২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন

Story by  atv | Posted by  [email protected] • 16 h ago
২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন
২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন
 
নতুন দিল্লী
 
২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বাজেট অধিৱেশন ২০২৬ৰ বাবে উভয় সদন আহ্বান কৰাৰ বাবে অনুমোদন জনাইছে। শুকুৰবাৰে এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে৷ 
 
১৩ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ অধিৱেশনৰ অন্ত পৰিব, ৯ মাৰ্চত সংসদ পুনৰ একত্ৰিত হ’ব। এইবাৰৰ বাজেট অধিৱেশন ২ এপ্ৰিললৈকে চলিব।
ৰিজিজুৱে এক্স পোষ্টত কয়, ''ভাৰত চৰকাৰৰ পৰামৰ্শ মতে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ২০২৬ চনৰ বাজেট অধিবেশনৰ বাবে সংসদৰ উভয় সদনৰ আহ্বানত অনুমোদন জনাইছে। ২০২৬ চনৰ ২৮ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব এই অধিবেশন আৰু ২০২৬ চনৰ ২ এপ্ৰিললৈকে চলিব। ২০২৬ চনৰ ১৩ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব আৰু ৯ মাৰ্চত সংসদ পুনৰ একত্ৰিত হ’ব, যি অৰ্থপূৰ্ণ বিতৰ্ক আৰু জনকেন্দ্ৰিক প্ৰশাসনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।’’
 
বাজেট অধিৱেশনখনক সংসদৰ কেলেণ্ডাৰ বছৰৰ ভিতৰত প্ৰথমখন অধিৱেশন হিচাপে বিবেচনা কৰা হয় আৰু ইয়াৰ আৰম্ভণি দুয়োখন সদনৰ যৌথ বৈঠকত ৰাষ্ট্ৰপতিৰ ভাষণেৰে অনুষ্ঠিত হয়।
 
সাধাৰণতে সংসদৰ বাজেট অধিৱেশনক দুটা ভাগত ভাগ কৰা হয় আৰু মাজতে বিৰতি দিয়া হয় যাতে স্থায়ী সমিতিসমূহে বিভিন্ন মন্ত্ৰণালয়ৰ অনুদানৰ দাবীসমূহ পৰীক্ষা কৰিব পাৰে। সংসদৰ শীতকালীন অধিৱেশনৰ দৰেই বাজেট অধিৱেশনতো কেইবাখনো আইন প্ৰৱৰ্তন বা আলোচনাৰ বাবে লোৱাৰ সম্ভাৱনা আছে।