স্বাস্থ্য আৰু আধ্যাত্মিক লাভালাভৰ অভিজ্ঞতা বুটলিবলৈ ৰমজানত ৰোজা ৰাখিছে বিহাৰৰ ডাঃ ক্ৰান্তি চন্দন জয়কাৰে

Story by  atv | Posted by  Munni Begum • 1 Months ago
ৰ ডাঃ ক্ৰান্তি চন্দন জয়কাৰ
ৰ ডাঃ ক্ৰান্তি চন্দন জয়কাৰ
 
মাহফুজ আলম / পাটনা
 
“বিশ্ববাসীয়ে ভাৰতক এক অন্য দৃষ্টিৰে চায়, কাৰণ ইয়াত সকলো ধৰ্ম আৰু মতাদৰ্শৰ লোকে কেৱল একেলগে বাস কৰাই নহয়, ইজনে সিজনৰ মূল্যবোধক বুজি পায় আৰু সন্মান কৰে। তেওঁলোকে ইজনে সিজনৰ উৎসৱত অংশগ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰে”। ডাঃ ক্ৰান্তি নামেৰে পৰিচিত পাটনাৰ এজন সুপৰিচিত চিকিৎসক ডাঃ ক্ৰান্তি চন্দন জয়কাৰে 'আৱাজ-দ্য ভইচ'ক এইদৰে কয়।
 
মুছলমান ভাইসকলক সম্ভাষণ জনাই ড০ ক্ৰান্তিয়ে কয় যে বহু অপেক্ষাৰ অন্তত পবিত্ৰ ৰমজান মাহ আহিছে। এই মাহত পাটনা চহৰখনৰ ৰূপ সলনি হোৱা দেখা যায়। তেওঁ কয়, "মানুহ আধ্যাত্মিকতাৰ প্ৰতি অত্যন্ত প্ৰৱল; তেওঁলোকে ইজনে সিজনৰ যত্ন লয় আৰু উদাৰতা তথা অনুশাসিত জীৱন যাপনৰ কথা চিন্তা কৰে। এই সকলোবোৰ অনন্য; ইয়াক কেৱল অনুভৱহে কৰিব পাৰি।"
 
ডাঃ ক্ৰান্তিয়ে কয় যে ৰমজানৰ সময়ত ভাৰতীয়ৰ জন্মগত স্বভাৱ হৈছে প্ৰতিজন ব্যক্তি আৰু প্ৰতিটো ধৰ্মক সন্মান দিয়া হয়। আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে এই মাহটো মানুহে দিনত উপবাসে থাকে আৰু নিশা প্ৰাৰ্থনা কৰে।
 
ড° ক্ৰান্তি চন্দন জয়কাৰে আল্লাহৰ ওচৰত দোৱা কৰা এক মূহুৰ্ত
 
তেওঁৰ মতে, সকলো ধৰ্মই শান্তি আৰু প্ৰেমৰ বাৰ্তা দিয়ে আৰু ধৰ্মই ঈশ্বৰৰ ওচৰ চাপিবলৈ পথৰ সন্ধান দিয়ে। প্ৰতিজন ব্যক্তিয়ে পবিত্ৰ ৰমজান মাহৰ মহত্ত্বৰ শলাগ লোৱা উচিত। ডাঃ ক্ৰান্তিচন্দন জয়কাৰৰ মতে চিকিৎসক হিচাপে তেওঁ সমাজ, ধৰ্ম, সংস্কৃতি আদিৰ কথা বুজিব লাগিব, যাৰ অবিহনে তেওঁ আৰু আন চিকিৎসকে ৰোগৰ শিপা নিৰ্মূল কৰিব নোৱাৰে।
 
তেওঁ কয় যে মানুহ আৰু সম্প্ৰদায়ৰ বিষয়ে বুজিবলৈয়ে তেওঁ ৰমজান, ঈদ-উল-ফিতৰ, আৰু ঈদ-উল-আজহাৰৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈছে আৰু তাৰ পিছত তেওঁ ইয়াৰ উৎপত্তি আৰু গভীৰ অৰ্থ বিচাৰি উলিয়াবলৈ চেষ্টা কৰে। "গৱেষণা কৰি গম পালোঁ যে আমাৰ হিন্দু ধৰ্মৰ দৰেই ইছলামতো উপাবাসৰ নিয়ম আছে, তেওঁলোকে ইয়াক ৰমজান বুলি কয় আৰু ইয়াৰ এটা বৈজ্ঞানিক দিশ আছে। কাৰণ কোনোবাই যদি কমকৈ খায় আৰু অনুশাসিতভাৱে জীৱনটো কটায়, তেন্তে সাধাৰণ জীৱন যাপন কৰাসকলতকৈ তেওঁ নিশ্চয় বহুত বেছি উপকৃত হ'ব।”-ডাঃ ক্ৰান্তিচন্দন জয়কাৰে কয়। 
 
তেওঁ কয়, “মই ৰমজানৰ বিষয়ে গৱেষণা কৰিলোঁ আৰু তাৰ ফলাফল অতি সুন্দৰ আছিল। সেয়ে, পৰীক্ষা-নিৰীক্ষা কৰিবলৈ মই ৰোজা পালন কৰাৰ সিদ্ধান্ত লৈছো। ২০১৭ চনত ৰমজানৰ সময়ত মই এমাহজোৰা উপবাসৰ নিয়ম অনুসৰণ কৰিছিলো। এই এমাহে মোৰ জীৱন সলনি কৰি দিলে। মোৰ মনটোৱে আনন্দ আৰু সুখ অনুভৱ কৰিলে আৰু ই বৰ্ণনাতীত। একেদৰে, এমাহৰ উপবাসে মোৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলালে"।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ডাঃ ক্ৰান্তিয়ে কয় যে তেওঁ বহু বেমাৰত ভুগি আছিল যদিও ৰমজানৰ ৰোজা ৰখাৰ পিছত তেওঁ সুস্থ হৈ উঠিছিল। “মই ওজন কমালোঁ আৰু বিভিন্ন ৰোগৰ পৰা সকাহ পালোঁ।”-তেওঁ কয়। ডাঃ ক্ৰান্তিয়ে কয় যে এই অভিজ্ঞতাই তেওঁক ৰমজানক আৰু অধিক সন্মান কৰিবলৈ বাধ্য কৰাইছিল। 
 
ডাঃ ক্ৰান্তিয়ে কয় যে প্ৰতি বছৰে তেওঁ ৰমজানক ভক্তি আৰু শ্ৰদ্ধাৰে আদৰণি জনায়। এইবাৰ তেওঁ ৰমজানৰ গোটেই মাহটোত ৰোজা ৰাখিব পৰা নাই যদিও শুকুৰবাৰে উপবাসে থাকি স্বাস্থ্যৰ যতন লৈছে। ডাঃ ক্ৰান্তিয়ে ৰমজানৰ ধৰ্মীয় প্ৰয়োজনীয়তাৰ বিষয়েও অৱগত। তেওঁ জানে যে এই মাহটো ধৰ্মপৰায়ণতা লাভৰ বাবে পালন কৰা হৈছে। “ৰোজা ৰখাসকলে নেদেখাজনক সন্তুষ্ট কৰিবলৈ বিশেষ যত্ন লোৱা উচিত। গোটেই দিনটো খোৱা-বোৱাৰ পৰা বিৰত থকাটো এটা কঠোৰ অনুশাসনৰ কথা। এই অনুশাসনৰ অভ্যাস বাকী মাহবোৰতো থাকি যায়।”
 
ডাঃ ক্ৰান্তিৰ মতে এই পবিত্ৰ মাহত বিলাসীতা আৰু খাদ্যসম্ভাৰৰ মোহৰ পৰা বিৰত থাকি এজন ব্যক্তিয়ে আল্লাহৰ ওচৰলৈ যাব পাৰে। তেওঁ কয় যে যদি কোনোবাই বেছিকৈ খায়, তেন্তে সেই অপ্ৰয়োজনীয় খাদ্য তেওঁৰ শৰীৰত চৰ্বিৰ ৰূপত জমা হৈ ৰোগ, মেদবহুলতা, এলাৰ্জী, সংক্ৰমণ ইত্যাদিৰ সৃষ্টি কৰে। তেওঁ কয়, ‘বেছি পৰিমাণে খালে মানুহ অসুস্থ হৈ পৰে। সমস্যাটো হ’ল যেতিয়া সকলোৱে একে ভুল কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ভুলটো যেন এটা ট্ৰেণ্ড হৈ পৰে আৰু সেয়া ভুল নহয় যেন লাগে”।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ডাঃ ক্ৰান্তিয়ে উল্লেখ কৰে যে আমাৰ চিকিৎসা বিজ্ঞানত ৰোগীক খাদ্যৰ গুৰুত্ব বুজাই দিয়াটো চিকিৎসকৰ দায়িত্ব হ’ব লাগে, কিন্তু তেওঁলোকে সেয়া নকৰে। "মই অতি আত্মবিশ্বাসেৰে কৈছো যে ধৰ্মত এনে বহু উপায় আছে, যাৰ দ্বাৰা আমি মানৱ জাতিৰ বহু বেমাৰ নিৰ্মূল কৰিব পাৰো।"
 
আল্লাহে আমাক দিয়া অন্যতম ডাঙৰ উপহাৰ হৈছে ৰমজান। গতিকে আমি ইছলামিক কেলেণ্ডাৰৰ অষ্টম মাহ ৰমজানৰ প্ৰয়োজনীয়তাসমূহ পালন কৰিব লাগিব। শ্বাৱন মাহৰ শেষৰ দিনটোত জোন দেখাৰ লগে লগে ৰমজান মাহৰ আৰম্ভণি হয়। ডাঃ ক্ৰান্তিয়ে কয় যে ৰমজান মাহে ইয়াৰ অনুগামীসকলৰ মাজত তিনিটা আশীৰ্বাদ লৈ আহে। প্ৰথমটো হৈছে দয়া, দ্বিতীয়টো হৈছে নিজৰ পাপৰ ক্ষমা আৰু শেষৰটো মুক্তি। তেওঁ কয় যে অতিমাত্ৰা খাদ্য খোৱা আৰু ভুল খাদ্য খোৱাৰ বাবে ৰোগৰ বিৰুদ্ধে যুঁজ দিয়া সকলৰ বাবে ৰমজান মাহটো অতি উপকাৰী। এনে লোকে ৰমজানত ৰোজা ৰখা উচিত। 
 
ডাঃ ক্ৰান্তিৰ মতে, যদি কোনো ব্যক্তিয়ে এই মাহৰ নিয়ম-নীতি শুদ্ধকৈ পালন কৰে আৰু ইয়াক সঠিকভাৱে ৰূপায়ন কৰে, তেন্তে তেওঁৰ অত্যধিক আৰু ভুল খাদ্য খোৱাৰ কু-প্ৰভাৱ নাইকিয়া হয়। তেওঁ কয় যে উপবাসে শৰীৰ আৰু মনক বিশুদ্ধ কৰে। ডাঃ ক্ৰান্তিয়ে কয় যে মানুহে ধৰ্মপৰায়ণৰ লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল’ব লাগে। ৰমজানে মানুহক কম খাবলৈ কয়, কিন্তু এই মাহতো একাংশ লোকৰ বেছি খাদ্য খোৱাৰ প্ৰৱণতা থাকে। এই কাৰণেই মানুহে ৰমজান মাহৰ পৰা যিখিন সুফল পাব লাগে, সেইখিনি নাপায়"।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ডাঃ ক্ৰান্তিৰ মতে ইছলামে ইয়াৰ অনুগামীসকলক "কম খাবলৈ" কয়, কিন্তু কাৰ্যক্ষেত্ৰত এই কথা অনুসৰণ কৰা নহয়। "যদি কোনোবাই উপবাস কৰি দিনটোত ১৮০০ কেলৰি হ্ৰাস কৰিছে আৰু ২৮০০ কেলৰি খাদ্য গ্ৰহণ কৰিছে। তেনে পৰিস্থিতিত প্ৰতিদিনে তেওঁৰ শৰীৰত ১০০০ কেলৰি জমা হৈয়ে আছে।"
 
ইয়াৰ ফলত ব্যক্তিজনৰ কোনো লাভ নহ’ব, বৰঞ্চ ক্ষতিহে হ’ব। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হৃদৰোগ, বাতবিষ, হাঁপানী, কেন্সাৰ আদি ৰোগ হয়। বৰ্তমানৰ যুগত মানুহে খাদ্যক লৈ অতি সচেতন হোৱা উচিত, যিহতেু তেওঁৰ শাৰীৰিক কষ্ট কমকৈ হয় আৰু বেছিভাগ কাম যন্ত্ৰৰ জৰিয়তে হয়। 
 
কোৱা হয় যে ঔষধ খোৱাৰ দৰেই খাদ্য খাব লাগে, নহ’লে জীৱনৰ পৰৱৰ্তী পৰ্যায়ত খাদ্যতকৈ বেছি ঔষধ খাব লাগিব। মানুহ যিমানেই ধনী নহওক কিয়, তেওঁ কিন্তু এজন দুখীয়া মানুহৰ দৰেই খাদ্য খাব লাগে। দুখীয়াৰ দৰে খাদ্য খোৱাৰ আটাইতকৈ উত্তম ধৰ্মীয় উপায় হৈছে ৰমজান মাহ। কোনোবাই যদি ৰমজানক সঠিকভাৱে অনুসৰণ কৰে, তেন্তে তেওঁৰ কোনো ৰোগ নহয়, এই কথা বহু গৱেষণাত প্ৰকাশ পাইছে।
 
ইফটাৰ পাৰ্টী
 
তেওঁ কয় যে কেৱল ৰমজানৰ সময়তে নহয় সংযম ইছলামৰ এটা নীতি আৰু অহংকাৰক সৃষ্টিকৰ্তাই কেতিয়াও পছন্দ নকৰে। “মোৰ বিশ্বাস এই মাহত ধৰ্মপৰায়ণতা গ্ৰহণ কৰাৰ কাৰণসমূহ বিবেচনা কৰি অনাগত মাহতো ইয়াক অব্যাহত ৰাখিবলৈ চেষ্টা কৰা উচিত। মানুহৰ মন আৰু আত্মাৰ পৰা যেতিয়া অহংকাৰ আঁতৰি যাব, তেতিয়াই তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ জ্ঞান অনুভৱ কৰিব পাৰিব।”
 
তেওঁ কয় যে যিদিনা অহংকাৰৰ শূন্যতা উপলব্ধি কৰিব, সেইদিনা কোনো মানুহে কাকো ঘৃণা নকৰিব। “প্ৰতিটো ধৰ্মই ভাল কথা শিকায়, এইবোৰ ভাল কথা অনুসৰণ কৰা মানুহকহে প্ৰকৃত মানুহ বুলি কোৱা হয়। সকলো যুগতে এনেকুৱা মানুহ আহিছে যিয়ে ইজনে সিজনৰ লগত সংঘাতত লিপ্ত হয়। এইধৰণৰ মানুহ ইছলাম ধৰ্মতো আছে, হিন্দু ধৰ্মতো আছে। তেওঁলোকে সমাজক বিপথে পৰিচালিত কৰে। 
 
“ধৰ্ম আমাৰ জীৱন উন্নত কৰাৰ এক আহিলা আৰু নিশ্চিতভাৱে ইয়াক পালন কৰি এজন ভাল মানুহ হ'ব পাৰি। ৰমজান মাহত পাটনা চহৰত বিৰাজ কৰা ভাতৃত্ববোধ আৰু শান্তিৰ পৰিৱেশ অনুভৱ কৰিবলগীয়া এক পৰিঘটনা। দিনে-নিশাই ৰোজাদাৰসকলে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তাক স্মৰণ কৰি নিজৰ পাপৰ পৰা ক্ষমা বিচাৰে আৰু শান্তি আৰু নিৰাপত্তাৰ বাবে প্ৰাৰ্থনা কৰে।"-ডাঃ ক্ৰান্তিয়ে কয়। 
 
ৰমজানৰ মহত্ত্বটো হৈছে সকলো ধৰ্মৰ লোকে একেখন টেবুলতে বহি ইফটাৰ কৰিব পাৰে। এই সমন্বয়মুখী পৰম্পৰাই এখন সমৃদ্ধিশালী সমাজৰ নিশ্চয়তা প্ৰদান কৰে আৰু সদিচ্ছাৰ সৃষ্টি কৰে। ৰমজানৰ দ্বাৰা সকলোৱে যেন উপকৃত হয়।” ডাঃ ক্ৰান্তিয়ে কয়। যদিও ৰমজান মাহৰ আশীৰ্বাদ, গুণ, প্ৰাৰ্থনাৰ এক বিশেষ মহত্ব আছে, কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ৰমজানৰ উপযোগিতা অতুলনীয় বুলিও ডাঃ ক্ৰান্তিয়ে কয়।