চতুৰ্থ প্ৰচেষ্টাত সফলতা; UPSC পৰীক্ষাত ১৬৫ ৰেংক লৈ জিলিকিল ছাইমা খান

Story by  atv | Posted by  Munni Begum • 12 d ago
ছাইমা খান
ছাইমা খান
 
আৱাজ-দ্য ভইচ / নতুন দিল্লী
 
বিফলতাই সফলতাৰ মূল মন্ত্ৰ। যিমানেই বিফল হ'ব সিমানেই অভিজ্ঞতা বাঢ়িব। সেই কথা প্ৰমাণ কৰিলে মমিনপূৰৰ এগৰাকী যুৱতীয়ে। চতুৰ্থ প্ৰচেষ্টাত ভাৰতীয় লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হ'ল মমিনপূৰৰ ৱাৰ্ড নং ৭৮ ৰ বাসিন্দা ছাইমা খানে। সদ্যঘোষিত ভাৰতীয় লোকসেৱা আয়োগ (UPSC)ৰ পৰীক্ষাত ১৬৫ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে ছাইমা খানে।
 
ছাইমা খানে কয়; "কঠোৰ পৰিশ্ৰমত কোনো চৰ্টকাট নাই। যেতিয়াই আপুনি বিফলতাৰ সন্মুখীন হ'ব, তেতিয়াই ইয়াক সফলতাৰ দিশত আন এক পদক্ষেপ হিচাপে গণ্য কৰক আৰু আগবাঢ়ি যাওঁক। নিশ্চয় আপুনি সফলতা লাভ কৰিব।"
 
ছাইমা খানে আৱাজ-দ্য ভইচ'ক জনোৱা মতে, UPSC-ৰ ফলাফল ঘোষণা কৰাৰ সময়ত তেওঁ বাৰে বাৰে নিজৰ নাম আৰু ৰোল নম্বৰ পৰীক্ষা কৰি ১৬৫ নম্বৰ স্থান লাভ কৰিছে নে নাই সেয়া নিশ্চিত কৰিছিল। এই সফলতাৰ পিছত ছাইমা খানৰ লগতে তেওঁৰ পৰিয়ালো অতিকৈ সুখী অনুভৱ কৰিছে। 
 
ছাইমা খানক সম্বৰ্ধনা জনাইছে
 
প্ৰাৰম্ভিক প্ৰস্তুতিৰ সন্দৰ্ভত ছাইমা খানে কয়, "প্ৰত্যেকৰে নিজস্ব পৰিকল্পনা থাকে, নিজৰ নিজৰ কৌশল থাকে। মোৰ পৰিকল্পনা আছিল যে মই পঢ়ি ভাল পাওঁ। গতিকে যিমান পাৰো কিতাপ পঢ়িলোঁ। মই ৰিভিজন কৰিলোঁ, মক টেষ্টসমূহ ভালদৰে দিছিলোঁ। এই পৰীক্ষাত সফলতাৰ বাবে আপুনি আপোনাৰ অধ্যয়নৰ সম্পদ সীমিত কৰি ৰখাটো অতি প্ৰয়োজনীয়।"
 
ছাইমা খানে আৱাজ-দ্য ভইচ'ক কয়, "মোৰ বিষয় আছিল সমাজবিজ্ঞান, তাত মোৰ স্নাতক আছিল, মোৰ ঐচ্ছিক বিষয়ো আছে। এই বিশেষ বিষয়টোৱে মোক প্ৰতিষ্ঠিত ভাৰতীয় লোকসেৱা  পৰীক্ষাত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিলে।" 
 
ছাইমাই ২০১৭ চনত কলকাতাৰ ছেইণ্ট. জেভিয়াৰ কলেজৰ পৰা সমাজ বিজ্ঞানত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেওঁ কয় যে কোচিং নোহোৱাকৈ ২ বাৰ চেষ্টা কৰাৰ পিছত তেওঁ উপলব্ধি কৰিলে যে কোচিং অবিহনে এই পৰীক্ষাটো উত্তীৰ্ণ হোৱাটো কঠিন। ছাইমা খানে কলকাতাৰ এডুক্ৰাট আই এ এছৰ পৰা প্ৰশিক্ষণ লৈছিল। ছাইমাই তেওঁৰ শিক্ষাগুৰু সকলক কৃতজ্ঞতা জ্ঞাপন কৰিছে, কাৰণ তেওঁলোকে ছাইমাক অধ্যয়নৰ ক্ষেত্ৰত যথেষ্ট সহযোগ কৰিছিল।
স্নাতক ডিগ্ৰী লাভ কৰাৰ সময়ত তেওঁ সমাজবিজ্ঞান অনাৰ্ছ ডিগ্ৰী লয় আৰু তেতিয়াই তেওঁ জনসেৱাৰ বাবে কিবা এটা কৰাৰ ইচ্ছা প্ৰকাশ কৰে। "মই এটা এন জি অ’ৰ সৈতে জড়িত আছিলো। তৃণমূল পৰ্যায়ৰ মানুহৰ সৈতে মত বিনিময় কৰি থাকোঁতে মই উপলব্ধি কৰিলোঁ যে মই তেওঁলোকৰ বাবে কিবা এটা কৰিব বিচাৰো, গতিকে মই আৰু আগুৱাই যাব লাগিব। এনে কাম কৰিবলৈ মোক কিছু প্ৰতিষ্ঠানিক কৰ্তৃত্বৰ প্ৰয়োজন আছিল আৰু ততাৰপিছত মই ইউ পি এছ চি পৰীক্ষাত বহাৰ সিদ্ধান্ত লৈছিলো", ছাইমাই কয়। 
 
পঢ়াৰ সময় স্মৰণ কৰি ছাইমা খানে কয়, "মই আগতে ঘড়ীটো নোচোৱাকৈয়ে পঢ়া-শুনা কৰিছিলোঁ। এইদৰেই মাহৰ পিছত মাহ ধৰি পঢ়া-শুনা কৰি আছিলোঁ, মোৰ সামাজিক জীৱনত উপলদ্ধি কিছু পৰিমানে কমি গ'ল। পঢ়াৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰিছিলোঁ কিন্তু অতি সীমিতভাৱে। সামাজিক মাধ্যম ব্যৱহাৰ কৰি মই নোটছসমূহ প্ৰস্তুত কৰিছিলোঁ।"
 
ফলাফল পৰ্যন্ত যাত্ৰাৰ কথা উল্লেখ কৰি ছাইমাই কয় যে প্ৰস্তুতিৰ সময়ত কেনেকৈ ছ’চিয়েল মিডিয়া বা আনকি ছ’চিয়েল জীৱনকো প্ৰতিহত কৰিছিল। “চাৰি-পাঁচ বছৰলৈকে মই আত্মীয়ৰ ঠাইলৈ ওলাই নাযাওঁ, আনকি বিয়াতো যোৱা নাছিলোঁ। প্ৰতিদিনে মোৰ পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাছিল যদিও যিমান পাৰো সময় পঢ়া-শুনাত খৰচ কৰিছিলোঁ।"
 
সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি তেওঁ কয়; “বিফলতা আছিল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। তিনিটা চেষ্টাত বিফল হোৱাৰ পিছত প্ৰায় প্ৰতিদিনে হাৰ মানিবলৈ মন গৈছিল যদিও মোৰ কেৰিয়াৰৰ বাবে কোনো অন্য বিকল্প নাছিল। মোৰ সকলো সপোন ইউ পি এছ চিতে আছিল আৰু মই জানিছিলোঁ যে যদি কিবা হ’ব লগা আছে, তেন্তে ইয়াতেই হ’ব।
 
ছাইমা খান
 
ইউ পি এছ চিৰ আকাংক্ষীসকলক পৰামৰ্শ দিওঁতে তেওঁ কয়; "নিজৰ ক্ষেত্ৰত সৎ হওঁক। যদি আপুনি পাঁচ ঘণ্টা পঢ়া-শুনা কৰি আছে তেন্তে কেৱল পৰিমাণগত সময় নহয়, পঢ়া-শুনাত মানসম্পন্ন সময় লগাওঁক। সামঞ্জস্যপূৰ্ণ হওক আৰু ফলাফলৰ বিষয়ে বেছি চিন্তা নকৰাকৈ নিজৰ প্ৰস্তুতিত মনোনিৱেশ কৰক।"
 
ছাইমা খানে কয় যে "মোৰ পঢ়া-শুনা কেৱল মোৰ লেপটপ আৰু মোৰ টেবলেটতহে হৈছে। কিন্তু মোৰ মূল গুৰুত্ব আছিল কেৱল কিতাপ পঢ়াত। কিন্তু ডিজিটেল মাধ্যম মোৰ বাবে বিতং তথ্য আৰু উৎসৰ বাবে অতি সহায়ক হৈছে।" মনত ৰাখিব যে আমি আমাৰ পথ আৰু আমাৰ উদ্দেশ্যৰ পৰা কেতিয়াও বিচ্ছিন্ন হ'ব নালাগে। গতিকে এজন ছাত্ৰ হিচাপে আমি কেৱল অধ্যয়নৰ সৈতে জড়িত বিষয়বস্তুহে চাব লাগে আৰু আন কথাবোৰ আঁতৰাই ৰাখিব লাগে কাৰণ তাৰ বাবে আমাৰ হাতত গোটেই জীৱন বাকী আছে।"
 
অৱশেষত ছাইমা খানে কয় যে তেওঁ ১ মাহৰ ভিতৰত নিযুক্তি পত্ৰ পোৱাৰ আশা কৰিছে। দিলদাৰনগৰ থানা এলেকাৰ উছিয়ান গাঁৱৰ নিবাসী ছাইমা খানে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ এক বৃহৎ সফলতা অৰ্জন কৰিছে। পশ্চিম বংগৰ কলকাতাত বাস কৰা বিশিষ্ট উদ্যোগী আৰু গাজীপুৰৰ সেৱৰাইন তহচিল অঞ্চলৰ উছিয়া (দক্ষিণ মহল্লা)ৰ বাসিন্দা ছেৰাজ আহমেদ খানৰ কন্যা ছাইমা খান।