কানহাইয়া কুমাৰক আক্ৰমণ; দিল্লীত দুৰ্ব্যৱহাৰৰ অভিযোগ আপৰ কাউন্সিলাৰৰ

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
কানহাইয়া কুমাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত
কানহাইয়া কুমাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত
নতুন দিল্লী

উত্তৰ-পূব দিল্লীৰ কংগ্ৰেছৰ লোকসভাৰ প্ৰাৰ্থী কানহাইয়া কুমাৰক শুকুৰবাৰে নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময়ত আক্ৰমণৰ বলি হয়। মালা পিন্ধোৱাৰ অজুহাতত তেওঁৰ কাষ চাপি অহা দুজনমানে তেওঁক প্ৰহাৰ কৰে।

আম আদমী পাৰ্টিৰ মহিলা কাউন্সিলাৰ ছয়া গৌৰৱ শৰ্মাৰ সৈতেও দুষ্কৃতিকাৰীয়ে অপব্যৱহাৰ কৰে। কাৰতাৰ নগৰৰ আপৰ কাৰ্যালয়ৰ সমীপত সংঘটিত এই ঘটনাৰ বিষয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে শৰ্মাই।

শৰ্মাই তেওঁৰ এজাহাৰত অভিযোগ কৰে যে তেওঁৰ চাদৰখন কাঢ়ি লৈ যোৱা হৈছে, আৰু তেওঁৰ স্বামীক কাষলৈ লৈ গৈ ভাবুকি দিয়া হৈছিল। অভিযোগত কোৱা হৈছে যে ভিৰৰ ওপৰত ক’লা চিয়াঁহী নিক্ষেপ কৰা হয়, আৰু মহিলাকে ধৰি ৩-৪ গৰাকী লোক আহত হয়।

আৰক্ষীৰ মতে, কাউন্সিলাৰ ছয়া শৰ্মাৰ সৈতে বৈঠকত মিলিত হৈ কুমাৰে কাৰতাৰ নগৰস্থিত আপৰ কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়তে এই আক্ৰমণ সংঘটিত হয়।

“সভাৰ পিছত যেতিয়া ছয়া শৰ্মা কানহাইয়া কুমাৰক বিদায় দিবলৈ নামি আহিছিল, তেতিয়া কিছুমান ব্যক্তি আহি কানহাইয়া কুমাৰক মালা পিন্ধিছিল। মালা পিন্ধোৱাৰ পিছত একাংশ ব্যক্তিয়ে কানহাইয়া কুমাৰৰ ওপৰত চিয়াঁহী নিক্ষেপ কৰি আক্ৰমণৰ চেষ্টা চলায়। ছয়া শৰ্মাই যেতিয়া হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁলোকে বেয়া আচৰণ কৰিছিল আৰু তেওঁক ভাবুকি দিছিল।" - উত্তৰ-পূবৰ উপ-আৰক্ষী উপায়ুক্তই এইদৰে কয়।

এই কাণ্ডৰ পিছতে আক্ৰমণকাৰীৰ বুলি কোৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে, য’ত দুজন লোকে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

ভিডিঅ’টোত থকা লোকেসকলে কোৱা শুনা যায় যে কানহাইয়া কুমাৰে দেশ বিভাজনৰ কথা কয়, ভাৰতীয় সেনাৰ বিৰুদ্ধে কথা কয়, আৰু আজি আমি তেওঁৰ ‘চিকিৎসা’ কৰিছো।

ভিডিঅ’টোত এজন ব্যক্তিয়ে দৃঢ়তাৰে কয় যে, "কিন্তু দেশখন বিভাজনৰ কথা কোৱাসকলক আমি দিল্লীত প্ৰৱেশ কৰিবলৈ নিদিওঁ। কিন্তু এই ফুটেজৰ সত্যাসত্য স্বতন্ত্ৰভাৱে নিৰূপণ কৰিব পৰা হুৱা নাই।

উত্তৰ-পূব দিল্লীত বিজেপিৰ মনোজ তিৱাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে INDIA ব্লকৰ প্ৰাৰ্থী কানহাইয়া কুমাৰে।