিল তেওঁৰ পৰিয়াল আৰু সমাজবাদী পাৰ্টিৰ অনুগত চৌধুৰী ৰইছ ৰাণা। মুজাফ্ফৰনগৰৰ জোলা গাঁৱত বাস কৰা এই ৬০ বছৰীয়া লোকজনে ইক্ৰাৰ ভোট বিচাৰি দহ দিন ধৰি কৈৰানাত শিবিৰ পাতি আছে। ইক্ৰাৰ পৰিয়ালৰ সৈতে ৰায়ছ ৰানাৰ সম্পৰ্ক চাৰি দশকৰো অধিক পুৰণি। চৌধুৰী ৰাণাই ইক্ৰাক ডাঙৰ হোৱা দেখিছে আৰু তেওঁৰ কেৰিয়াৰক অতি উৎসাহেৰে অনুসৰণ কৰিছে।" নষ্টালজিক ইংগিতেৰে তেওঁ এখন ছবি দেখুৱাইছে য’ত তেওঁ ইক্ৰাক মাত্ৰ চাৰি বছৰ বয়সত কোলাত লৈ আছিল। ইক্ৰাৰ পৰিয়ালৰ ঘৰত তোলা এইখন ছবি।  
 
ৰায়েছে কয়, "মোৰ দেউতা চৌধুৰী মেহমুদ হাছানে লোকসভাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত ইক্ৰাৰ ককাৰ হৈ প্ৰচাৰ চলাইছিল। গতিকে, আমাৰ পাৰিবাৰিক সম্পৰ্ক বহুত ভাল।" এই পৰিয়ালটোৱে সঁচা অৰ্থত কেৱল নিজৰ সমষ্টিৰ প্ৰতিয়েই নহয় বুলণ্ডশ্বাৰ, গাজিয়াবাদ, মেৰুট, মুজাফ্ফৰনগৰ, চাহাৰনপুৰকে ধৰি বহু জিলাৰ সমষ্টিৰ প্ৰতিও উন্নয়নৰ প্ৰতি সজাগ।
 
কৃষক নেতা ৰাকেশ টিকাইটৰ সৈতে ইক্ৰা হাছান
 
ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অংশ কৈৰানাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ পৰা বিচলিত নোহোৱা এই লণ্ডনৰ শিক্ষিত মহিলাগৰাকীয়ে যেন নিজৰ নাম উজলাই তুলিবলৈ দৃঢ় আত্মবিশ্বাসী৷ কিন্তু বিজেপিৰ সাংসদ প্ৰদীপ চৌধুৰীৰ বিৰুদ্ধে তেওঁৰ প্ৰতিযোগিতা অতি সহজ হব। ইক্ৰা হাছানে কয় যে তেওঁ নিশ্চিত যে তেওঁৰ পৰিয়ালে বছৰ বছৰ ধৰি আগবঢ়োৱা অৱদানক ভোটাৰসকলে স্বীকৃতি দিব। তেওঁ কয়, "মোৰ দেউতা, মুনোৱাৰ হাছান সমষ্টিটোৰ মানুহৰ লগত সংযুক্ত হৈ আছিল আৰু মইও একে কামেই কৰিব বিচাৰো।" 
 
কৈৰানাৰ আইন-শৃংখলাৰ পৰিস্থিতিক লৈ চিন্তিত ইক্ৰাই কয় যে নেশ্যনেল ক্ৰাইমছ ৰেকৰ্ড ব্যুৰোৰ পৰিসংখ্যাই ছোৱালী আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি হোৱাটো স্পষ্টকৈ প্ৰকাশ কৰিছে। এগৰাকী মহিলা হোৱাৰ বাবে মই হিংসাৰ সন্মুখীন হোৱা মহিলাসকলক সহায় কৰাটো নিশ্চিত কৰিব বিচাৰো। প্ৰায়ে দেখা যায় যে, মহিলাসকলে সন্মুখীন হোৱা হিংসাৰ অভিযোগ কৰিবলৈ সাহস গোটাব নোৱাৰে। মই তেওঁলোকক শক্তিশালী কৰিব বিচাৰিছো যাতে তেওঁলোকে মাত মাতিব পাৰে। ইকৰাৰ মতে তেওঁৰ সমষ্টিৰ হৈ কৰিবলগীয়া বহু কাম আছে।
 
এই যুৱ ৰাজনীতিবিদগৰাকীয়ে মুছলমান শিপিনীসকলৰ বাবেও কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বিচাৰিছে। তেওঁ কয়, “তেওঁলোকৰ বহুতেই পানীপাটত কাম কৰিবলৈ যায়। এই ঘাইপথটো অসুৰক্ষিত হোৱাৰ লগতে একাংশ লোকৰ মৃত্যুৰো খবৰ পোৱা গৈছে। আত্মনিৰ্ভৰশীলতাৰ বাবে আমাৰ ইয়াত পৰ্যাপ্ত বস্ত্ৰ ইউনিট থাকিব লাগিব।"  
 
ইক্ৰা হাছানে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযান চলোৱা এক দৃশ্য
 
ইক্ৰাই আঙুলিয়াই দিয়ে যে কৈৰানা অতি শান্তিপ্ৰিয় অঞ্চল য’ত বিভিন্ন ধৰ্মৰ ৩৬টা সম্প্ৰদায়ৰ লোকে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। মই কৃষকৰ পৰিয়ালৰ পৰা আহিছো আৰু সেয়েহে কৃষকসকলে যাতে তেওঁলোকৰ শস্যৰ বাবে উন্নত নূন্যতম সহায়ক মূল্য আৰু বিনামূলীয়া বিদ্যুৎ লাভ কৰাটো নিশ্চিত কৰিব বিচাৰো।”  
 
কৈৰানাৰ পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে ইক্ৰাই কয়, “মই একমত যে এই ঠাইখন অতি ৰক্ষণশীল আৰু পৰিয়ালকেন্দ্ৰিক, কিন্তু মই নীতি-নিয়ম মানি চলোঁ৷ নিৰ্বাচনৰ আগমুহূৰ্তত মই বহুত ঠাট্টা-মস্কৰাৰ সন্মুখীন হৈছো। মোক ‘শিশু’ বুলি বৰ্খাস্ত কৰা হৈছিল, যদিও মই আগবাঢ়িছো। আৰু মই পৰিয়ালকেন্দ্ৰিক ৰাজনৈতিক সুবিধা হিচাপে গ্ৰহন কৰা নাই, কিয়নো মই নিজকে সুকীয়া হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো।"   
 
মূৰ ঢাকি কুৰ্তা আৰু ট্ৰাউজাৰ পৰিধান কৰা ইক্ৰা হাছানে কয় যে তেওঁৰ বাবে প্ৰচাৰ চলাবলৈ নিজৰ দলৰ সদস্যৰ বাহিৰে বাহিৰৰ লোকক অনাৰ প্ৰয়োজন অনুভৱ নকৰে। ইক্ৰা ৰাজনৈতিকভাৱে সফল হ’ব নে নহয় সেয়া কোৱাটো এতিয়াও অস্পষ্ট যদিও এটা কথা নিশ্চিত যে, তেওঁ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত এগৰাকী উদীয়মান যুৱ নেত্ৰী হিচাপে নিজৰ নাম উজলাই তুলিছে৷