কৰ্কট ৰোগৰ ঔষধ আৱিষ্কাৰ মুম্বাইৰ টাটা ইনষ্টিটিউটৰ; জুন-জুলাইত উপলব্ধ হ'ব এশটকীয়া টেবলেট

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
মুম্বাইৰ টাটা ইনষ্টিটিউটে কৰ্কটত পুনৰ আক্ৰান্ত প্ৰতিৰোধৰ ঔষধ উলিয়াবলৈ সক্ষম হৈছে। আৰ+ চি ইউ (R+Cu) টেবলেট নামৰ এইবিধ ঔষধে পেংক্রিয়াছ, হাওঁফাওঁ আৰু মুখমণ্ডলকে ধৰি বিভিন্ন কৰ্কট ৰোগ পুনৰ হোৱাত প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰা হৈছে। 
 
তদুপৰি এইবিধ ঔষধে ৰেডিয়েচন আৰু কেম'থেৰাপি পার্শ্বক্রিয়া প্রায় ৫০ শতাংশ হ্রাস কৰিবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰা হৈছে। উল্লেখ্য, টাটা মেম'ৰিয়েল হাস্পতালৰ জ্যেষ্ঠ চিকিৎসক ৰাজেন্দ্ৰ বাডৱে সদৰী কৰা অনুসৰি বিগত প্রায় এক দশকৰো অধিককাল চলোৱা ব্যাপক গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইবিধ টেবলেট উলিওৱা হৈছে। 
 
কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ (এফ এছ এছ এ আই)ৰ যাৱতীয় অনুমোদনৰ বাবে অপেক্ষা কৰি থকা হৈছে আৰু এই অনুমোদন লাভ কৰিলে অহা জুন-জুলাই মাহত ঔষধবিধ বজাৰত উপলব্ধ হ'ব বুলি প্রকাশ কৰা হৈছে। টেবলেটবিধৰ মূল্য এশ টকা নির্ধাৰণ কৰা হৈছে।