আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰে নিয়ন্ত্ৰণ কৰা হব ৰক্তহীনতা

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্রী সর্বানন্দ সোনোৱালৰ লগতে কেন্দ্রীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী স্মৃতি ইৰাণীৰ উপস্থিতিত সোমবাৰে দুয়োটা মন্ত্রালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। অসমৰ ধুবুৰীকে ধৰি ভাৰতৰ পাঁচখন জিলাৰ কিশোৰীসকলৰ মাজত আয়ুর্বেদিক চিকিৎসা পদ্ধতিৰে ৰক্তহীনতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক যুটীয়া জনস্বাস্থ্য প্রচেষ্টাৰ বাবে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে। 
 
'মিছন উৎকর্ষীৰ অধীনত আয়ুস মন্ত্র্যালয় আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰ্যালয়ৰ মাজত এই চুক্তি স্বাক্ষৰ হয়। ইয়াৰ অধীনত সামৰি লোৱা আন চাৰিখন জিলা হৈছে ছত্তীশগড়ৰ বস্তাৰ, ঝাৰখণ্ডৰ পশ্চিম সিংভূমা, মহাৰাষ্ট্ৰৰ গড়চিৰোলী আৰু ৰাজস্থানৰ ধৌলপুৰ। এই জিলাবোৰক সমগ্র দেশৰ দুৰ্বল প্রদর্শন কৰা জিলা হিচাপে চিনাক্ত কৰা হৈছিল, য'ত ৰক্তহীনতাৰ গড় প্রচলন প্রায় ৬৯.৫%। 
 
পুষ্টিহীনতা সূচকৰ আধাৰত বিশেষকৈ ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ-৫ৰ আধাৰত প্ৰজনন বয়স গোটৰ মহিলাসকলৰ পুষ্টিগত ৰক্তহীনতাৰ হাৰ নিৰূপণ কৰা হৈছে। এই সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে চৰকাৰে বিশেষকৈ মহিলা আৰু শিশুসকলৰ পুষ্টিৰ ফলাফল উন্নত কৰাৰ লক্ষ্য লৈছে। এই প্রকল্পটোৱে পাঁচখন জিলাৰ প্ৰায় ১০,০০০ অংগনবাড়ী কেন্দ্রক সামৰি ল'ব। 
 
অনুষ্ঠানত ভাষণ প্রদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে কয়- 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰা 'মিছন উৎকর্ষ' হৈছে দুর্বল প্রদর্শনকাৰী জিলাসমূহৰ পৰা স্বাস্থ্যৰ ক্ষেত্ৰত মুখ্য প্রদর্শনসূচক (কে পি আই) পূৰণ কৰাটো নিশ্চিত কৰাৰ বাবে এক গুৰুত্বপূর্ণ পদক্ষেপ। এই যুটীয়া সহযোগিতামূলক পদক্ষেপৰ জৰিয়তে আমাৰ চৰকাৰে চিনাক্ত কৰা জিলাসমূহত কিশোৰীসকলৰ ৰক্তহীনতাৰ বিপদ সমাধান কৰাৰ লক্ষ্য লৈছে। এই প্রকল্পৰ উদ্দেশ্য হৈছে ৰক্তহীনতাত ভোগা কিশোৰীসকলৰ সুস্বাস্থ্য আৰু পুষ্টিগত প্রয়োজনীয়তা পূৰণ কৰাৰ বাবে প্ৰমাণ-আধাৰিত আয়ুর্বেদিক ঔষধ তথা চিকিৎসা প্ৰণালীৰ প্ৰয়োগ কৰা। পোষণ বাটিকা আৰু আয়ুৰ্বেদৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে ৰক্তহীনতাত ভোগা কিশোৰীসকলৰ বাবে পুষ্টিকৰ খাদ্য লাভ কৰাটো নিশ্চিত কৰিব আৰু স্বাস্থ্যকৰ জীৱনশৈলী বৃদ্ধি কৰাত গুৰুত্ব দিব।' 
 
মন্ত্ৰী সোনোৱালে লগতে কয়- 'প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰেৰণাদায়ক নেতৃত্বত আমাৰ চৰকাৰে দেশৰ জনসাধাৰণৰ বাবে স্বাস্থ্যৱান জীৱন যাপন আৰু উন্নত স্বাস্থ্যসেৱা সমাধানৰ দিশত কাম কৰি আছে। এখন সুস্থ-সবল ভাৰতৰ দৃষ্টিভংগী লাভ কৰাৰ লক্ষ্যৰে আমি আয়ুর্বেদিক ঔষধ তথা চিকিৎসা প্রণালীৰ জৰিয়তে ৰক্তহীনতাৰ দৰে স্বাস্থ্যৰ সমস্যা সমাধানতো গুৰুত্ব দিছো। সুস্থতাৰ এক বিশ্বব্যাপী আন্দোলনৰ নেতৃত্ব দি অহা আয়ুস এতিয়া সুস্বাস্থ্য আৰু সুস্থ মনৰ অমৃত হৈ পৰিছে।'