কংগ্ৰেছে মুছলমানৰ ভোট বিচাৰে, কিন্তু মুছলমান প্ৰাৰ্থী কিয় নিদিয়ে; বৰ্ষীয়ান কংগ্ৰেছ নেতা মহম্মদ আৰিফ নাছীম খানৰ অসন্তুষ্টি

Story by  atv | Posted by  [email protected] • 12 d ago
মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে মহম্মদ আৰিফ নাছীম খানে
মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে মহম্মদ আৰিফ নাছীম খানে
 
নতুন দিল্লী

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ নেতা মহম্মদ আৰিফ নাছীম খানে ৰাজ্যখনৰ কোনো মুছলমান নেতাক লোকসভা নিৰ্বাচনৰ বাবে মনোনীত নকৰাত অসন্তুষ্টি প্ৰকাশ কৰি দলৰ প্ৰচাৰ সমিতিৰ পৰা পদত্যাগ কৰিছে। বিৰোধী মহা বিকাশ আঘাদী (এমভিএ) ব্লকে মুছলমান প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে তেওঁ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশ নলয় বুলি দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেলৈ নাছীম খানে পত্ৰ লিখিছে।
 
প্ৰাক্তন ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লিখিছে যে মহাৰাষ্ট্ৰৰ মুঠ ৪৮খন লোকসভা আসনৰ ভিতৰত এমভিএই মহাৰাষ্ট্ৰত এজনো মুছলমান প্ৰাৰ্থীক মনোনীত কৰা নাই। সমগ্ৰ মহাৰাষ্ট্ৰৰ বহু মুছলমান সংগঠন, নেতা আৰু লগতে দলীয় কৰ্মীয়ে আশা কৰিছিল যে কংগ্ৰেছে সংখ্যালঘু সম্প্ৰদায়ৰ পৰা অন্ততঃ এজন প্ৰাৰ্থীক মনোনীত কৰিব, কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে হোৱা নাই বুলি তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।
 
৬০ বছৰীয়া ৰাজনীতিবিদগৰাকীয়ে কয় যে দলৰ নেতা-কৰ্মীসকলয়ে এতিয়া তেওঁক সুধিছে, “কংগ্ৰেছ কো মুছলমান ভোট চাহিয়ে, প্ৰাৰ্থী কিউ নহি (কংগ্ৰেছে মুছলমান ভোট বিচাৰে, কিন্তু প্ৰাৰ্থী কিয় নিদিয়ে।” পত্ৰখনত নাছীম খানে লিখিছে যে এই সকলোবোৰ কাৰণৰ বাবে মই দলীয় নেতা-কৰ্মীৰ সন্মুখীন হ’ব নোৱাৰিম আৰু মুছলমানসকলৰ বাবে মোৰ হাতত কোনো উত্তৰ নাই।
কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে তেওঁ মহাৰাষ্ট্ৰ কংগ্ৰেছ প্ৰচাৰ সমিতিৰ পৰাও পদত্যাগ কৰিছে। মনকৰিবলগীয়া যে, কংগ্ৰেছে শিৱসেনা (ইউ বি টি) আৰু এন চি পি (শাৰদ পাৱাৰ)ৰ সৈতে মিত্ৰতা কৰি মহাৰাষ্ট্ৰৰ ৪৮খন লোকসভা আসনৰ ভিতৰত ১৭খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেওঁলোকৰ মিত্ৰজোটৰ নাম হৈছে 'বিৰোধী দল মহা বিকাশ আঘাদী (এম ভি এ)'।
 
উল্লেখ্য যে, মুম্বাই নৰ্থ চেণ্ট্ৰেল সমষ্টিৰ পৰা টিকটৰ দৌৰত নামিছিল মহম্মদ আৰিফ খান, কিন্তু দলটোৱে সমষ্টিটোটোৰ বাবে চিটি ইউনিটৰ সভানেত্ৰী বছৰা গাইকোৱাডক বাছি লয়। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ মুম্বাইৰ চণ্ডীৱলীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, য’ত তেওঁ ৪০৯টা ভোটত পৰাস্ত হৈছিল।
 
পিটিআইৰ সৈতে হোৱা কথা-বতৰাত নাছীম খানে কয় যে কংগ্ৰেছে নিজৰ দীৰ্ঘদিনীয়া সমন্বয়মুখী মতাদৰ্শৰ পৰা বিচ্যুত হোৱা যেন লাগে। মহাৰাষ্ট্ৰত নিৰ্বাচনৰ টিকট ভাগ-বতৰা কৰাত কংগ্ৰেছে কিয় মুছলমান প্ৰাৰ্থীক আওকাণ কৰিলে বুলি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। 
 
দলৰ এই সিদ্ধান্তত ক্ষুব্ধ নাছীৰ খানে কয়, "মই এই প্ৰশ্নৰ উত্তৰ দিব পৰা নাই যে কিয় সংখ্যালঘু গোটৰ প্ৰতি অন্যায় কৰা হৈছে। দলটোৱে নিজৰ সৰ্বাংগীন মতাদৰ্শ আৰু সকলো সম্প্ৰদায়ক প্ৰতিনিধিত্ব দিয়াৰ আদৰ্শ পাহৰি গৈছে।