‘বিজেপিৰ ষড়যন্ত্ৰৰ মুখ’ অভিযোগক লৈ আপক বনাম স্বাতী মালিৱাল পৰিস্থিতি

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
কাজৰিৱালৰ বাসগৃহত স্বাতী মালিৱাল শুক্ৰবাৰে
কাজৰিৱালৰ বাসগৃহত স্বাতী মালিৱাল শুক্ৰবাৰে
নতুন দিল্লী

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ‘ভাৰতীয় জনতা পাৰ্টিৰ ষড়যন্ত্ৰ’ৰ মুখ বুলি অভিযোগ উত্থাপন কৰাৰ পিছত শুকুৰবাৰে আম আদমি পাৰ্টিৰ সাংসদ স্বাতী মালিৱালে নিজৰ দলটোৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

"কালি দলত যোগদান কৰা নেতাসকলে ২০ বছৰ ধৰি সক্ৰিয় হৈ থকা এগৰাকী দলীয় কৰ্মীক বিজেপিৰ এজেণ্ট বুলি অভিহিত কৰে। দুদিন পূৰ্বে সংবাদমেলত দলটোৱে সত্যক মানি লৈছিল আৰু এতিয়া বিপৰীত কথা কয়।" - সামাজিক মাধ্যম এক্সত এইদৰে পোষ্ট কৰে মালিৱালে।

"এই গুণ্ডাটোৱে দলটোক ভাবুকি দিছে, গ্ৰেপ্তাৰ হ’লে গোপনীয়তা উদঙাই দিম বুলি কৈছে। সম্পূৰ্ণ সুৰক্ষাত ঘূৰি ফুৰিছে তেওঁ। তেওঁৰ হেঁচাত দলটোৱে পৰাজয় মানি ল’লে। এটা গুণ্ডাক বচাবলৈ দলটোৱে মোৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিলে। এই দেশৰ মহিলাসকলৰ বাবে মই অকলে যুঁজি আহিছো, আৰু যুঁজি যাম। আপুনালোকে মোৰ চৰিত্ৰক হত্যা কৰিব পাৰে, সত্য অৱশেষত ওলাই আহিব।" - মালিৱালে লগতে কয়।

দিল্লীৰ প্ৰাক্তন মহিলা আয়োগৰ মুৰব্বীগৰাকীক আপে দিল্লীৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিজেপিৰ ষড়যন্ত্ৰৰ ‘মুখ’ বুলি অভিহিত কৰাৰ পিছতে মালিৱালৰ এই খণ্ডন।

"যেতিয়া অৰবিন্দ কেজৰিৱালে জামিন পাইছিল, তেতিয়াৰ পৰাই বিজেপি বিপদাপন্ন হৈ পৰিছে। ইয়াৰ বাবেই বিজেপিয়ে এক ষড়যন্ত্ৰ ৰচনা কৰিলে, যাৰ অধীনত ১৩ মে'ৰ পুৱা স্বাতী মালিৱালক অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ পঠোৱা হৈছিল। ইয়াৰ মুখ আছিল স্বাতী মালিৱাল। ষড়যন্ত্ৰমূলকভাৱে তেওঁ সাক্ষাৎকাৰৰ অনুমতি অবিহনে তালৈ গৈছিল। তেওঁলোকে মুখ্যমন্ত্ৰীক অভিযুক্ত কৰিব বিচাৰিছিল কিন্তু সেই সময়ত মুখ্যমন্ত্ৰী তাত নাছিল আৰু তেওঁ ৰক্ষা পৰিল," আতিশীয়ে এখন সংবাদমেলত কয়। 

শুকুৰবাৰে ভাইৰেল হোৱা ভিডিঅ’টোত মালিৱালে কেজৰিৱালৰ বাসগৃহত কৰ্মচাৰীৰ সৈতে তৰ্ক-বিতৰ্ক কৰি থকা দৃশ্যটোত আতিশীয়ে কয় যে ফুটেজৰ পৰা মালিৱালে উত্থাপন কৰা অভিযোগ মিছা বুলি প্ৰকাশ পাইছে আৰু বাসগৃহত আৰক্ষী বিষয়াক ভাবুকি দিয়া দেখা যায়।

"তাৰ পিছত স্বাতী মালিৱালে বিভৱ কুমাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। আৰক্ষীক দিয়া এজাহাৰত তেওঁ কয় যে তেওঁক আক্ৰমণ কৰা হৈছে। আজি যি ভিডিঅ' ওলাইছে তাত দেখা গৈছে যে তেওঁ ড্ৰয়িং ৰুমত (চিএম হাউচৰ) আৰামত বহি আৰক্ষী বিষয়াসকলক ভাবুকি দিছে। ভিডিঅ’টোত বিভৱ কুমাৰক ভাবুকি দিয়া আৰু গালি-গালাজৰ ব্যৱহাৰ কৰা দেখা গৈছে। ভিডিঅ'টোত তেওঁৰ কাপোৰ ফাটা নাছিল বা তেওঁৰ মূৰত কোনো আঘাত দেখা পোৱা নাযায়," মন্ত্ৰীগৰাকীয়ে লগতে কয়।