স্বামীৰ অত্যাচাৰত ঘৰ এৰি অহা ফাতেমাই বেকাৰী ব্যৱসায়েৰে প্ৰতি মাহে উপাৰ্জন কৰিছে ১০ লাখ টকা

Story by  atv | Posted by  [email protected] • 11 d ago
স্বামীৰ অত্যাচাৰত ঘৰ এৰি অহা ফাতেমাই বেকাৰী ব্যৱসায়েৰে প্ৰতি মাহে উপাৰ্জন কৰিছে ১০ লাখ টকা
স্বামীৰ অত্যাচাৰত ঘৰ এৰি অহা ফাতেমাই বেকাৰী ব্যৱসায়েৰে প্ৰতি মাহে উপাৰ্জন কৰিছে ১০ লাখ টকা
 
কলকাতা

ক'ভিড লকডাউন ঘোষণা কৰাৰ সময়ত ফাতেমা বৰোদাৱালা চাৰি মাহৰ গৰ্ভৱতী আছিল। মহামাৰীৰ জটিল সময়ছোৱা তেওঁৰ বাবে অধিক কঠিন হৈ পৰিছিল। কিয়নো, স্বামীৰ গালি-গালাজ লাহে লাহে বৃদ্ধি হ'বলৈ ধৰিছিল আৰু স্বামীয়ে সকলোৰে লগত তেওঁৰ যোগাযোগ কৰ্তন কৰি দিছিল। 
 
“গোটেই পৃথিৱীখনে নিজকে ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল, কিন্তু মই মুক্ত হ’ব বিচাৰিছিলো। কাৰণ, ঘৰৰ ভিতৰত থকা মানুহজন বাহিৰৰ বিশ্বব্যাপী মহামাৰীতকৈও অধিক বিপদজনক বুলি প্ৰমাণিত হৈছিল। ঘৰুৱা হিংসাই মোৰ গৰ্ভস্থ সন্তানৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিবলৈ আৰম্ভ কৰিছিল।’- ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ফাতেমাই।
 
প্ৰচণ্ড সাহস আৰু উপস্থিত বুদ্ধি প্ৰদৰ্শন কৰি তেওঁ ৰাষ্ট্ৰীয় মহিলা আয়োগলৈ লিখিছিল, চিকিৎসকৰ পৰা ‘ভ্ৰমণ কৰিবলৈ নিৰাপদ’ পত্ৰ বিচাৰিছিল আৰু ভ্ৰমণ পাছৰ বাবে আবেদন কৰিছিল। সেই সময়ত তেওঁ এজন চালক বিচাৰি পালে, যিয়ে ফাতেমাৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন বিপন্ন কৰিবলৈ ইচ্ছুক আছিল। কলকাতাৰ পিতৃ-মাতৃ, স্ত্ৰীৰোগ বিশেষজ্ঞ আৰু স্থানীয় প্ৰশাসনৰ সহায়ত তেওঁ আৱেগিক আৰু শাৰীৰিকভাৱে নিৰ্যাতিত বিবাহ বন্ধনৰ পৰা পলায়ন কৰি পিতৃ-মাতৃৰ ঘৰত আশ্ৰয় লয়।
 
ইয়াৰ পিছত তেওঁ জীৱনটোক ইতিবাচকভাৱে লৈ কলকাতাত মাক দুৰিয়াৰ সৈতে কেকেলিচিয়াছ নামৰ এক বেকাৰী ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। ২০২০ চনত নতুন মাতৃ হিচাপে ‘কেক ইন টাব’ পৰিবেশন কৰা ক্লাউড কিচেন হিচাপে আৰম্ভ হোৱা এইখন পূৰ্ণাংগ বেকাৰী আৰু কেফেলৈ পৰিণত হোৱা প্ৰতিষ্ঠানটোৰ পৰা ফাতেমাই এতিয়া প্ৰতিমাহে ১০ লাখ টকা উপাৰ্জন কৰে। আনকি শ্বাৰ্ক টেংক ছিজন ২ত ২০ শতাংশ ইকুইটিৰ বাবে তেওঁ অমিত জৈনৰ পৰা ২৫ লাখ টকাৰ ফাণ্ডিং লাভ কৰে।
 
তেওঁৰ মূল মন্ত্ৰটো হৈছে, “জীৱনৰ কাহিনী পুনৰ লিখিব পৰাকৈ আপোনাৰ শক্তি আৰু সামৰ্থ্য আছে। জীৱনত কেতিয়াও নিজকে হাৰ মানিবলৈ নিদিব।”