১০০ মিলিয়ন ফ'ল'ৱাৰ অতিক্ৰম কৰা বিশ্বৰ প্ৰথমগৰাকী নেতা হিচাপে পৰিগণিত হ'ল প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 2 h ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
 
নতুন দিল্লী
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰে ১০ কোটি অতিক্ৰম কৰিলে। তেওঁ এই মাইলৰ খুঁটিত উপনীত হোৱা বিশ্বৰ প্ৰথমজন নেতা হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৪ চনত ইনষ্টাগ্ৰামত যোগদান কৰিছিল।
 
প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা এইখিনিৰ পৰাই অনুমান কৰিব পাৰি যে তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত দুগুণতকৈও অধিক। তদুপৰি বিশ্বৰ আন শীৰ্ষ পাঁচগৰাকী নেতাৰ সংযুক্ত অনুগামীৰ সংখ্যাও প্ৰধানমন্ত্ৰী মোদীৰ তুলনাত কম।
 
উল্লেখযোগ্য যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ইনষ্টাগ্ৰামত ৪.৩ কোটি ফ’ল’ৱাৰ আছে। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৰ আছে ১.৫ কোটি ফ’ল’ৱাৰ। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভাৰ ফ’ল’ৱাৰ  ১ কোটি ৪০ লাখ। ইফালে তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰদোগানৰ ফ’ল’ৱাৰ ১ কোটি ১০ লাখ আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মেলেইৰ ফ’ল’ৱাৰ ৬৪ লাখ। স্পষ্টভাৱে এই নেতাসকলৰ ফ’ল’ৱাৰৰ মুঠ সংখ্যাও প্ৰধানমন্ত্ৰী মোদীৰ ফ’ল’ৱাৰতকৈ কম।
 
আনকি আন ভাৰতীয় নেতাৰ তুলনাতো প্ৰধানমন্ত্ৰী মোদী বহু আগবাঢ়ি আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ইনষ্টাগ্ৰামত ১ কোটি ৬০ লাখ ফ’ল’ৱাৰ আছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ইনষ্টাগ্ৰামত ১ কোটি ২০ লাখ লোকে অনুসৰণ কৰে।